--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি।  হঠাতে ঘটা ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত পাহাৰৰ পৰা নামি আহে পানীৰ ঢল। পাহাৰৰ পানীৰ ঢলে  লাচেন উপত্যকাৰ লোনাক হ্ৰদৰওচৰত ভাৰতীয় সেনাৰ এখন বাহন উটুৱাই লৈ যায়। ফলত  ২৩ জন সেনা জোৱান সন্ধানহীন হৈ পৰে। 

সেনা জোৱান কেইজনৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযান আৰম্ভ হৈছে। উত্তৰ আৰু পূব ছিকিমত তিস্তা নদীৰ পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ বংগতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। তিস্তাৰ কেইবাটাও শ্লুইছগেট খুলি দিবলগীয়া হোৱাৰ  ফলত মালবজাৰৰ গজলডোবাত পানী প্ৰৱেশ কৰিছে। বহু পথ জলমগ্ন হৈ পৰিছে। তিস্তাৰ কাষৰীয়া  এলেকাসমূহত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

ছিকিমৰ মংগন জিলাৰ এছপি (এছপি) সোনম দেচুৱে কয়, "তিস্তাত পানীৰ স্তৰ হঠাতে বৃদ্ধি পাইছে। এক বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হৈছে। তিস্তাৰ কাষৰীয়া  এলেকাবোৰ  খালি কৰা হৈছে। আমি সকলো আৰক্ষী থানাক সতৰ্ক কৰি দিছো। জানিব পৰা গৈছে যে চিংটামৰ ওচৰত এখন সেনাৰ বাহন বানে উটুৱাই নিছে। ২৩ জন সৈনিক সন্ধাীনহীন হৈ আছে। তেওঁলোকৰ সন্ধান চলি আছে। চুংথাং আৰু মংগনসংযোগী দলংখন খহি পৰাৰ ফলত ছিকিমৰ চুংথাং বাহিৰৰ  অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।’’

ইফালে, উত্তৰ বংগৰ বহু  অঞ্চলৰ পৰিস্থিতিও ভয়ানক হৈ পৰিছে। সূত্ৰ অনুসৰি, গজলডোবাৰ তিস্তা বেৰেজৰ পৰা প্ৰায় ৭,০০০ কিউছেক পানী এৰি দিয়া হৈছে। তিস্তাৰ পাৰত  বাস কৰা সাধাৰণ লোকসকলক  সতৰ্ক কৰি দিয়া হৈছে আৰু তেওঁলোকক আন ঠাইলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থাও কৰা হৈছে। তিস্তাত অতিৰিক্ত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত গজলডোবাত পানীৰ চাপ বৃদ্ধি পাইছে। ফলস্বৰূপে, বেছিভাগ শ্লুইছগেট খোলা হৈছে।৩৫ খন  গেটৰ ভিতৰত, ৩২ খন খোলা হৈছে। সময় বাগৰাৰ  লগে লগে গজলডোবাত তিস্তা নদীৰ পানীৰ স্তৰ বাঢ়ি গৈ আছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ