--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নন্দেডৰ চৰকাৰী চিকিৎসালয় মৃ্ত্যুৰ কাৰখানা হৈ পৰিছে। দেওবাৰে নিশাৰ পৰা সোমবাৰৰ পুৱাৰ ভিতৰত ২৪জন লোকৰ মৃত্যু হৈছিল। সোমবাৰে নিশা ৭ জন লোকৰ মৃত্যু হয়। যোৱা ৪৮ ঘণ্টাত নন্দদৰ এই চৰকাৰী চিকিৎসালয়ত ৩১ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই শিশু।

সোমবাৰে নন্দেড চৰকাৰী চিকিৎসালয়ত ২৪ জন লোকৰ মৃত্যু হয়। ইয়াৰে ১২ জন শিশু। ২৪ ঘন্টাৰ ভিতৰতে ইমানবোৰ মানুহৰ মৃত্যু পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ ৰাজ্যই স্তম্ভিত হৈ পৰিল। সেই মৃত্যুৰ কেইঘণ্টামানৰ পাছত মঙলবাৰে আৰু ৭ জন লোকৰ মৃত্যু হোৱাৰ ফলত চিকিৎসালয়খনৰ বিৰুদ্ধে চিকিৎসাৰ গাফিলতিৰ অভিযোগ বৃদ্ধি পায়।

অৱশ্যে চিকিৎসালয়খনৰ ডীন ডাঃ শ্যামেও ৱাকোড়ে-ই চিকিৎসাৰ গাফিলতিৰ কথা অস্বীকাৰ কৰে। তেওঁ কয় যে চিকিৎসালয়খনত চিকিৎসক, ঔষধ আৰু সেৱাৰ অভাৱ নাই। মৃত্যু হোৱা সকলক সেই অনুসৰি চিকিৎসা কৰা হৈছিল। কিন্তু তাৰ পিছতো তেওঁ সেই চিকিৎসাৰ প্ৰতি কোনো সঁহাৰি নিদিলে।

ডিনে আৰু দাবী কৰে যে মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১২ জন প্ৰাপ্তবয়স্ক। তেওঁলোকৰ বিভিন্ন শাৰীৰিক সমস্যা আছিল। ইয়াৰ বাহিৰেও অধিকাংশই সাপে কামোৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল।

চৰকাৰৰ এগৰাকী শীর্ষ বিষয়াই কয় যে ইমানবোৰ লোকৰ মৃত্যু কেনেকৈ হ’ল সেই সন্দর্ভত তদন্ত সমিতি গঠন কৰা হৈছে৷ চিকিৎসা শিক্ষা আৰু গৱেষণাৰ সঞ্চালক ডাঃ দিলীপ মহিষেকৰে পিটিআইৰ আগত কয় যে, "৩ জনীয়া এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে।" মই নিজেই হস্পিতাললৈ গৈ পৰিস্থিতিৰ বুজ লৈছিলো।”

মুখ্যমন্ত্ৰী একনাথ শিণ্ডে এই ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। এই ঘটনা কিয় সংঘটিত হ’ল সেই সন্দৰ্ভত পুংখানুপুংখ তদন্ত হ’ব বুলি তেওঁ আশ্বাস দিয়ে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনায়। ঘটনাটো অতি বেদনাদায়ক আৰু চিন্তনীয় বুলিও তেওঁ কয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু