--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ পূৰ্বসুৰী ওবামাৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল যে ২০১৬ চনৰ নিৰ্বাচনত ৰাছিয়াৰ হস্তক্ষেপৰ বিষয়ৰ তথ্য অ'বামা প্রশাসনে হেৰফেৰ কৰিছিল

ডিজিটেল ডেস্কঃ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক মঙলবাৰে 'বিশ্বাসঘাতক' আখ্যা দিয়াৰ পাছত ওবামাই প্রতিক্রিয়া প্রকাশ কৰিছে বুধবাৰে।


উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ পূৰ্বসুৰী ওবামাৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল যে ২০১৬ চনৰ নিৰ্বাচনত ৰাছিয়াৰ হস্তক্ষেপৰ বিষয়ৰ তথ্য অ'বামা প্রশাসনে হেৰফেৰ কৰিছিল। মার্কিন চোৰাংচোৱা সংস্থাৰ সঞ্চালক তুলসী গৱাৰ্ডে যোৱা সপ্তাহত ন্যায় বিভাগলৈ প্রেৰণ কৰা এখন প্রতিবেদনৰ বিষয়ে উল্লেখ কৰি ট্রাম্পে কয় যে সেই নিৰ্বাচনৰ সময়ত ওবামা প্রশাসনৰ বিষয়াসকল আমেৰিকাৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰা এটা ষড়যন্ত্ৰৰ সৈতে লিপ্ত আছিল।


ৰাষ্ট্ৰপতি ট্রাম্পৰ এই অভিযোগৰ প্ৰতিক্রিয়া প্রকাশ কৰি বুধবাৰে ওবামাৰ মুখপাত্র পেট্রিক ৰ'ডেনবাশ্বে কয় যে জেফৰি এপিষ্টেইন গোচৰত ৰাষ্ট্ৰপতি ট্রাম্পৰ নাম সাঙোৰ খোৱাৰ পাছতেই ট্রাম্প প্রশাসনৰ সংকট আৰম্ভ হৈছে আৰু সেই বিষয়টোৰ পৰা জনসাধাৰণক আঁতৰাই অনাৰ বাবেই ট্রাম্প প্রশাসনে ওবামাৰ বিৰুদ্ধে এই অভিযোগ আনিছে।


এনেধৰণৰ বিভ্রান্তিমূলক অভিযোগৰ প্ৰতিক্রিয়া প্ৰকাশ কৰাটো ভয়ংকৰ কাৰ্য বুলি অভিহিত কৰে মুখপাত্রজনে। মুখপাত্রজনে কয় যে ২০১৬ চনৰ ৰাষ্ট্ৰপতীয় নির্বাচনত প্ৰভাৱ খটুৱাবলৈ ৰাছিয়াই প্রচেষ্টা কৰিছিল যদি দেশখনে কোনো ভোটাৰকে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম নহ'ল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু