--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা ভাৰতত অনুষ্ঠিত হোৱা অন্যতম কঠিন পৰীক্ষা। দৃষ্টিশক্তিহীন এজনৰ বাবে এই পৰীক্ষা আৰু অধিক প্ৰত্যাহ্বানজনক। আজি আমি আপোনালোকক জনাম অজিত কুমাৰ যাদৱৰ বিষয়ে, যিজনে সৰুতে অসুস্থতাৰ বাবে চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল, কিন্তু দৃঢ়তা আৰু শক্তিৰে ২০০৮ চনত ২০৮ স্থান লৈ ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷

আই এ এছ বিষয়া অজিত কুমাৰ যাদৱ জন্মৰ পৰা অন্ধ নাছিল, তীব্ৰ ডায়েৰিয়াৰ বাবে ৫ বছৰ বয়সত চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল।এই যাত্ৰা আই এ এছ বিষয়া অজিত কুমাৰ যাদৱৰ বাবে সহজ নাছিল কাৰণ ইউ পি এছ চি উত্তীৰ্ণ হোৱাৰ পাছতো অসামৰিক সেৱাত স্থান লাভৰ বাবে যুঁজিবলগীয়া হৈছিল।

আই এ এছ বিষয়া অজিত কুমাৰ যাদৱক প্ৰথমে ভাৰতীয় ৰে’লৱে পাৰ্ছনেল চাৰ্ভিচত পদৰ প্ৰস্তাৱ দিয়া হৈছিল। ২০১০ চনত কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধীকৰণৰ অনুকূল ৰায়দানৰ পাছতো তেওঁক আই এ এছৰ পদৰ প্ৰস্তাৱ দিয়া হোৱা নাছিল।

প্ৰতিবন্ধীসকলৰ অধিকাৰৰ ৰাষ্ট্ৰীয় মঞ্চ আৰু ৰাজনীতিবিদ বৃন্দা কাৰাটেই হস্তক্ষেপ কৰাৰ পাছতহে আই এ এছ বিষয়া অজিত কুমাৰ যাদৱক আই এ এছত লৈ পদোন্নতি কৰোঁৱা হয়।আজিৰ দৰে বিশেষভাৱে সক্ষম লোকৰ বাবে প্ৰযুক্তি বিকশিত নহ’লেও নব্বৈৰ দশকৰ আৰম্ভণিতে শৈক্ষিক অধ্যয়ন হোৱা আই এ এছ অজিত কুমাৰ যাদৱ সঁচা অৰ্থত কিবা এটা কৰাৰ হেপাঁহ থকা যুৱক-যুৱতীসকলৰ বাবে এক প্ৰেৰণা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস