--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ এটা মৰ্ফড ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ৫ নৱেম্বৰ দেওবাৰে অনলাইনত ভাইৰেল হল ৰশ্মিকাৰ এটা ডিপফেক ভিডিঅ’। দেহা উদঙাই কাপোৰ পিন্ধা এগৰাকী যুৱতীৰ মুখমণ্ডলত কোনোৱে মৰ্ফড কৰি লগাই দিয়ে ৰশ্মিকাৰ মুখ। লগে লগে ভিডিঅ’টো ভাইৰেল হৈ পৰে আৰু একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এতিয়া এই সন্দৰ্ভত অমিতাভ বচ্চনৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে।

হিন্দী চিনেমাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে ৰশ্মিকা মান্দানাৰ মৰ্ফড ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আইনী ব্যৱস্থাৰ পোষকতা কৰিছে। বিগ বিয়েও তেওঁৰ ‘গুডবাই’ৰ সহ অভিনেত্ৰী ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। দৰাচলতে এজন ইউজাৰে এই ভিডিঅ’টো ভুৱা বুলি নিশ্চিত কৰিছে। মূল ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘ভাৰতত ডিপফেকৰ সৈতে মোকাবিলা কৰিবলৈ আইনী আৰু নিয়ন্ত্ৰণমূলক কাঠামোৰ জৰুৰী প্ৰয়োজন। আপুনি হয়তো ইনষ্টাগ্ৰামত ৰশ্মিকা ৰশ্মিকা মান্দানাৰ এই ভাইৰেল ভিডিঅ'টো দেখিছে, কিন্তু ৰ'ব, এইটো জাৰা পেটেল নামৰ যুৱতীৰ এটা ডিপফেক ভিডিঅ'।

অমিতাভ বচ্চনে এই পোষ্টটো ৰিটুইট কৰি এনে ঘটনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিগ বিয়ে কেপচনত লিখিছে, “হয়, এইটো আইনগতভাৱে শক্তিশালী গোচৰ।'' ৰশ্মিকাই এতিয়াও এই deepfake ভিডিঅ'টোৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে অভিনেত্ৰীগৰাকীৰ অনুৰাগীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

উল্লেখ্য যে অমিতাভ বচ্চন কিছুদিনৰ পৰা তেওঁ নিজৰ কামত ব্যস্ত হৈ পৰিছে। অভিনেতাগৰাকীয়ে ‘কৌন বনেগা কড়োৰপতি’ৰ আয়োজক হিচাপে কাম কৰি আছে। ইফালে বিগ বিয়ে ৰজনীকান্তৰ সৈতে তেওঁৰ ছবিখনৰ কাম আৰম্ভ কৰিছে। ‘থালাইভাৰ ১৭০’ত ৩৩ বছৰৰ পাছত ৰজনীকান্তৰ সৈতে পুনৰ মিলিত হয় অমিতাভ। দুয়োজনে শেহতীয়াকৈ মুম্বাইত কিছু দৃশ্য শ্বুটিং কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান