--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৬ চনত মালাইকা অৰোৰাই আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। তেতিয়াৰ পৰাই তাই অৰ্জুন কাপুৰৰ স’তে সম্পৰ্কত আছে। যদিও প্ৰথম অৱস্থাত ৰাজহুৱা স্থানত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে মুখ মেলা নাছিল, এতিয়া সেই পৰিস্থিতি সলনি হৈছে।

এতিয়া আৰু লুকাই থকা নাই। ছ’চিয়েল মিডিয়াত অৰ্জুন আৰু মলাইকাই নিজৰ সম্পৰ্কক লৈ যথেষ্ট মুকলিকৈ কয়। কিন্তু কেতিয়া বিয়া হ’ব দম্পতীহালৰ? এই প্ৰশ্নৰ সন্মুখীন হৈছে দুই তাৰকাই। এইবাৰ মালাইকাই এটা অনুষ্ঠানলৈ আহি সেই প্ৰশ্নৰ উত্তৰ দিলে।

দুয়োৰে বয়সৰ পাৰ্থক্য ১২ বছৰ। এটি সন্তানৰ মাতৃ মালাইকা। অৰ্জুনৰ সৈতে সম্পৰ্কৰ আৰম্ভণিৰে পৰা বহু বিতৰ্ক আৰু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল মলাইকাই। কিন্তু সময়ৰ লগে লগে পৰিস্থিতি সলনি হৈছে। বিবাহৰ বিষয়ে তেওঁলোকে কি ভাবে?

"আমি এতিয়া প্ৰি-হানিমুন পৰ্যায়ত আছো"- এইদৰে ক’লে মলাইকাই- ''প্ৰতিটো মুহূৰ্ত উপভোগ কৰি আছো। আমাৰ দুয়োজনেই যথেষ্ট অভিজ্ঞ। দুয়োজনে একমত যে ইজনে সিজনৰ লগত জীৱন কটাব বিচাৰো। আমি যদিও নিজৰ মাজতে বিবাহক লৈ ধেমালি কৰিছিলো, তথাপিও আমিও গুৰুত্বসহকাৰে চিন্তা কৰিছিলো। কিন্তু আমি এতিয়াই সকলো ক’ব নিবিচাৰো।''

অৰ্জুন মলাইকাতকৈ বহুত সৰু। সেই বয়সৰ পাৰ্থক্যই কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিছেনে? এই বিষয়ে মালাইকাই কয়- ''অৰ্জুনৰ লগত মোৰ নিজকে সৰু যেন লাগে। সৰু হ’লেও তাৰ দৰে মোক বুজি পোৱা মানুহ খুব কমেইহে৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ