--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰটো এটা যন্ত্ৰৰ দৰে। যন্ত্ৰত যিদৰে সামান্য বিজুতি ঘটিলেই নানান সমস্যাই দেখা দিব  পাৰে তেনেদৰে আমাৰ দেহটোতো কিবা বিসংগতিয়ে দেখা দিলে সমস্যা হ’ব পাৰে। আমি আমাৰ শৰীৰটোৰ ওপৰত যিমানেই  অত্যাচাৰ চলিব সিমানেই শৰীৰটো ভাগি পৰিব। শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ আমি কেইটামান সাধাৰণ স্বাস্থ্য  বিধি মানি চলিলেই সুফল পাব পাৰো। এয়া নহয় যে আমি ব্যায়ামৰ উপকাৰিতাৰ  বিষয়ে নাজানো। কিন্তু  ব্যায়াম কৰিবলৈ আমাৰ বহুতৰে প্ৰায়ে সময়ৰ  অভাৱ হয়। গতিকে বহুতেই  নিয়মীয়াকৈ ব্যায়াম কৰিব নোৱাৰে। সময়ৰ অভাৱৰ লগতে দেহটোক কষ্ট দিব নিবিচৰা, এলাহ আদিৰ বাবেও আমি বহুতেই অলপ সময়ৰ বাবে হ’লেও ব্যায়াম কৰিব নোৱাৰো।

 চিকিৎসকসকলে কয় যে কিছুমান অভ্যাস  কম বয়সতে বহুতে গ্ৰহণ কৰে তেন্তে ভৱিষ্যতে ইয়াৰ  ফলাফল ভাল নহ'বও পাৰে। কাৰণ  দীঘলীয়া সময়ৰ বাবে গঢ় লোৱা অভ্যাসে শৰীৰ আৰু মনক প্ৰভাৱান্বিত কৰে।যদি আমি  পৰ্যাপ্ত পানী নাখাও, শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’ব আৰু ইয়াৰ প্ৰভাৱ আমাৰ দেহত পৰিব।

অদূৰ ভৱিষ্যতে কেনে অভ্যাসে আমাক কষ্ট দিব পাৰে জানো আহক?

১) শাৰীৰিকভাৱে সক্ৰিয় নোহোৱা

বহুতৰেই  কোনো শাৰীৰিক সমস্যা নাথাকে। ওজনো নিয়ন্ত্ৰণত থাকে। সঠিক সময়ত ভোক লাগে, টোপনিও ভাল হয়। গতিকে বেলেগকৈ ব্যায়াম কৰাৰ প্ৰয়োজন বোধ নকৰে। বহুতেই সুস্থ হৈ থকা সময়ছোৱাত  ব্যায়াম কৰাৰ বিষয়ে নাভাবে।  সুস্থ-সবল হৈ থকা অৱস্থাত যোগ, ধ্যান বা প্ৰাণায়ামৰ দৰে বিষয়বোৰ বহুতেই গুৰুত্বপূৰ্ণ বুলি নাভাবে।  । কিন্তু বিশেষজ্ঞসকলে কৈ আহিছে  যে যদি  আমি আৰম্ভনিৰে পৰা  পৰা ব্যায়াম নকৰো, তেন্তে পিছৰ  বয়সত ইয়াক নতুনকৈ আৰম্ভ কৰাটো  কঠিন হৈ পৰে। গুৰুত্বপূৰ্ণ কথা টো হ'ল ব্যায়াম আৰম্ভ কৰাৰ লগে লগে ইয়াৰ সুফলবোৰ চকুত নপৰে।সময় যোৱাৰ লগে লগেহে ব্যায়ামৰ সুফল অনুভৱ হয়। গতিকে শৰীৰটোক সক্ৰিয় কৰি ৰাখিবলৈ নিতৌ কম সময়ৰ বাবে হ’লেও ব্যায়াম কৰো আহক। 




২) অস্বাস্থ্যকৰ খোৱা-বোৱা

খাদ্যৰ প্ৰভাৱ  শৰীৰত পোনপটীয়াকৈ  প্ৰতিফলিত হয়। যদি আমি  প্ৰায়ে  ভজা, অতিৰিক্ত তেল-মচলাযুক্ত খাদ্য, ফাষ্ট ফুড আদি  খাও, ইয়াৰ কুফলবোৰ তৎক্ষণাৎ বুজিব পৰা নায়ায়।কিন্তু সময় বাগৰাৰ লগে লগে এনে খাদ্যৰ প্ৰভাৱ আমি বুজি উঠিব পাৰিম।   ভজা, অতিৰিক্ত তেল-মচলাযুক্ত খাদ্য অদূৰ ভৱিষ্যতে শৰীৰত বিভিন্ন প্ৰকাৰৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়ে পৰাপক্ষত এনে খাদ্য এৰাই চলাই ভাল। 

৩) একে ঠাইতে দীঘলীয়া সময় ধৰি বহি থকা

অফিচতে  হওঁক বা ঘৰতে হওঁক, কেতিয়াও একে ঠাইতে বহু সময় ধৰি বহি থাকিব নালাগে। একে ঠাইতে বহু সময় ধৰি বহি থাকিলে শৰীৰত সঠিকভাবে তেজ চলাচল কৰাত বাধা আহি পৰে।  চিকিৎসকসকলে কয় যে দীঘলীয়া সময়ৰ বাবে একে ঠাইত বহি থাকিলে হৃদৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে। কেৱল সেয়াই নহয়, বৃক্ক বা যকৃতৰ ওপৰতো এনে অভ্যাসৰ  প্ৰভাৱ পৰিব পাৰে। খাদ্য হজম হোৱাতো বাধাৰ সৃষ্টি  হ'ব পাৰে।সেয়ে বহু সময় একে ঠাইতে বহি নাথাকি মাজে সময়ে অলপ উঠি গৈ খোজ কাঢ়িব লাগে। 

৪) পৰ্যাপ্ত পানী নোখোৱা 

যদি আমি  পৰ্যাপ্ত পানী নাখায় শৰীৰত বিষাক্ত পদাৰ্থ অধিক হাৰত জমা হ’ব। এই বিষাক্ত পদাৰ্থ বা দূষিত পদাৰ্থই এদিন শৰীৰত প্ৰভাৱ পেলাব পাৰে। শৰীৰৰ বেয়া পদাৰ্থ বাহিৰলৈ উলিয়াই দিবলৈ আমি পৰ্যাপ্ত পানী খাবই লাগিব। পানী বেছিকৈ খালে হজমত সহায় হোৱাৰ লগতে শৰীৰৰ  প্ৰতিটো অঙ্গই সকাহ পায়। আমি পেট হৈ অগ্নি। ইয়াত খাদ্য হজম হয়। সেই অগ্নিক নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ পানী খাব লাগে বুলি আয়ুৰ্বেদেও কয়। 

৫) মানসিক চাপ

কম বয়সতে, অধ্যয়নৰ চাপ, প্ৰতিযোগিতাৰ নিগনি দৌৰ আদিৰ বাবে  মনৰ ওপৰত চাপ পৰাটো  স্বাভাৱিক। সেয়ে যিমান পাৰি মনটোক চাপৰ পৰা মুক্ত কৰি ৰাখিব লাগে। জীৱনটোক অতি সাধাৰণ ভাবে গ্ৰহণ কৰিব পাৰিব লাগে। যি হয় দেখা যাব মনোভাবেৰে কামত ধৰিলে কামটোও সিজিব আৰু মনটো চাপৰ পৰাও মুক্ত হ’ব পাৰিব। অনাহক কোনো কথাতে টেনছন নল’ব। অত্যধিক টেনছনে হৃদ স্পন্দনৰ হাৰ অনিয়মীয়া কৰে। সকলো কথাই সাহসেৰে মোকাবিলা কৰিব পৰাকৈ মনটোক শক্তিশালী কৰি তোলক। কেতিয়াও আনৰ সা-সম্পদ, চাকৰি-বাকৰি, গাড়ী-মটৰ আদিৰ সৈতে নিজৰ তুলনা নকৰিব। মনত ৰাখিব আপোনাৰ নিজৰ ক্ষেত্ৰত আপুনি সদায় ব্যতিক্ৰম, নিজৰ ক্ষেত্ৰত আপুনিয়েই প্ৰধানমন্ত্ৰী, আপুনিয়েই ৰাষ্ট্ৰপতি।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement