--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশবাসীৰ বাবে গৰ্বৰ কাৰণ হিচাপে চিহ্নিত হৈ ৰোৱা অমৰ জোৱান জ্যোতি নিৰ্বাপিত হ’ব! দেশ বিদেশৰ অগণন লোকে যি অমৰ জোৱান জ্যোতিৰ আলোকৰ কাষত ঠিয় দি বীৰ জোৱানসকলৰ আত্মত্যাগৰ জ্যোতিক উপলব্ধি কৰিছিল সেয়া কাৰ্যতঃ নুমুৱাই দিয়াৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইয়াক স্থানান্তৰ কৰি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে সংলগ্ন কৰাৰ কথা কৈছে যদিও প্ৰকৃতাৰ্থত এই জ্যোতিৰ পূৰ্বৰ পৰিচয় আৰু বৰ্তি নথকাটো স্পষ্ট হৈ পৰিল। নতুন দিল্লীৰ ইণ্ডিয়া গেটত বিগত ৫০ বছৰে অনিৰ্বাপিত হৈ ৰোৱা অমৰ জোৱান জ্যোতিৰ স্থানান্তৰক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দিল্লীৰ ইণ্ডিয়া গেটত অৱস্থিত ‘অমৰ জোৱান জ্যোতি’ স্থানান্তৰ কৰা হ’ল অন্যস্থানলৈ। আজিৰে পৰা ইণ্ডিয়া গেটত নজ্বলে ‘অমৰ জোৱান জ্যোতি’। প্ৰজ্বলনৰ দিনৰে পৰা আজি পৰ্যন্ত অনিৰ্বাপিত আছিল এই শিখা। অৱশেষত ৫০ বছৰৰ মূৰত নিৰ্বাপিত কৰা হ’ল শ্বহীদৰ স্মৃতিত প্ৰজ্বলিত অগ্নিশিখা। গণতন্ত্ৰ দিৱসৰ পূৰ্বেই লোৱা হৈছে এই বিতৰ্কিত সিদ্ধান্ত। ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিক স্থানান্তৰ কৰি একেলগ কৰ হ’ব ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ জ্যোতিৰ সৈতে। ১৯৭২ চনৰ পৰাই অহৰ্নিশে জ্বলি আছিল অমৰ জোৱান জ্যোতি। অমৰ জোৱান জ্যোতিক নতুন স্থানলৈ স্থানান্তৰ কৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ১৯৪৭-৪৮ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ পৰা চীনা সৈন্যৰ সৈতে গালৱান উপত্যকাৰ সংঘৰ্ষলৈকে বিভিন্ন অভিযানত নিজৰ জীৱন বলিদান দিয়া সকলো ভাৰতীয় প্ৰতিৰক্ষা কৰ্মীৰ নাম উল্লেখ কৰা হৈছে। ২০১৯ চনত ইণ্ডিয়া গেট কমপ্লেক্সত নিৰ্মাণ কৰা হৈছিল ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক। স্মৰ্তব্য যে ১৯১৪-১৯২১ চনৰ ভিতৰত প্ৰাণ হেৰুওৱা ব্ৰিটিছ ভাৰতীয় সৈনিকসকলৰ স্মৃতিত ব্ৰিটিছ চৰকাৰে ইণ্ডিয়া গেট মেম'ৰিয়েল নিৰ্মাণ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ১৯৭০ৰ দশকত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিপুল বিজয়ৰ পাছত অমৰ জোৱান জ্যোতিক স্মাৰক গাঁথনিত অন্তৰ্ভুক্ত কৰা হৈছিল। শুকুৰবাৰে অমৰ জোৱান জ্যোতিক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে একেলগ কৰাক লৈ সমালোচিত হৈছে কেন্দ্ৰীয় চৰকাৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰ যোগে সমালোচনা কৰি এই ঘটনাক দুখজনক বুলি উল্লেখ কৰিছে। তেওঁ কয়, ‘কিছু লোকে দেশপ্ৰেম আৰু আত্মবলিদান বুজি নাপায় যদি কোনো কথা নাই, আমি দেশৰ সেনাসকলৰ বাবে অমৰ জোৱান জ্যোতি পুনৰ জ্বলাম’। ঘটনাক লৈ সমালোচনামুখৰ হৈ পৰিছে শিৱ সেনাৰ নেতৃ প্ৰিয়ংকা চতুৰ্বেদীও। টুইটাৰ যোগে নেতৃগৰাকীয়ে দুখ আৰু বেদনাদায়ক কথা বুলি উল্লেখ কৰে। অৱশ্যে এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে অমৰ জোৱান জ্যোতিক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে একেলগ কৰা হৈছে। ইয়াক নুমুৱাই দিয়া নাই। বহু লোকে অমৰ জোৱান জ্যোতি নুমুৱাই দিছে বুলি অপপ্ৰচাৰ কৰি আছ বুলিও কেন্দ্ৰৰ ফালৰ পৰা বিবৃতিত কোৱা হৈছে। দেশৰ প্ৰতি প্ৰাণ বলিদান দিয়া সেনাৰ ত্যাগক সুঁৱৰি বিগত ৫০ বছৰ ধৰি অক্ষতভাৱে জ্বলি থকা অমৰ জোৱান জ্যোতিক হথাতে এনেদৰে স্থানান্তৰ কৰা বিষয়টোৱে এতিয়া দেশবাসীৰ মনত স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ