--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা দেশৰ কেইগৰাকীমান প্ৰসিদ্ধ সাংবাদিক আৰু সমাজকৰ্মীৰ দিল্লী আৰু মুম্বাইৰ বাসস্থানত দিল্লী পুলিচে  চলোৱা আকস্মিক অভিযানত স্তম্ভিত আৰু আশ্বৰ্য্য প্ৰকাশ কৰিছে অসম নাগৰিক সমাজে৷ এই সাংবাদিক সকল হ'ল ক্ৰমে ভাসা সিং, উৰ্মিলেশ, প্ৰবীৰ পুৰকায়স্থ, পৰাঞ্জয় গুহ ঠাকুৰতা, অভিসাৰ শৰ্মা, অনিন্দ্য চক্ৰৱৰ্তী, মহেশ কুমাৰ সুবোধ বাৰ্মা, অদিতি নিগম, মুকুন্দ ঝা।  শিক্ষাবিদ সোণালী  হাছমী, সমাজকৰ্মী তিস্তা চেতলবাদ আৰু কৌতক অভিনেতা সঞ্জয় ৰাজৌৰাৰ ঘৰতো পুলিচে অভিযান চলোৱা বুলি জানিব পৰা গৈছে। এই অভিযান কুখ্যাত ইউএপিএ আইনৰ অধীনত তৰা এটা গোচৰৰ ভিত্তিত কৰা হৈছে আৰু ইয়াৰ লগত নিউজক্লিক নামৰ সংবাদ প্ৰতিষ্ঠানলৈ বিদেশী পুঁজি বিনিয়োগৰ লগত সম্পৰ্ক থকা বুলি  অভিযোগ কৰা হৈছে। কিন্তু নিউজক্লিকে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে সম্পূৰ্ণ বৈধ উপায়েৰে এই ধন লাভ কৰিছে আৰু এই সম্পৰ্কীয় সকলো নথি-পত্ৰ দিল্লী উচ্চ ন্যায়ালয়ত জমা দিয়া হৈছে। অসম নাগৰিক সমাজৰ মতে, এয়া হ'ল দেখদেখকৈয়ে নিৰ্ভীক সাংবাদিকৰ কণ্ঠ ৰোধ, মানৱ অধিকাৰ উলংঘন আৰু বাক স্বাধীনতা খৰ্বৰ এক জলন্ত উদাহৰণ। অসম নাগৰিক সমাজে আৰক্ষীৰ এনে আতিশয্যক তীব্ৰভাবে গৰিহনা দিয়ে আৰু সকলো শুভবুদ্ধিসম্পন্ন গণতান্ত্ৰিক ব্যক্তিক ইয়াৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ