--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱনৰ আনুমানিক প্ৰকল্প ব্যয় ইলেক্ট্ৰনিক্স আৰু অন্যান্য কামত অধিক ব্যয়ৰ বাবে ২০০ কোটি টকাতকৈও অধিক বৃদ্ধি হ'ব পাৰে৷ এই ব্যয় পূৰ্বতে ১০০০ কোটি নিৰ্ধাৰণ কৰা হৈছিল, এতিয়া ইয়াৰ ব্যয় বৃদ্ধি হৈ ১,২৫০ কোটি হ’বগৈ৷ কেন্দ্ৰীয় ৰাজহুৱা নিৰ্মাণ বিভাগে এই ব্যয় বৃদ্ধিৰ বাবে লোকসভা সচিবালয়ৰ অনুমোদন লাভ কৰিব বুলি আশা কৰিছে৷ এই মাহৰ আৰম্ভণিতে, নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টে ব্যয় বৃদ্ধিৰ বাবে সচিবালয়লৈ অনুমোদন বিচাৰিছে৷ চৰকাৰৰ ফ্লেগশ্বিপ চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ মুখ্য আকৰ্ষণ নতুন সংসদ ভৱনটোৰ বাবে অতিৰিক্ত আৰু ২৮২ কোটি টকা ব্যয় হ'ব। ২০২০ চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো এবছৰতকৈও অধিক সময়ৰ পিছত ৯৭৭ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা ব্যয়তকৈ ২৯ শতাংশ বৃদ্ধি হৈছে। ৪০ শতাংশ কাম টাটা প্ৰকল্পৰ দ্বাৰা সম্পূৰ্ণ কৰা হৈছে আৰু তেওঁলোকেই প্ৰকল্পটোৰ কাম সম্পাদন কৰি আছে৷ কেন্দ্ৰীয় চৰকাৰে ২০২২ ৰ অক্টোবৰ মাহত ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰিছিল এই বছৰ নতুন ভৱনত শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ লক্ষ্য ৰাখিছিল৷ এক সূত্ৰ অনুসৰি, চিপিডব্লিউডিয়ে ব্যয়ৰ প্ৰত্যাশিত বৃদ্ধিৰ কাৰণবোৰ উল্লেখ কৰিছে য’ত লোহ জাতীয় সামগ্ৰীৰ ক্ষেত্ৰত অত্যাধিক ব্যয় কৰা হৈছে কিয়নো ভৱনটো ভূমিকম্প প্ৰতিৰোধী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে৷ ইলেক্ট্ৰনিকছৰ সামগ্ৰীৰ বাবেও ব্যয় বৃদ্ধি হৈছে৷ কিয়নো নিৰ্মাণ কাৰ্যত এক আধুনিক অডিঅ'-ভিজুৱেল প্ৰণালীৰ বাবেও ব্যৱস্থা কৰা হৈছে, যাৰ ভিতৰত আছে সংসদৰ দুয়োখন সদনৰ সাংসদৰ টেবলত টেবলেট সংলগ্ন থাকিব। একেদৰে, সভা কক্ষ আৰু মন্ত্ৰীৰ কক্ষত ব্যৱহাৰ কৰা হৈছে উচ্চ মানৰ প্ৰযুক্তি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন