--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ এটা মৰ্ফড ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ৫ নৱেম্বৰ দেওবাৰে অনলাইনত ভাইৰেল হল ৰশ্মিকাৰ এটা ডিপফেক ভিডিঅ’। দেহা উদঙাই কাপোৰ পিন্ধা এগৰাকী যুৱতীৰ মুখমণ্ডলত কোনোৱে মৰ্ফড কৰি লগাই দিয়ে ৰশ্মিকাৰ মুখ। লগে লগে ভিডিঅ’টো ভাইৰেল হৈ পৰে আৰু একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এতিয়া এই সন্দৰ্ভত অমিতাভ বচ্চনৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে।

হিন্দী চিনেমাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে ৰশ্মিকা মান্দানাৰ মৰ্ফড ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আইনী ব্যৱস্থাৰ পোষকতা কৰিছে। বিগ বিয়েও তেওঁৰ ‘গুডবাই’ৰ সহ অভিনেত্ৰী ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। দৰাচলতে এজন ইউজাৰে এই ভিডিঅ’টো ভুৱা বুলি নিশ্চিত কৰিছে। মূল ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘ভাৰতত ডিপফেকৰ সৈতে মোকাবিলা কৰিবলৈ আইনী আৰু নিয়ন্ত্ৰণমূলক কাঠামোৰ জৰুৰী প্ৰয়োজন। আপুনি হয়তো ইনষ্টাগ্ৰামত ৰশ্মিকা ৰশ্মিকা মান্দানাৰ এই ভাইৰেল ভিডিঅ'টো দেখিছে, কিন্তু ৰ'ব, এইটো জাৰা পেটেল নামৰ যুৱতীৰ এটা ডিপফেক ভিডিঅ'।

অমিতাভ বচ্চনে এই পোষ্টটো ৰিটুইট কৰি এনে ঘটনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিগ বিয়ে কেপচনত লিখিছে, “হয়, এইটো আইনগতভাৱে শক্তিশালী গোচৰ।'' ৰশ্মিকাই এতিয়াও এই deepfake ভিডিঅ'টোৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে অভিনেত্ৰীগৰাকীৰ অনুৰাগীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

উল্লেখ্য যে অমিতাভ বচ্চন কিছুদিনৰ পৰা তেওঁ নিজৰ কামত ব্যস্ত হৈ পৰিছে। অভিনেতাগৰাকীয়ে ‘কৌন বনেগা কড়োৰপতি’ৰ আয়োজক হিচাপে কাম কৰি আছে। ইফালে বিগ বিয়ে ৰজনীকান্তৰ সৈতে তেওঁৰ ছবিখনৰ কাম আৰম্ভ কৰিছে। ‘থালাইভাৰ ১৭০’ত ৩৩ বছৰৰ পাছত ৰজনীকান্তৰ সৈতে পুনৰ মিলিত হয় অমিতাভ। দুয়োজনে শেহতীয়াকৈ মুম্বাইত কিছু দৃশ্য শ্বুটিং কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক