--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা৷নিজৰ লিভ-ইন পাৰ্টনাৰক হত্যা কৰিলে নিজ প্ৰেমিকে৷ আৰক্ষীয়ে জনোৱা মতে, বেংগালুৰুৰ ঘৰত প্ৰেচাৰ কুকাৰেৰে নিজৰ লিভ্-ইন পাৰ্টনাৰক প্ৰহাৰ কৰি হত্যা কৰাৰ অপৰাধত এজন ২৯ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে সন্ধিয়া ৫ বজাত লোকজনৰ সংগীয়ে প্ৰতাৰণা কৰা বুলি সন্দেহ কৰি দুয়োৰে মাজত কাজিয়া হৈছিল৷কেৰালাৰ বৈষ্ণৱ আৰু দেৱা (২৪) দুয়োজনেই প্ৰায় দুবছৰ ধৰি বেংগালুৰুত একেলগে বাস কৰি আহিছিল। কলেজৰ পৰাই চিনি পোৱা দুয়ো বেংগালুৰুৰ কোৰমংগালাৰ এটা  বিপণন প্ৰতিষ্ঠানত কাম কৰিছিল।

শনিবাৰে হোৱা কাজিয়াৰ সময়ত বৈষ্ণৱে দেৱাক প্ৰেচাৰ কুকাৰেৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বিষয়টো পোহৰলৈ আহে যেতিয়া দেৱাৰ ভগ্নীয়ে ফোনত যোগাযোগ কৰিব নোৱাৰি চুবুৰীয়াৰ লগত যোগাযোগ কৰে। ইয়াৰ পাছতে চুবুৰীয়াই আৰক্ষীক সতৰ্ক কৰি দিয়ে।

এএনআইৰ এক প্ৰতিবেদন অনুসৰি এই ঘটনাৰ পাছত বৈষ্ণৱে পলায়ন কৰিছিল যদিও আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰে৷আৰক্ষীয়ে জানিব পাৰিছে যে দম্পতীহালৰ পিতৃ-মাতৃয়ে জানিছিল যে তেওঁলোক একেলগে থাকে। বৈষ্ণৱৰ সন্দেহক লৈ তেওঁলোকৰ কাজিয়াৰ কথাও জানিছিল আৰু সমস্যা সমাধানৰ চেষ্টা কৰিছিল। চুবুৰীয়াই আৰক্ষীক জনাইছে যে দম্পতীহালে সঘনাই কাজিয়া কৰিছিল।

বেংগালুৰু দক্ষিণৰ আৰক্ষী উপ আয়ুক্ত চি কে বাবাই কয় যে, "মই সেই স্থানলৈ যোৱাৰ সময়ত মহিলাগৰাকীৰ পিতৃ-মাতৃক লগ পাইছিলো। তেওঁলোকে মোক জনাইছিল যে বিগত কেইবাদিনো দুয়োৰে মাজত কাজিয়া চলি আছিল। পৰিয়ালটোৱেও সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিল।" ইতিমধ্যে বৈষ্ণৱৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল