--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ভাৰতীয় চিনেমাৰ এক গৌৰৱোজ্বল ইতিহাস আছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিশেষ গুৰুত্ব আছে ভাৰতীয় চিনেমাৰ। এই ভাৰতীয় চিনেমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যুগজয়ী যাত্ৰাক সোঁৱৰাবলৈ ১৬ ছেপ্টেম্বৰত  উদযাপন কৰা হ’ব ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস ৷এই দিশটো বিশেষ কৰি তুলিবলৈ  মাল্টিপ্লেক্স এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই (এমএআই) কেৱল ৭৫ টকাত চিনেমা হলৰ টিকট উপলব্ধ কৰাৰ সিদ্ধান্ত লৈছে।

 ৩ ছেপ্টেম্বৰত উদযাপন কৰিব লগীয়া  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱসত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছবিগৃহসমূহে ৩ ডলাৰ (প্ৰায় ২৩৯ টকা) কম মূল্যত চলচ্চিত্ৰৰ টিকট উপলব্ধ হ'ব বুলি ঘোষণা কৰাৰ পিছতে ভাৰততো এই পদক্ষেপ লোৱা হৈছে।

এম এ আইয়ে  শেহতীয়াকৈ  ১৬ ছেপ্টেম্বৰক ৰাষ্ট্ৰীয় চিনেমা দিৱস হিচাপে ঘোষণা কৰে৷ লগতে সেইদিনা  সকলো চিনেমাৰ টিকেট  ৭৫  টকাত উপলব্ধ হ'ব বুলিও কয়৷ এইসমূহ টিকেটৰ   মূল্য সাধাৰণতে ২০০-৩০০ টকাৰ ভিতৰত হয়। পিভিআৰ, আইএনঅ'এক্স, চিনেপলিছ, কাৰ্নিভাল, মিৰাজ আৰু চিটিপ্ৰাইড, এছিয়ান, মুক্তা এ2, মুভিটাইম, ৱেভ, এম2কে আদিতো চিনেমাৰ টিকেট  ৭৫  টকাত  বিক্ৰী কৰা হ’ব৷  আৰু মুখ্য শৃংখলাসহ মুঠ স্ক্ৰীণৰ সংখ্যা  হ’ব প্ৰায় ৪০০০।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱসে বয়স , জাতি-ধৰ্ম নিৰ্বিশেষে সকলো চিনেমা প্ৰেমী দৰ্শকক  এটা দিন ভাৰতীয় চিনেমাৰ নামত উদযাপন কৰাত সহায় কৰিব৷
ভাৰতৰ এক সমৃদ্ধ ঘৰুৱা চলচ্চিত্ৰ উদ্যোগ আছে আৰু বিশ্বব্যাপী চলচ্চিত্ৰৰ ব্যৱসায়ত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰাৰ সম্ভাৱনা আছে৷

এক সাক্ষাৎকাৰত  এম এ আইৰ সভাপতি কমল জিয়ান চান্দানীয়ে কয়, "এই ৭৫ টকাৰ টিকটৰ প্ৰস্তাৱ সকলো মূলসুঁতিৰ ফৰ্মেটত প্ৰযোজ্য হ'ব, আৰু সেই সপ্তাহত চিনেমাগৃহত উপলব্ধ হ'বলগীয়া সকলো ছবি। যদিও এই অফাৰত বিলাসী ফৰ্মেটসমূহ অন্তৰ্ভুক্ত কৰা নহ'ব৷ অৱশ্যে সেইসমূহ  ৰেহাই মূল্যত উপলব্ধ হ'ব। মধ্য প্ৰাচ্যৰ লগতে  আমেৰিকা যুক্তৰাজ্য, ইউকে আৰু ইউৰোপীয় দেশসমূহৰ চিনেমাসমূহেও প্ৰায় একে ধৰণৰে   ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস উদযাপন কৰিছে। আমি চিনেমা দিৱস  উদযাপন কৰিবলৈ ১৬ ছেপ্টেম্বৰ বাছনি কৰিছো, আৰু আমি বিশ্বাস কৰোঁ যে দীৰ্ঘদিন ধৰি চলচ্চিত্ৰ চাবলৈ ওলাই নহা  পৰিয়ালবোৰেও এই অনুষ্ঠানটোৰ বাবে চিনেমাগৃহলৈ যাব।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু