--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ ধেমেলীয়া উত্তৰৰ দ্বাৰা প্ৰায়ে শিৰোনামত থাকে ভাৰতীয় কৌতুকশিল্পী কপিল শৰ্মা৷ ঠিক তেনে পুনৰ এটা হাস্যমধুৰ মন্তব্যৰ বাবে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে কপিল শৰ্মাই৷বলীউডৰ মোহময়ী অভিনেত্ৰী কৰীনা কাপুৰ খানে তেওঁৰ পডকাষ্ট - "হোৱাট ৱমেন ৱাণ্ট"ৰ জৰিয়তে কপিলৰ সাক্ষাৎকাৰ লৈ ইণ্টাৰনেটৰ জগতত ঢৌ তুলিছে।কৰীনা কাপুৰে নিজৰ পডকাষ্টত ৰণবীৰ কাপুৰক আতিথ্য দিয়াৰ পিছত কপিল শৰ্মাৰ সৈতে সাক্ষাৎ হোৱা দেখা গৈছিল। শুকুৰবাৰে মুক্তি পাবলগীয়া কপিলৰ আগন্তুক ছবি "জুইগাটো"ৰ প্ৰমোচনৰ বাবে কপিল কৰীনাৰ পডকাষ্টত উপস্থিত হৈছিল। 

কৰীনাৰ সৈতে হোৱা এক মত বিনিময়ত কপিলে বাস্তৱ জীৱনত তেওঁৰ ব্যক্তিত্বৰ বিষয়ে কয় আৰু টুইটাৰে কপিলৰ জীৱনত কেনেদৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু কপিলৰ পত্নী গিনী চত্ৰথৰ বিষয়ে কয়। কৰীনাই টুইটাৰত কপিলৰ বিতৰ্কৰ বিষয়টোকো আলোচনা কৰে৷ কমেডিয়ান কপিল শৰ্মাই পূৰ্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গভীৰ নিশা কৰা এটা টুইটৰ বিষয়ে কয় যিটো কপিলে মদ্যপান কৰি থকাৰ সময়ত কৰা হৈছিল। 

কৰীনাক কয় যে "মই ব্যক্তিগতভাৱে কেতিয়াও টুইটাৰ চিহ্নৰ চৰাইটোক লগ পোৱা নাই কিন্তু ই মোৰ জীৱনটোক গোলমাল কৰি পেলালে"। কৰীনাই এই পডকাষ্টতে কপিল বাস্তৱ জীৱনত ৰোমান্টিক নেকি সেই প্ৰশ্নৰ উত্থাপন কৰে৷তেতিয়া কপিলে নিজৰ বুদ্ধিদীপ্ত ধেমালিৰে উত্তৰ দিয়ে যে,"মই মোৰ ল’ৰা-ছোৱালী দুটা ডাউনলোড কৰা নাই৷"

 কপিলৰ এই উত্তৰৰ দ্বাৰা ইণ্টাৰনেট জগতত কপিল শৰ্মাৰ অনুৰাগীসকলে হাঁহিৰ খোৰাক লাভ কৰিছে৷উল্লেখযোগ্য যে,কপিলৰ শেহতীয়াকৈ মুক্তি পাবলগীয়া চলচ্চিত্ৰ "জুইগাটো"ত ডেলিভাৰী প্ৰদান কৰা লোকসকলৰ দুৰ্বিষহ জীৱনৰ ৰং,দুখ,হাঁহি আৰু ধেমালিসমূহ প্ৰকাশ কৰা হৈছে৷বলীউডত নায়কৰ চৰিত্ৰ ৰূপায়ন কৰা কপিলৰ "জুইগাটো" তৃতীয়খন চলচ্চিত্ৰ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ