--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱনৰ আনুমানিক প্ৰকল্প ব্যয় ইলেক্ট্ৰনিক্স আৰু অন্যান্য কামত অধিক ব্যয়ৰ বাবে ২০০ কোটি টকাতকৈও অধিক বৃদ্ধি হ'ব পাৰে৷ এই ব্যয় পূৰ্বতে ১০০০ কোটি নিৰ্ধাৰণ কৰা হৈছিল, এতিয়া ইয়াৰ ব্যয় বৃদ্ধি হৈ ১,২৫০ কোটি হ’বগৈ৷ কেন্দ্ৰীয় ৰাজহুৱা নিৰ্মাণ বিভাগে এই ব্যয় বৃদ্ধিৰ বাবে লোকসভা সচিবালয়ৰ অনুমোদন লাভ কৰিব বুলি আশা কৰিছে৷ এই মাহৰ আৰম্ভণিতে, নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টে ব্যয় বৃদ্ধিৰ বাবে সচিবালয়লৈ অনুমোদন বিচাৰিছে৷ চৰকাৰৰ ফ্লেগশ্বিপ চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ মুখ্য আকৰ্ষণ নতুন সংসদ ভৱনটোৰ বাবে অতিৰিক্ত আৰু ২৮২ কোটি টকা ব্যয় হ'ব। ২০২০ চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো এবছৰতকৈও অধিক সময়ৰ পিছত ৯৭৭ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা ব্যয়তকৈ ২৯ শতাংশ বৃদ্ধি হৈছে। ৪০ শতাংশ কাম টাটা প্ৰকল্পৰ দ্বাৰা সম্পূৰ্ণ কৰা হৈছে আৰু তেওঁলোকেই প্ৰকল্পটোৰ কাম সম্পাদন কৰি আছে৷ কেন্দ্ৰীয় চৰকাৰে ২০২২ ৰ অক্টোবৰ মাহত ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰিছিল এই বছৰ নতুন ভৱনত শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ লক্ষ্য ৰাখিছিল৷ এক সূত্ৰ অনুসৰি, চিপিডব্লিউডিয়ে ব্যয়ৰ প্ৰত্যাশিত বৃদ্ধিৰ কাৰণবোৰ উল্লেখ কৰিছে য’ত লোহ জাতীয় সামগ্ৰীৰ ক্ষেত্ৰত অত্যাধিক ব্যয় কৰা হৈছে কিয়নো ভৱনটো ভূমিকম্প প্ৰতিৰোধী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে৷ ইলেক্ট্ৰনিকছৰ সামগ্ৰীৰ বাবেও ব্যয় বৃদ্ধি হৈছে৷ কিয়নো নিৰ্মাণ কাৰ্যত এক আধুনিক অডিঅ'-ভিজুৱেল প্ৰণালীৰ বাবেও ব্যৱস্থা কৰা হৈছে, যাৰ ভিতৰত আছে সংসদৰ দুয়োখন সদনৰ সাংসদৰ টেবলত টেবলেট সংলগ্ন থাকিব। একেদৰে, সভা কক্ষ আৰু মন্ত্ৰীৰ কক্ষত ব্যৱহাৰ কৰা হৈছে উচ্চ মানৰ প্ৰযুক্তি৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত