--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অৱশেষত জামিল লাভ কৰিলে। গ্ৰেপ্তাৰৰ ৫০ দিনৰ পিছত  অৰবিন্দ কেজৰিৱালক জামিন দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। অৱশ্যে উচ্চতম ন্যায়ালয়ে তেওঁক সময়সীমা উকলি যোৱাৰ পিছতেই  কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে এইবুলি স্পষ্ট কৰি দিছিল যে কেজৰিৱালক জামিন প্ৰদান কৰিলেও তেওঁ মুখ্যমন্ত্ৰী হিচাবে চৰকাৰী কাম-কাজ পৰিচালনা কৰিব নোৱাৰিব।

কেজৰিৱালেও আদালতৰ তেনে মন্তব্যৰ পিছতে এই বিষয়ত লিখিত প্ৰতিশ্ৰুতি দিব বুলি কৈছিল। আদালতে আজি মূলতঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবেই কেজৰিৱালক জামিন প্ৰদান কৰে।  ইপিনে উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ জামিন আবেদন নাকচ কৰিছে। ইপিনে মনীষ চিছোদিয়াও দিল্লীৰ আবকাৰী নীতিৰ গোচৰতে গ্ৰেপ্তাৰ হৈ কাৰবন্দী হৈ আছে। আদালতত বাৰে বাৰে তেওঁৰ জামিন আবেদন নাকচ হৈছে।  আবকাৰী নীতি  দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক জিম্মাত লৈছিল। দুসপ্তাহ পিছত  তেওঁক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।  

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতম  ন্যায়ালয়ত  ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল। কেজৰিৱালৰ অধিবক্তাই  দাবী কৰি আহিছে যে তেওঁক নিৰ্বাচনী  প্ৰচাৰৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যেই  ইচ্ছাকৃতভাৱে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।অৱশেষত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেজৰিৱালক  জামিন দিয়ে।  কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ ফলাফলৰ দিনলৈকে জামিন দিয়াৰ দাবী জনাইছিল। কিন্তু ২ জুনত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতৰ এনে সিদ্ধান্তৰ পিছতে আপৰ নেতা কৰ্মী-সকলৰ মাজত আনন্দৰ পৰিবেশে বিৰাজ কৰে। কংগ্ৰেছেও আদালতৰ নিৰ্দেশক আদৰণি জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ