--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি গণেশ চতুৰ্থী৷ হিন্দু শাস্ত্ৰ অনুসৰি গণেশ চতুৰ্থীৰ মাহাত্ম্য অনেক৷  বিশ্বাস কৰা হয় যে  গণেশৰ পূজা কৰিলে  বহু বাধা সহজে অতিক্ৰম ককৰিব পাৰি৷ দক্ষিণৰ ৰাজ্যৰ  মহাৰাষ্ট্ৰ আৰু দেশৰ বিভিন্ন মন্দিৰ,   ঘৰৰ বেদীত গণপতি  স্থাপন কৰা হৈছে। শ্ৰীগণেশ  মহাদেৱ আৰু দেৱী গৌৰীৰ পুত্ৰ। 

শ্ৰীগণেশ সিদ্ধিদাতা। সকলো কাৰ্য্যৰ সৃষ্টিকৰ্তা, অৰ্থাৎ সফলতা প্ৰদান কৰা ঈশ্বৰ। হিন্দু শাস্ত্ৰ অনুসৰি, সৌভাগ্য, সমৃদ্ধি আৰু জ্ঞানৰ দেৱতা গণেশ৷সিদ্ধিদাতা গণেশৰ জন্মৰ সময়ত দেৱী দুৰ্গাই শনি দেৱক তেওঁৰ পুত্ৰক আশীৰ্বাদ দিবলৈ সকলোৰে সৈতে আমন্ত্ৰণ জনাইছিল।  অনিচ্ছা স্বত্বেও  শনিদেৱে গৌৰীৰ পুত্ৰক চাবলৈ গৈছিল। 

শনি দেৱক দেখাৰ লগে লগে শ্ৰীগণেশৰ মূৰটো জ্বলি চাৰখাৰ হৈ  যায়। এনে পৰিস্থিতিত শ্ৰীগণেশক ভগৱান বিষ্ণুৰ প্ৰচেষ্টাৰে হাতীৰ মূৰ এটা লগাই দি  পুনৰুজ্জীৱিত কৰিছিল। শনিৰ কাৰ্যত দেৱী দুৰ্গাৰ খং উঠাৰ লগতে  চিন্তিতও হৈ পৰিছিল।

 দেৱতাসকলৰ আশীৰ্বাদত শ্ৰীগজাননে সিদ্ধিৰ স্থান বা সফলতাৰ দেৱতা লাভ কৰে। এই কাৰণে  সকলো শুভ কামত, আনকি সকলো পূজাতে, সিদ্ধিদাতাৰ উপাসনা কৰাটো  এটা নিয়ম। সিদ্ধিদাতাৰ আশীৰ্বাদত সকলো কামতে সফলতা আহে।
স্কন্দ পুৰাণৰ মতে, ভাদ  মাহৰ শুক্লা পক্ষৰ চতুৰ্থী তিথি হৈছে সিদ্ধিদাতা গণেশৰ জন্ম জয়ন্তী। বহুতে বিশ্বাসকৰে যে  আজিৰ দিনটোতে শ্ৰী গজাননে মানুহক  আশীৰ্বাদ প্ৰদানৰ  উদ্দেশ্যে ধৰালৈ  আহে। যদি কোনোবাই  বিশ্বাস আৰু ভক্তিৰে গণেশক উপাসনা কৰে, সিদ্ধিদাতা গণেশৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়৷  






FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ