--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ পূৰ্বসুৰী ওবামাৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল যে ২০১৬ চনৰ নিৰ্বাচনত ৰাছিয়াৰ হস্তক্ষেপৰ বিষয়ৰ তথ্য অ'বামা প্রশাসনে হেৰফেৰ কৰিছিল

ডিজিটেল ডেস্কঃ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক মঙলবাৰে 'বিশ্বাসঘাতক' আখ্যা দিয়াৰ পাছত ওবামাই প্রতিক্রিয়া প্রকাশ কৰিছে বুধবাৰে।


উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ পূৰ্বসুৰী ওবামাৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল যে ২০১৬ চনৰ নিৰ্বাচনত ৰাছিয়াৰ হস্তক্ষেপৰ বিষয়ৰ তথ্য অ'বামা প্রশাসনে হেৰফেৰ কৰিছিল। মার্কিন চোৰাংচোৱা সংস্থাৰ সঞ্চালক তুলসী গৱাৰ্ডে যোৱা সপ্তাহত ন্যায় বিভাগলৈ প্রেৰণ কৰা এখন প্রতিবেদনৰ বিষয়ে উল্লেখ কৰি ট্রাম্পে কয় যে সেই নিৰ্বাচনৰ সময়ত ওবামা প্রশাসনৰ বিষয়াসকল আমেৰিকাৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰা এটা ষড়যন্ত্ৰৰ সৈতে লিপ্ত আছিল।


ৰাষ্ট্ৰপতি ট্রাম্পৰ এই অভিযোগৰ প্ৰতিক্রিয়া প্রকাশ কৰি বুধবাৰে ওবামাৰ মুখপাত্র পেট্রিক ৰ'ডেনবাশ্বে কয় যে জেফৰি এপিষ্টেইন গোচৰত ৰাষ্ট্ৰপতি ট্রাম্পৰ নাম সাঙোৰ খোৱাৰ পাছতেই ট্রাম্প প্রশাসনৰ সংকট আৰম্ভ হৈছে আৰু সেই বিষয়টোৰ পৰা জনসাধাৰণক আঁতৰাই অনাৰ বাবেই ট্রাম্প প্রশাসনে ওবামাৰ বিৰুদ্ধে এই অভিযোগ আনিছে।


এনেধৰণৰ বিভ্রান্তিমূলক অভিযোগৰ প্ৰতিক্রিয়া প্ৰকাশ কৰাটো ভয়ংকৰ কাৰ্য বুলি অভিহিত কৰে মুখপাত্রজনে। মুখপাত্রজনে কয় যে ২০১৬ চনৰ ৰাষ্ট্ৰপতীয় নির্বাচনত প্ৰভাৱ খটুৱাবলৈ ৰাছিয়াই প্রচেষ্টা কৰিছিল যদি দেশখনে কোনো ভোটাৰকে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম নহ'ল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ