--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি।  হঠাতে ঘটা ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত পাহাৰৰ পৰা নামি আহে পানীৰ ঢল। পাহাৰৰ পানীৰ ঢলে  লাচেন উপত্যকাৰ লোনাক হ্ৰদৰওচৰত ভাৰতীয় সেনাৰ এখন বাহন উটুৱাই লৈ যায়। ফলত  ২৩ জন সেনা জোৱান সন্ধানহীন হৈ পৰে। 

সেনা জোৱান কেইজনৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযান আৰম্ভ হৈছে। উত্তৰ আৰু পূব ছিকিমত তিস্তা নদীৰ পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ বংগতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। তিস্তাৰ কেইবাটাও শ্লুইছগেট খুলি দিবলগীয়া হোৱাৰ  ফলত মালবজাৰৰ গজলডোবাত পানী প্ৰৱেশ কৰিছে। বহু পথ জলমগ্ন হৈ পৰিছে। তিস্তাৰ কাষৰীয়া  এলেকাসমূহত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

ছিকিমৰ মংগন জিলাৰ এছপি (এছপি) সোনম দেচুৱে কয়, "তিস্তাত পানীৰ স্তৰ হঠাতে বৃদ্ধি পাইছে। এক বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হৈছে। তিস্তাৰ কাষৰীয়া  এলেকাবোৰ  খালি কৰা হৈছে। আমি সকলো আৰক্ষী থানাক সতৰ্ক কৰি দিছো। জানিব পৰা গৈছে যে চিংটামৰ ওচৰত এখন সেনাৰ বাহন বানে উটুৱাই নিছে। ২৩ জন সৈনিক সন্ধাীনহীন হৈ আছে। তেওঁলোকৰ সন্ধান চলি আছে। চুংথাং আৰু মংগনসংযোগী দলংখন খহি পৰাৰ ফলত ছিকিমৰ চুংথাং বাহিৰৰ  অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।’’

ইফালে, উত্তৰ বংগৰ বহু  অঞ্চলৰ পৰিস্থিতিও ভয়ানক হৈ পৰিছে। সূত্ৰ অনুসৰি, গজলডোবাৰ তিস্তা বেৰেজৰ পৰা প্ৰায় ৭,০০০ কিউছেক পানী এৰি দিয়া হৈছে। তিস্তাৰ পাৰত  বাস কৰা সাধাৰণ লোকসকলক  সতৰ্ক কৰি দিয়া হৈছে আৰু তেওঁলোকক আন ঠাইলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থাও কৰা হৈছে। তিস্তাত অতিৰিক্ত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত গজলডোবাত পানীৰ চাপ বৃদ্ধি পাইছে। ফলস্বৰূপে, বেছিভাগ শ্লুইছগেট খোলা হৈছে।৩৫ খন  গেটৰ ভিতৰত, ৩২ খন খোলা হৈছে। সময় বাগৰাৰ  লগে লগে গজলডোবাত তিস্তা নদীৰ পানীৰ স্তৰ বাঢ়ি গৈ আছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু