--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উক্ত বিমানখন দুর্ঘটনাত পতিত হোৱাৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই। ৰাছিয়াৰ ইণ্টাৰফেক্স নিউজ এজেন্সিৰ মতে দুৰ্ঘটনাৰ সময়ত উক্ত অঞ্চলত বতৰ প্ৰতিকূল আছিল

ডিজিটেল ডেস্ক : ৰাছিয়াৰ একেবাৰে পূব প্ৰান্তৰ আমুৰ অঞ্চলত বৃহস্পতিবাৰে এখন এণ্টন'ভ এ এন-২৪ বিমান দুর্ঘটনাত পতিত হয়।


পাছত আমুৰ অঞ্চলৰ মুৰব্বীজনে জনায় যে কৰ্মচাৰী আৰু যাত্রীকে ধৰি উক্ত বিমানত থকা ৪৮জন লোকৰেই মৃত্যু ঘটিছে।


উক্ত বিমানখনৰ যাত্ৰাৰ লক্ষ্য আছিল ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা ৭,০০০ কিল'মিটাৰ নিলগৰ টিণ্ডা নগৰ। বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত ৰাছিয়াৰ জৰুৰী পৰিস্থিতি মন্ত্ৰ্যালয়ে জনাইছিল যে টিণ্ডাৰ দক্ষিণৰ এক পাহাৰীয়া অঞ্চলত বিমানখনৰ জ্বলি থকা ফিউজলাজ (দেহাংশ) পোৱা গৈছে। ছাইবেৰিয়াৰ আংগাৰা এয়াৰলাইনছ পৰিচালিত বিমানখন প্ৰথমতে খাবাৰ'ভস্কৰ পৰা ব্লাগ'ভেছচেনস্কলৈ আৰু তাৰ পাছত ৰাছিয়া-চীন সীমান্তৰ টিণ্ডা নগৰলৈ ৰাওনা হৈছিল।


উক্ত বিমানখন দুর্ঘটনাত পতিত হোৱাৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই। ৰাছিয়াৰ ইণ্টাৰফেক্স নিউজ এজেন্সিৰ মতে দুৰ্ঘটনাৰ সময়ত উক্ত অঞ্চলত বতৰ প্ৰতিকূল আছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ