--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এবাৰ চৰ্চালৈ আহিছে বলীউডৰ অভিনেতা ৰণদ্বীপ  হুড্ডা। খবৰ অনুসৰি দীৰ্ঘদিনীয়া প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেতাগৰাকী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চলিত মাহৰ শেষৰ ফালে বিবাহপাশত আবদ্ধ হ’ব বলীউডৰ অভিনেতা ৰণদ্বীপ হুড্ডা। অৱশ্যে ৰণদ্বীপৰ বিয়াৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

ই-টাইমছৰ প্ৰতিবেদন অনুসৰি ৰনদীপ হুড্ডা আৰু লিনৰ বিবাহ অতি গোপনীয়তাত হ’বলৈ গৈ আছে। উক্ত বিয়াত কেৱল তেওঁৰ পৰিয়াল আৰু কিছু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে উপস্থিত থাকিব। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ৰনদ্বীপে নিজৰ বিবাহে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰাটো নিবিচাৰে। বিয়াৰ পাছতহে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰিব বুলি অভিনেতাজনে জানিবলৈ দিয়ে।কিছুদিন আগতে ৰনদ্বীপে নিজৰ প্ৰেমিকাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত নিজৰ সম্পৰ্ক নিশ্চিত কৰিছিল৷উল্লেখ্য যে লিন ৰনদ্বীপতকৈ প্ৰায় ১০ বছৰ সৰু।

ৰনদ্বীপৰ অভিনয় কেৰিয়াৰৰ কথা ক’বলৈ যদি যাওঁ শেষবাৰৰ বাবে ৰণদ্বীপক দেখা গৈছিল ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ শীৰ্ষক ছবিখনত। এই ছবিখনত অভিনেতাজনে বীৰ সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটোৰ বাবে অভিনেতাজনে যথেষ্ট কষ্ট কৰিছিল। ছবিখনৰ বাবে ৰনদ্বীপে প্ৰায় ২৬ কেজি ওজন কমাইছিল। অভিনেতা গৰাকীৰ এনে কঠোৰ পৰিশ্ৰম দৰ্শকে যথেষ্ট শলাগ লৈছিল। কিন্তু এই ছবিখনে বক্স অফিচত বিশেষ সফলতা লাভ কৰাত ব্যৰ্থ হয়। ইয়াৰ উপৰিও শেহতীয়াকৈ ৰনদ্বীপৰ গীত যোহৰাজাবীও মুক্তি পাইছে। প্ৰিয়ংকা চাহাৰ চৌধুৰীক তেওঁৰ সৈতে এই গীতটোত দেখা পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান