--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ভাৰতীয় চিনেমাৰ এক গৌৰৱোজ্বল ইতিহাস আছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিশেষ গুৰুত্ব আছে ভাৰতীয় চিনেমাৰ। এই ভাৰতীয় চিনেমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যুগজয়ী যাত্ৰাক সোঁৱৰাবলৈ ১৬ ছেপ্টেম্বৰত  উদযাপন কৰা হ’ব ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস ৷এই দিশটো বিশেষ কৰি তুলিবলৈ  মাল্টিপ্লেক্স এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই (এমএআই) কেৱল ৭৫ টকাত চিনেমা হলৰ টিকট উপলব্ধ কৰাৰ সিদ্ধান্ত লৈছে।

 ৩ ছেপ্টেম্বৰত উদযাপন কৰিব লগীয়া  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱসত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছবিগৃহসমূহে ৩ ডলাৰ (প্ৰায় ২৩৯ টকা) কম মূল্যত চলচ্চিত্ৰৰ টিকট উপলব্ধ হ'ব বুলি ঘোষণা কৰাৰ পিছতে ভাৰততো এই পদক্ষেপ লোৱা হৈছে।

এম এ আইয়ে  শেহতীয়াকৈ  ১৬ ছেপ্টেম্বৰক ৰাষ্ট্ৰীয় চিনেমা দিৱস হিচাপে ঘোষণা কৰে৷ লগতে সেইদিনা  সকলো চিনেমাৰ টিকেট  ৭৫  টকাত উপলব্ধ হ'ব বুলিও কয়৷ এইসমূহ টিকেটৰ   মূল্য সাধাৰণতে ২০০-৩০০ টকাৰ ভিতৰত হয়। পিভিআৰ, আইএনঅ'এক্স, চিনেপলিছ, কাৰ্নিভাল, মিৰাজ আৰু চিটিপ্ৰাইড, এছিয়ান, মুক্তা এ2, মুভিটাইম, ৱেভ, এম2কে আদিতো চিনেমাৰ টিকেট  ৭৫  টকাত  বিক্ৰী কৰা হ’ব৷  আৰু মুখ্য শৃংখলাসহ মুঠ স্ক্ৰীণৰ সংখ্যা  হ’ব প্ৰায় ৪০০০।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱসে বয়স , জাতি-ধৰ্ম নিৰ্বিশেষে সকলো চিনেমা প্ৰেমী দৰ্শকক  এটা দিন ভাৰতীয় চিনেমাৰ নামত উদযাপন কৰাত সহায় কৰিব৷
ভাৰতৰ এক সমৃদ্ধ ঘৰুৱা চলচ্চিত্ৰ উদ্যোগ আছে আৰু বিশ্বব্যাপী চলচ্চিত্ৰৰ ব্যৱসায়ত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰাৰ সম্ভাৱনা আছে৷

এক সাক্ষাৎকাৰত  এম এ আইৰ সভাপতি কমল জিয়ান চান্দানীয়ে কয়, "এই ৭৫ টকাৰ টিকটৰ প্ৰস্তাৱ সকলো মূলসুঁতিৰ ফৰ্মেটত প্ৰযোজ্য হ'ব, আৰু সেই সপ্তাহত চিনেমাগৃহত উপলব্ধ হ'বলগীয়া সকলো ছবি। যদিও এই অফাৰত বিলাসী ফৰ্মেটসমূহ অন্তৰ্ভুক্ত কৰা নহ'ব৷ অৱশ্যে সেইসমূহ  ৰেহাই মূল্যত উপলব্ধ হ'ব। মধ্য প্ৰাচ্যৰ লগতে  আমেৰিকা যুক্তৰাজ্য, ইউকে আৰু ইউৰোপীয় দেশসমূহৰ চিনেমাসমূহেও প্ৰায় একে ধৰণৰে   ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস উদযাপন কৰিছে। আমি চিনেমা দিৱস  উদযাপন কৰিবলৈ ১৬ ছেপ্টেম্বৰ বাছনি কৰিছো, আৰু আমি বিশ্বাস কৰোঁ যে দীৰ্ঘদিন ধৰি চলচ্চিত্ৰ চাবলৈ ওলাই নহা  পৰিয়ালবোৰেও এই অনুষ্ঠানটোৰ বাবে চিনেমাগৃহলৈ যাব।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?