--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উক্ত বিমানখন দুর্ঘটনাত পতিত হোৱাৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই। ৰাছিয়াৰ ইণ্টাৰফেক্স নিউজ এজেন্সিৰ মতে দুৰ্ঘটনাৰ সময়ত উক্ত অঞ্চলত বতৰ প্ৰতিকূল আছিল

ডিজিটেল ডেস্ক : ৰাছিয়াৰ একেবাৰে পূব প্ৰান্তৰ আমুৰ অঞ্চলত বৃহস্পতিবাৰে এখন এণ্টন'ভ এ এন-২৪ বিমান দুর্ঘটনাত পতিত হয়।


পাছত আমুৰ অঞ্চলৰ মুৰব্বীজনে জনায় যে কৰ্মচাৰী আৰু যাত্রীকে ধৰি উক্ত বিমানত থকা ৪৮জন লোকৰেই মৃত্যু ঘটিছে।


উক্ত বিমানখনৰ যাত্ৰাৰ লক্ষ্য আছিল ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা ৭,০০০ কিল'মিটাৰ নিলগৰ টিণ্ডা নগৰ। বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত ৰাছিয়াৰ জৰুৰী পৰিস্থিতি মন্ত্ৰ্যালয়ে জনাইছিল যে টিণ্ডাৰ দক্ষিণৰ এক পাহাৰীয়া অঞ্চলত বিমানখনৰ জ্বলি থকা ফিউজলাজ (দেহাংশ) পোৱা গৈছে। ছাইবেৰিয়াৰ আংগাৰা এয়াৰলাইনছ পৰিচালিত বিমানখন প্ৰথমতে খাবাৰ'ভস্কৰ পৰা ব্লাগ'ভেছচেনস্কলৈ আৰু তাৰ পাছত ৰাছিয়া-চীন সীমান্তৰ টিণ্ডা নগৰলৈ ৰাওনা হৈছিল।


উক্ত বিমানখন দুর্ঘটনাত পতিত হোৱাৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই। ৰাছিয়াৰ ইণ্টাৰফেক্স নিউজ এজেন্সিৰ মতে দুৰ্ঘটনাৰ সময়ত উক্ত অঞ্চলত বতৰ প্ৰতিকূল আছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু