--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ ধেমেলীয়া উত্তৰৰ দ্বাৰা প্ৰায়ে শিৰোনামত থাকে ভাৰতীয় কৌতুকশিল্পী কপিল শৰ্মা৷ ঠিক তেনে পুনৰ এটা হাস্যমধুৰ মন্তব্যৰ বাবে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে কপিল শৰ্মাই৷বলীউডৰ মোহময়ী অভিনেত্ৰী কৰীনা কাপুৰ খানে তেওঁৰ পডকাষ্ট - "হোৱাট ৱমেন ৱাণ্ট"ৰ জৰিয়তে কপিলৰ সাক্ষাৎকাৰ লৈ ইণ্টাৰনেটৰ জগতত ঢৌ তুলিছে।কৰীনা কাপুৰে নিজৰ পডকাষ্টত ৰণবীৰ কাপুৰক আতিথ্য দিয়াৰ পিছত কপিল শৰ্মাৰ সৈতে সাক্ষাৎ হোৱা দেখা গৈছিল। শুকুৰবাৰে মুক্তি পাবলগীয়া কপিলৰ আগন্তুক ছবি "জুইগাটো"ৰ প্ৰমোচনৰ বাবে কপিল কৰীনাৰ পডকাষ্টত উপস্থিত হৈছিল। 

কৰীনাৰ সৈতে হোৱা এক মত বিনিময়ত কপিলে বাস্তৱ জীৱনত তেওঁৰ ব্যক্তিত্বৰ বিষয়ে কয় আৰু টুইটাৰে কপিলৰ জীৱনত কেনেদৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু কপিলৰ পত্নী গিনী চত্ৰথৰ বিষয়ে কয়। কৰীনাই টুইটাৰত কপিলৰ বিতৰ্কৰ বিষয়টোকো আলোচনা কৰে৷ কমেডিয়ান কপিল শৰ্মাই পূৰ্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গভীৰ নিশা কৰা এটা টুইটৰ বিষয়ে কয় যিটো কপিলে মদ্যপান কৰি থকাৰ সময়ত কৰা হৈছিল। 

কৰীনাক কয় যে "মই ব্যক্তিগতভাৱে কেতিয়াও টুইটাৰ চিহ্নৰ চৰাইটোক লগ পোৱা নাই কিন্তু ই মোৰ জীৱনটোক গোলমাল কৰি পেলালে"। কৰীনাই এই পডকাষ্টতে কপিল বাস্তৱ জীৱনত ৰোমান্টিক নেকি সেই প্ৰশ্নৰ উত্থাপন কৰে৷তেতিয়া কপিলে নিজৰ বুদ্ধিদীপ্ত ধেমালিৰে উত্তৰ দিয়ে যে,"মই মোৰ ল’ৰা-ছোৱালী দুটা ডাউনলোড কৰা নাই৷"

 কপিলৰ এই উত্তৰৰ দ্বাৰা ইণ্টাৰনেট জগতত কপিল শৰ্মাৰ অনুৰাগীসকলে হাঁহিৰ খোৰাক লাভ কৰিছে৷উল্লেখযোগ্য যে,কপিলৰ শেহতীয়াকৈ মুক্তি পাবলগীয়া চলচ্চিত্ৰ "জুইগাটো"ত ডেলিভাৰী প্ৰদান কৰা লোকসকলৰ দুৰ্বিষহ জীৱনৰ ৰং,দুখ,হাঁহি আৰু ধেমালিসমূহ প্ৰকাশ কৰা হৈছে৷বলীউডত নায়কৰ চৰিত্ৰ ৰূপায়ন কৰা কপিলৰ "জুইগাটো" তৃতীয়খন চলচ্চিত্ৰ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী