--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৬ চনত মালাইকা অৰোৰাই আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। তেতিয়াৰ পৰাই তাই অৰ্জুন কাপুৰৰ স’তে সম্পৰ্কত আছে। যদিও প্ৰথম অৱস্থাত ৰাজহুৱা স্থানত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে মুখ মেলা নাছিল, এতিয়া সেই পৰিস্থিতি সলনি হৈছে।

এতিয়া আৰু লুকাই থকা নাই। ছ’চিয়েল মিডিয়াত অৰ্জুন আৰু মলাইকাই নিজৰ সম্পৰ্কক লৈ যথেষ্ট মুকলিকৈ কয়। কিন্তু কেতিয়া বিয়া হ’ব দম্পতীহালৰ? এই প্ৰশ্নৰ সন্মুখীন হৈছে দুই তাৰকাই। এইবাৰ মালাইকাই এটা অনুষ্ঠানলৈ আহি সেই প্ৰশ্নৰ উত্তৰ দিলে।

দুয়োৰে বয়সৰ পাৰ্থক্য ১২ বছৰ। এটি সন্তানৰ মাতৃ মালাইকা। অৰ্জুনৰ সৈতে সম্পৰ্কৰ আৰম্ভণিৰে পৰা বহু বিতৰ্ক আৰু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল মলাইকাই। কিন্তু সময়ৰ লগে লগে পৰিস্থিতি সলনি হৈছে। বিবাহৰ বিষয়ে তেওঁলোকে কি ভাবে?

"আমি এতিয়া প্ৰি-হানিমুন পৰ্যায়ত আছো"- এইদৰে ক’লে মলাইকাই- ''প্ৰতিটো মুহূৰ্ত উপভোগ কৰি আছো। আমাৰ দুয়োজনেই যথেষ্ট অভিজ্ঞ। দুয়োজনে একমত যে ইজনে সিজনৰ লগত জীৱন কটাব বিচাৰো। আমি যদিও নিজৰ মাজতে বিবাহক লৈ ধেমালি কৰিছিলো, তথাপিও আমিও গুৰুত্বসহকাৰে চিন্তা কৰিছিলো। কিন্তু আমি এতিয়াই সকলো ক’ব নিবিচাৰো।''

অৰ্জুন মলাইকাতকৈ বহুত সৰু। সেই বয়সৰ পাৰ্থক্যই কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিছেনে? এই বিষয়ে মালাইকাই কয়- ''অৰ্জুনৰ লগত মোৰ নিজকে সৰু যেন লাগে। সৰু হ’লেও তাৰ দৰে মোক বুজি পোৱা মানুহ খুব কমেইহে৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী