--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা দেশৰ কেইগৰাকীমান প্ৰসিদ্ধ সাংবাদিক আৰু সমাজকৰ্মীৰ দিল্লী আৰু মুম্বাইৰ বাসস্থানত দিল্লী পুলিচে  চলোৱা আকস্মিক অভিযানত স্তম্ভিত আৰু আশ্বৰ্য্য প্ৰকাশ কৰিছে অসম নাগৰিক সমাজে৷ এই সাংবাদিক সকল হ'ল ক্ৰমে ভাসা সিং, উৰ্মিলেশ, প্ৰবীৰ পুৰকায়স্থ, পৰাঞ্জয় গুহ ঠাকুৰতা, অভিসাৰ শৰ্মা, অনিন্দ্য চক্ৰৱৰ্তী, মহেশ কুমাৰ সুবোধ বাৰ্মা, অদিতি নিগম, মুকুন্দ ঝা।  শিক্ষাবিদ সোণালী  হাছমী, সমাজকৰ্মী তিস্তা চেতলবাদ আৰু কৌতক অভিনেতা সঞ্জয় ৰাজৌৰাৰ ঘৰতো পুলিচে অভিযান চলোৱা বুলি জানিব পৰা গৈছে। এই অভিযান কুখ্যাত ইউএপিএ আইনৰ অধীনত তৰা এটা গোচৰৰ ভিত্তিত কৰা হৈছে আৰু ইয়াৰ লগত নিউজক্লিক নামৰ সংবাদ প্ৰতিষ্ঠানলৈ বিদেশী পুঁজি বিনিয়োগৰ লগত সম্পৰ্ক থকা বুলি  অভিযোগ কৰা হৈছে। কিন্তু নিউজক্লিকে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে সম্পূৰ্ণ বৈধ উপায়েৰে এই ধন লাভ কৰিছে আৰু এই সম্পৰ্কীয় সকলো নথি-পত্ৰ দিল্লী উচ্চ ন্যায়ালয়ত জমা দিয়া হৈছে। অসম নাগৰিক সমাজৰ মতে, এয়া হ'ল দেখদেখকৈয়ে নিৰ্ভীক সাংবাদিকৰ কণ্ঠ ৰোধ, মানৱ অধিকাৰ উলংঘন আৰু বাক স্বাধীনতা খৰ্বৰ এক জলন্ত উদাহৰণ। অসম নাগৰিক সমাজে আৰক্ষীৰ এনে আতিশয্যক তীব্ৰভাবে গৰিহনা দিয়ে আৰু সকলো শুভবুদ্ধিসম্পন্ন গণতান্ত্ৰিক ব্যক্তিক ইয়াৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু