--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশবাসীৰ বাবে গৰ্বৰ কাৰণ হিচাপে চিহ্নিত হৈ ৰোৱা অমৰ জোৱান জ্যোতি নিৰ্বাপিত হ’ব! দেশ বিদেশৰ অগণন লোকে যি অমৰ জোৱান জ্যোতিৰ আলোকৰ কাষত ঠিয় দি বীৰ জোৱানসকলৰ আত্মত্যাগৰ জ্যোতিক উপলব্ধি কৰিছিল সেয়া কাৰ্যতঃ নুমুৱাই দিয়াৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইয়াক স্থানান্তৰ কৰি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে সংলগ্ন কৰাৰ কথা কৈছে যদিও প্ৰকৃতাৰ্থত এই জ্যোতিৰ পূৰ্বৰ পৰিচয় আৰু বৰ্তি নথকাটো স্পষ্ট হৈ পৰিল। নতুন দিল্লীৰ ইণ্ডিয়া গেটত বিগত ৫০ বছৰে অনিৰ্বাপিত হৈ ৰোৱা অমৰ জোৱান জ্যোতিৰ স্থানান্তৰক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দিল্লীৰ ইণ্ডিয়া গেটত অৱস্থিত ‘অমৰ জোৱান জ্যোতি’ স্থানান্তৰ কৰা হ’ল অন্যস্থানলৈ। আজিৰে পৰা ইণ্ডিয়া গেটত নজ্বলে ‘অমৰ জোৱান জ্যোতি’। প্ৰজ্বলনৰ দিনৰে পৰা আজি পৰ্যন্ত অনিৰ্বাপিত আছিল এই শিখা। অৱশেষত ৫০ বছৰৰ মূৰত নিৰ্বাপিত কৰা হ’ল শ্বহীদৰ স্মৃতিত প্ৰজ্বলিত অগ্নিশিখা। গণতন্ত্ৰ দিৱসৰ পূৰ্বেই লোৱা হৈছে এই বিতৰ্কিত সিদ্ধান্ত। ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিক স্থানান্তৰ কৰি একেলগ কৰ হ’ব ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ জ্যোতিৰ সৈতে। ১৯৭২ চনৰ পৰাই অহৰ্নিশে জ্বলি আছিল অমৰ জোৱান জ্যোতি। অমৰ জোৱান জ্যোতিক নতুন স্থানলৈ স্থানান্তৰ কৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ১৯৪৭-৪৮ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ পৰা চীনা সৈন্যৰ সৈতে গালৱান উপত্যকাৰ সংঘৰ্ষলৈকে বিভিন্ন অভিযানত নিজৰ জীৱন বলিদান দিয়া সকলো ভাৰতীয় প্ৰতিৰক্ষা কৰ্মীৰ নাম উল্লেখ কৰা হৈছে। ২০১৯ চনত ইণ্ডিয়া গেট কমপ্লেক্সত নিৰ্মাণ কৰা হৈছিল ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক। স্মৰ্তব্য যে ১৯১৪-১৯২১ চনৰ ভিতৰত প্ৰাণ হেৰুওৱা ব্ৰিটিছ ভাৰতীয় সৈনিকসকলৰ স্মৃতিত ব্ৰিটিছ চৰকাৰে ইণ্ডিয়া গেট মেম'ৰিয়েল নিৰ্মাণ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ১৯৭০ৰ দশকত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিপুল বিজয়ৰ পাছত অমৰ জোৱান জ্যোতিক স্মাৰক গাঁথনিত অন্তৰ্ভুক্ত কৰা হৈছিল। শুকুৰবাৰে অমৰ জোৱান জ্যোতিক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে একেলগ কৰাক লৈ সমালোচিত হৈছে কেন্দ্ৰীয় চৰকাৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰ যোগে সমালোচনা কৰি এই ঘটনাক দুখজনক বুলি উল্লেখ কৰিছে। তেওঁ কয়, ‘কিছু লোকে দেশপ্ৰেম আৰু আত্মবলিদান বুজি নাপায় যদি কোনো কথা নাই, আমি দেশৰ সেনাসকলৰ বাবে অমৰ জোৱান জ্যোতি পুনৰ জ্বলাম’। ঘটনাক লৈ সমালোচনামুখৰ হৈ পৰিছে শিৱ সেনাৰ নেতৃ প্ৰিয়ংকা চতুৰ্বেদীও। টুইটাৰ যোগে নেতৃগৰাকীয়ে দুখ আৰু বেদনাদায়ক কথা বুলি উল্লেখ কৰে। অৱশ্যে এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে অমৰ জোৱান জ্যোতিক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে একেলগ কৰা হৈছে। ইয়াক নুমুৱাই দিয়া নাই। বহু লোকে অমৰ জোৱান জ্যোতি নুমুৱাই দিছে বুলি অপপ্ৰচাৰ কৰি আছ বুলিও কেন্দ্ৰৰ ফালৰ পৰা বিবৃতিত কোৱা হৈছে। দেশৰ প্ৰতি প্ৰাণ বলিদান দিয়া সেনাৰ ত্যাগক সুঁৱৰি বিগত ৫০ বছৰ ধৰি অক্ষতভাৱে জ্বলি থকা অমৰ জোৱান জ্যোতিক হথাতে এনেদৰে স্থানান্তৰ কৰা বিষয়টোৱে এতিয়া দেশবাসীৰ মনত স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ