--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অৱশেষত জামিল লাভ কৰিলে। গ্ৰেপ্তাৰৰ ৫০ দিনৰ পিছত  অৰবিন্দ কেজৰিৱালক জামিন দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। অৱশ্যে উচ্চতম ন্যায়ালয়ে তেওঁক সময়সীমা উকলি যোৱাৰ পিছতেই  কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে এইবুলি স্পষ্ট কৰি দিছিল যে কেজৰিৱালক জামিন প্ৰদান কৰিলেও তেওঁ মুখ্যমন্ত্ৰী হিচাবে চৰকাৰী কাম-কাজ পৰিচালনা কৰিব নোৱাৰিব।

কেজৰিৱালেও আদালতৰ তেনে মন্তব্যৰ পিছতে এই বিষয়ত লিখিত প্ৰতিশ্ৰুতি দিব বুলি কৈছিল। আদালতে আজি মূলতঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবেই কেজৰিৱালক জামিন প্ৰদান কৰে।  ইপিনে উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ জামিন আবেদন নাকচ কৰিছে। ইপিনে মনীষ চিছোদিয়াও দিল্লীৰ আবকাৰী নীতিৰ গোচৰতে গ্ৰেপ্তাৰ হৈ কাৰবন্দী হৈ আছে। আদালতত বাৰে বাৰে তেওঁৰ জামিন আবেদন নাকচ হৈছে।  আবকাৰী নীতি  দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক জিম্মাত লৈছিল। দুসপ্তাহ পিছত  তেওঁক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।  

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতম  ন্যায়ালয়ত  ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল। কেজৰিৱালৰ অধিবক্তাই  দাবী কৰি আহিছে যে তেওঁক নিৰ্বাচনী  প্ৰচাৰৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যেই  ইচ্ছাকৃতভাৱে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।অৱশেষত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেজৰিৱালক  জামিন দিয়ে।  কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ ফলাফলৰ দিনলৈকে জামিন দিয়াৰ দাবী জনাইছিল। কিন্তু ২ জুনত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতৰ এনে সিদ্ধান্তৰ পিছতে আপৰ নেতা কৰ্মী-সকলৰ মাজত আনন্দৰ পৰিবেশে বিৰাজ কৰে। কংগ্ৰেছেও আদালতৰ নিৰ্দেশক আদৰণি জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু