--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী  মিত্ৰজোঁট 'ইণ্ডিয়া' ই সন্মুখীন হ’ব এক অগ্নিপৰীক্ষাৰ।  এই অগ্নিপৰীক্ষা  উত্তৰ প্ৰদেশৰ ঘোচী সমষ্টিৰ উপ-নিৰ্বাচনত হ’ব।বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে   কংগ্ৰেছ, ৰাষ্ট্ৰীয় লোক দল (আৰএলডি), আপনা দল আদি দলে সমষ্টিটোত তেওঁলোকৰ নিজৰ প্ৰাৰ্থী প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে আৰু সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী সুধকৰ সিঙক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

 এই তিনিওটা দলে এছপি প্ৰাৰ্থীগৰাকীক  সমৰ্থন জনাই এখন আনুষ্ঠানিক পত্ৰ জাৰি কৰিছে।  কংগ্ৰেছৰ উত্তৰ প্ৰদেশৰ সভাপতি অজয় ৰায়ে কয়  "এই নিৰ্বাচনৰ পৰাই  বিজেপিৰ পৰাজয়ৰ আৰম্ভণি হ'ব।  দাৰা সিং চৌহানৰ দলত্যাগৰ ৰাজনীতিৰ বাবে মৌৰৰ ৰাইজে বিজেপিৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস হেৰুৱাই পেলাইছে।ইয়াত বিজেপিক পৰাস্ত কৰিবলৈ তেওঁলোকে মন স্থিৰ কৰিছে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ সংকল্পবদ্ধ হৈছে"। তেওঁ লগতে উল্লেখ কৰে যে  তেওঁ নিজৰ দলৰ নেতা আৰু কৰ্মীসকলক এই নিৰ্বাচনত এছপি প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে। 

 ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত এছপি চিহ্নত ঘোচীৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা দাৰা সিং চৌহানৰ পদত্যাগৰ পিছত ঘোচি বিধানসভা আসনখন খালী হৈ পৰিছিল।  সিঙে  পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। উত্তৰ প্ৰদেশ  বিজেপিৰ মুখপাত্ৰ ৰাকেশ ত্ৰিপাঠীয়ে কয়, "এতিয়ালৈকে  কংগ্ৰেছে কোনো সক্ৰিয়তা দেখুওৱা নাই। আৰএলডি নেতাই এছপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আগবাঢ়ি আহিছে ।  আনহাতে এন ডি এৰ নেতাসকলক মনোনয়ন দাখিলৰ সময়ত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত একেলগে থিয় হোৱা  দেখা গৈছে।" উত্তৰ প্ৰদেশৰ শক্তি মন্ত্ৰী শৰ্মাই কয় যে জনসাধাৰণৰ সমৰ্থন  বিজেপিৰ সৈতে আছে। 

তেওঁ কয় "দাৰা সিং চৌহানে ঘোচীত বৃহৎ ব্যৱধানত জয়ী হ'ব।বিৰোধীৰ ইণ্ডিয়া  এটা দুৰ্বল দল। এই দলবোৰে দেশখনক ৭০ বছৰ ধৰি অন্ধকাৰত ৰাখিছে। ২৬টা ফিউজ  বাল্ব জ্বলালেও পোহৰ  নাথাকিব। ইণ্ডিয়া মিত্ৰজোঁটত এনেধৰণৰ ২৬ টা ফিউজড বাল্ব আছে",। উত্তৰ প্ৰদেশ ঘোচি সমষ্টিৰ উপনিৰ্বাচন ৫ ছেপ্টেম্বৰত হ'ব আৰু  ফলাফল ৮ ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব। এই বছৰৰ আৰম্ভণিতে দাৰা সিং চৌহানে বিধানসভাৰ সদস্যপদ  ত্যাগ কৰিছিল আৰু বিজেপিৰ সৈতে হাত মিলাইছিল। এতিয়া দাৰা সিং চৌহানে এই নিৰ্বাচনত বিজেপিৰ প্ৰতীকত যুঁজ দিছে।  তেওঁৰ মুখ্য প্ৰতিদ্বন্দী  সুধকৰ সিঙে সমাজবাদী পাৰ্টিৰ প্ৰতীকত যুঁজ দিছে। এতিয়া সকলোৰে চকু কেৱল ঘোচি সমষ্টিৰ ওপৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা