--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহজনক সকলোৱে জিলাপী বাবা বুলিয়েই জানে। সাধুৰূপী এই জিলাপী বাবাই ধৰ্ষণ কৰিছিল ১২০ গৰাকীৰো অধিক মহিলাক। সেই অপৰাধতে তেওঁ হৈ আছিল কাৰাবন্দী।হাৰিয়ানাৰ  জিলাপী  বাবাই মানুহৰ বিশ্বাসৰ সুযোগ লৈ ১২০ গৰাকীতকৈ অধিক মহিলাক  ধৰ্ষণ কৰাৰ বাবে ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অৱশেষত, হিছাৰৰ  কাৰাগাৰত জিলাপী বাবাৰ মৃত্যু হৈছে। যদিও তেওঁৰ নাম বিল্লু ৰাম আছিল, তেওঁ তেওঁৰ ভক্তসকলৰ মাজত জিলাপী  বাবা নামেৰে পৰিচিত আছিল। স্বঘোষিত গডমেনজনে প্ৰথমবাৰৰ বাবে ২০১৮ চনত সংবাদ শিৰোনাম দখল কৰিছিল।


 পঞ্জাৱৰ মানছা অঞ্চলৰ বাসিন্দা বিল্লু ৰামে জীৱনৰ আৰম্ভণিতে  ঠেলাগাড়ী চলাইছিল। তাৰ পিছত তেওঁ হাৰিয়ানালৈ আহিছিল আৰু জিলাপী বিক্ৰী কৰিবলৈ লৈছিল। হঠাতে এদিন তেওঁ নিজকে হাৰিয়ানাৰ হিছাৰ জিলাত এজন স্বঘোষিত গডমেন বুলি ঘোষণা কৰিছিল। জিলাপী বিক্ৰী কৰাৰ বাবেই তেওঁৰ নাম জিলাপী বাবা হৈ পৰিছিল। তেওঁ হিছাৰত এখন আশ্ৰম খুলিছিল। তেতিয়াৰে পৰাই তেওঁ আশ্ৰমলৈ অহা ধুনীয়া, কম বয়সীয়া  মহিলা ভক্তসকলক চাহত নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি ধৰ্ষণ কৰিছিল।  ইয়াৰ পিছত গোটেই ঘটনাটোৰ  চিত্ৰগ্ৰহণ কৰা হৈছিল। আৰু সেই ভিডিঅ’ৰে মহিলাসকলক ব্লেকমেইল কৰি গৈছিল। ২০১৮ চনত তেনে  এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল  হোৱাৰ পিছতে জিলাপী বাবা আৰক্ষীৰ জালত পৰে।

  ইয়াৰ পিছত আৰক্ষীয়ে ভিডিঅ'টোৰ আধাৰত এটা গোচৰ পঞ্জীয়ন কৰে আৰু তদন্ত আৰম্ভ কৰে। অনুসন্ধানৰ সময়ত, আৰক্ষীয়ে এনে ধৰণৰ অধিক আপত্তিজনক ভিডিঅ' লাভ কৰে। পিছলৈ এটা এটাকৈ সামাজিক মাধ্যমত আৰু অধিক অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছিল যে জিলাপী  বাবাই ১২০ গৰাকীৰো অধিক মহিলাক ধৰ্ষণ কৰিছিল।তেওঁক ২০২৩ চনত ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

স্বঘোষিত গডমেনজনক তেতিয়াৰে পৰা হিছাৰৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল। কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলাপী  বাবাই  হঠাতে বুকুত তীব্ৰ বিষ অনুভৱ কৰিছিল। তাৰ পিছত তেওঁক ততাতৈয়াকৈ কাৰাগাৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকে  তেওঁক মৃত বুলি ঘোষণা কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ