--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা৷নিজৰ লিভ-ইন পাৰ্টনাৰক হত্যা কৰিলে নিজ প্ৰেমিকে৷ আৰক্ষীয়ে জনোৱা মতে, বেংগালুৰুৰ ঘৰত প্ৰেচাৰ কুকাৰেৰে নিজৰ লিভ্-ইন পাৰ্টনাৰক প্ৰহাৰ কৰি হত্যা কৰাৰ অপৰাধত এজন ২৯ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে সন্ধিয়া ৫ বজাত লোকজনৰ সংগীয়ে প্ৰতাৰণা কৰা বুলি সন্দেহ কৰি দুয়োৰে মাজত কাজিয়া হৈছিল৷কেৰালাৰ বৈষ্ণৱ আৰু দেৱা (২৪) দুয়োজনেই প্ৰায় দুবছৰ ধৰি বেংগালুৰুত একেলগে বাস কৰি আহিছিল। কলেজৰ পৰাই চিনি পোৱা দুয়ো বেংগালুৰুৰ কোৰমংগালাৰ এটা  বিপণন প্ৰতিষ্ঠানত কাম কৰিছিল।

শনিবাৰে হোৱা কাজিয়াৰ সময়ত বৈষ্ণৱে দেৱাক প্ৰেচাৰ কুকাৰেৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বিষয়টো পোহৰলৈ আহে যেতিয়া দেৱাৰ ভগ্নীয়ে ফোনত যোগাযোগ কৰিব নোৱাৰি চুবুৰীয়াৰ লগত যোগাযোগ কৰে। ইয়াৰ পাছতে চুবুৰীয়াই আৰক্ষীক সতৰ্ক কৰি দিয়ে।

এএনআইৰ এক প্ৰতিবেদন অনুসৰি এই ঘটনাৰ পাছত বৈষ্ণৱে পলায়ন কৰিছিল যদিও আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰে৷আৰক্ষীয়ে জানিব পাৰিছে যে দম্পতীহালৰ পিতৃ-মাতৃয়ে জানিছিল যে তেওঁলোক একেলগে থাকে। বৈষ্ণৱৰ সন্দেহক লৈ তেওঁলোকৰ কাজিয়াৰ কথাও জানিছিল আৰু সমস্যা সমাধানৰ চেষ্টা কৰিছিল। চুবুৰীয়াই আৰক্ষীক জনাইছে যে দম্পতীহালে সঘনাই কাজিয়া কৰিছিল।

বেংগালুৰু দক্ষিণৰ আৰক্ষী উপ আয়ুক্ত চি কে বাবাই কয় যে, "মই সেই স্থানলৈ যোৱাৰ সময়ত মহিলাগৰাকীৰ পিতৃ-মাতৃক লগ পাইছিলো। তেওঁলোকে মোক জনাইছিল যে বিগত কেইবাদিনো দুয়োৰে মাজত কাজিয়া চলি আছিল। পৰিয়ালটোৱেও সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিল।" ইতিমধ্যে বৈষ্ণৱৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস