--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এবাৰ চৰ্চালৈ আহিছে বলীউডৰ অভিনেতা ৰণদ্বীপ  হুড্ডা। খবৰ অনুসৰি দীৰ্ঘদিনীয়া প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেতাগৰাকী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চলিত মাহৰ শেষৰ ফালে বিবাহপাশত আবদ্ধ হ’ব বলীউডৰ অভিনেতা ৰণদ্বীপ হুড্ডা। অৱশ্যে ৰণদ্বীপৰ বিয়াৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

ই-টাইমছৰ প্ৰতিবেদন অনুসৰি ৰনদীপ হুড্ডা আৰু লিনৰ বিবাহ অতি গোপনীয়তাত হ’বলৈ গৈ আছে। উক্ত বিয়াত কেৱল তেওঁৰ পৰিয়াল আৰু কিছু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে উপস্থিত থাকিব। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ৰনদ্বীপে নিজৰ বিবাহে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰাটো নিবিচাৰে। বিয়াৰ পাছতহে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰিব বুলি অভিনেতাজনে জানিবলৈ দিয়ে।কিছুদিন আগতে ৰনদ্বীপে নিজৰ প্ৰেমিকাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত নিজৰ সম্পৰ্ক নিশ্চিত কৰিছিল৷উল্লেখ্য যে লিন ৰনদ্বীপতকৈ প্ৰায় ১০ বছৰ সৰু।

ৰনদ্বীপৰ অভিনয় কেৰিয়াৰৰ কথা ক’বলৈ যদি যাওঁ শেষবাৰৰ বাবে ৰণদ্বীপক দেখা গৈছিল ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ শীৰ্ষক ছবিখনত। এই ছবিখনত অভিনেতাজনে বীৰ সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটোৰ বাবে অভিনেতাজনে যথেষ্ট কষ্ট কৰিছিল। ছবিখনৰ বাবে ৰনদ্বীপে প্ৰায় ২৬ কেজি ওজন কমাইছিল। অভিনেতা গৰাকীৰ এনে কঠোৰ পৰিশ্ৰম দৰ্শকে যথেষ্ট শলাগ লৈছিল। কিন্তু এই ছবিখনে বক্স অফিচত বিশেষ সফলতা লাভ কৰাত ব্যৰ্থ হয়। ইয়াৰ উপৰিও শেহতীয়াকৈ ৰনদ্বীপৰ গীত যোহৰাজাবীও মুক্তি পাইছে। প্ৰিয়ংকা চাহাৰ চৌধুৰীক তেওঁৰ সৈতে এই গীতটোত দেখা পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক