--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নন্দেডৰ চৰকাৰী চিকিৎসালয় মৃ্ত্যুৰ কাৰখানা হৈ পৰিছে। দেওবাৰে নিশাৰ পৰা সোমবাৰৰ পুৱাৰ ভিতৰত ২৪জন লোকৰ মৃত্যু হৈছিল। সোমবাৰে নিশা ৭ জন লোকৰ মৃত্যু হয়। যোৱা ৪৮ ঘণ্টাত নন্দদৰ এই চৰকাৰী চিকিৎসালয়ত ৩১ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই শিশু।

সোমবাৰে নন্দেড চৰকাৰী চিকিৎসালয়ত ২৪ জন লোকৰ মৃত্যু হয়। ইয়াৰে ১২ জন শিশু। ২৪ ঘন্টাৰ ভিতৰতে ইমানবোৰ মানুহৰ মৃত্যু পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ ৰাজ্যই স্তম্ভিত হৈ পৰিল। সেই মৃত্যুৰ কেইঘণ্টামানৰ পাছত মঙলবাৰে আৰু ৭ জন লোকৰ মৃত্যু হোৱাৰ ফলত চিকিৎসালয়খনৰ বিৰুদ্ধে চিকিৎসাৰ গাফিলতিৰ অভিযোগ বৃদ্ধি পায়।

অৱশ্যে চিকিৎসালয়খনৰ ডীন ডাঃ শ্যামেও ৱাকোড়ে-ই চিকিৎসাৰ গাফিলতিৰ কথা অস্বীকাৰ কৰে। তেওঁ কয় যে চিকিৎসালয়খনত চিকিৎসক, ঔষধ আৰু সেৱাৰ অভাৱ নাই। মৃত্যু হোৱা সকলক সেই অনুসৰি চিকিৎসা কৰা হৈছিল। কিন্তু তাৰ পিছতো তেওঁ সেই চিকিৎসাৰ প্ৰতি কোনো সঁহাৰি নিদিলে।

ডিনে আৰু দাবী কৰে যে মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১২ জন প্ৰাপ্তবয়স্ক। তেওঁলোকৰ বিভিন্ন শাৰীৰিক সমস্যা আছিল। ইয়াৰ বাহিৰেও অধিকাংশই সাপে কামোৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল।

চৰকাৰৰ এগৰাকী শীর্ষ বিষয়াই কয় যে ইমানবোৰ লোকৰ মৃত্যু কেনেকৈ হ’ল সেই সন্দর্ভত তদন্ত সমিতি গঠন কৰা হৈছে৷ চিকিৎসা শিক্ষা আৰু গৱেষণাৰ সঞ্চালক ডাঃ দিলীপ মহিষেকৰে পিটিআইৰ আগত কয় যে, "৩ জনীয়া এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে।" মই নিজেই হস্পিতাললৈ গৈ পৰিস্থিতিৰ বুজ লৈছিলো।”

মুখ্যমন্ত্ৰী একনাথ শিণ্ডে এই ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। এই ঘটনা কিয় সংঘটিত হ’ল সেই সন্দৰ্ভত পুংখানুপুংখ তদন্ত হ’ব বুলি তেওঁ আশ্বাস দিয়ে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনায়। ঘটনাটো অতি বেদনাদায়ক আৰু চিন্তনীয় বুলিও তেওঁ কয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ