--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড টাউনৰ এগৰাকী মোহময়ী অভিনেত্ৰী মালাইকা অৰোৰা৷নিজৰ শাৰীৰিক ভংগীমা আৰু আৱেদনময়ী নৃত্যৰে ৪৯ বছৰটো মলাইকাই বহু যুৱকৰ বাবে স্বপ্নসুন্দৰী৷ যি কি নহওক, বি-টাউনৰ অভিনেত্ৰী মালাইকা অৰোৰাক ৪৯ বছৰ বয়সত ইমান ফিট আৰু সৰু দেখায়? যদি আপুনিও মালাইকাৰ দৰে সৰু দেখাব বিচাৰে, তেন্তে তেনে এটা সুন্দৰ চেহেৰাৰ আঁৰৰ ৰহস্য জানিবৰ বাবে আগবঢ়াইছো আজিৰ এই প্ৰতিবেদন৷

বিভিন্ন প্ৰতিবেদনৰ মতে,মালাইকা অৰোৰা দিনক দিনে অধিক সুখী হৈ অহা পৰিলক্ষিত হৈছে। মালাইকাৰ এই ডেকা চেহেৰাৰ আঁৰৰ ৰহস্য হৈছে যোগাসন। মালাইকাই যোগৰ জৰিয়তে নিজকে সুস্থ আৰু সতেজ কৰি ৰাখে। মালাইকাৰ দৈনন্দিন জীৱনত কৰাৰ ভিতৰত আছে বহুকেইটা গুৰুত্বপূৰ্ণ যোগাসনৰ প্ৰণালী ৷ মালাইকাই কৰা অন্যতম যোগাসনৰ প্ৰণালী হৈছে 'পদ্ম বালাসন'। এই যোগে শৰীৰৰ বিষৰ পৰা সকাহ দিয়ে, বিশেষকৈ পিঠি আৰু পেটৰ বিষত। পদ্ম বালাসনে ভাগৰ, উদ্বেগ, চাপও আঁতৰ কৰে। এই যোগৰ সৈতে, ভৰি আৰু কঁকাল সুঠাম হয়। এই যোগে থাইৰইডও আঁতৰ কৰে। ই চাপ দূৰ কৰোৱাৰ লগতে ৰজোনিবৃত্তিৰ লক্ষণবোৰ হ্ৰাস কৰাতো সহায় কৰে। 

দ্বিতীয়তে আছে গুৰুত্বপূৰ্ণ যোগ প্ৰণালী 'গোমুখসন'। এই আসন স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত শৰীৰটো পোন হৈ থাকে। এই আসনে আপোনাক পিঠিৰ বিষৰ পৰাও সকাহ দিব পাৰে। তৃতীয়তে, মালাইকাক দৈনিক "সেতুবান্ধসন" যোগ কৰা দেখা যায়৷ ইয়াক ব্ৰীজ পজ বুলিও কোৱা হয়। এই যোগে পিঠি, কঁকাল আৰু ৰাজহাড় শক্তিশালী কৰে।  সেতুবান্ধসন যোগে তেজ দ্ৰুতগতিত সঞ্চালিত কৰে, চাপ হ্ৰাস কৰে আৰু মনশান্ত কৰে।

চতুৰ্থতে, মালাইকাৰ নিত্যনৈমিত্তিক যোগাসনৰ ভিতৰত আছে 'কাপটাছন' । এই আসনে ভৰিৰ পেশী শক্তিশালী কৰে আৰু গাঁঠিৰ বিষৰ পৰা সকাহ দিয়ে। পঞ্চমতে,মালাইকাই নিতৌ কৰা যোগাসন সমূহৰ ভিতৰত  'বীৰাভদ্ৰাসনো"  আছে, যাক যোদ্ধাৰ ভংগীমা বুলিও কোৱা হয়। ই আপোনাৰ শৰীৰত স্থিৰতা আনিদিয়ে আৰু ৰক্ত সঞ্চালনো দ্ৰুত হয়।

মালাইকাৰ দৈনিক শাৰীৰিক কচৰৎৰ তালিকাত যোগাসনৰ উপৰিও দৌৰ,পুশ্বআপ,ভাৰাত্তোলন আদিও সংপৃক্ত হৈ আছে৷সেই বাবেই মালাইকা আজিৰ দিনটো এটা আকৰ্ষণীয় শৰীৰৰ অধিকাৰী৷ স্মতৰ্ৱ্য যে,মালাইকাৰ ইতিমধ্যে পূৰ্ব স্বামী আৰবাজ খানৰ লগত বিবাহ বিচ্ছেদ ঘটিছে,দুয়োৰে এজন ২০ বছৰীয়া পুত্ৰ সন্তান আছে৷ মালাইকাই বৰ্তমান বলীউডৰ তাৰকা ৩৭ বছৰীয়া অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে৷জানিব পৰা তথ্য অনুসৰি মালাইকা আৰু অৰ্জুনে চলিত বৰ্ষতে বিবাহ পাশত আবদ্ধ হ’ব৷এতিয়ালৈকে তথাপিও বিয়াৰ কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ