--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহজনক সকলোৱে জিলাপী বাবা বুলিয়েই জানে। সাধুৰূপী এই জিলাপী বাবাই ধৰ্ষণ কৰিছিল ১২০ গৰাকীৰো অধিক মহিলাক। সেই অপৰাধতে তেওঁ হৈ আছিল কাৰাবন্দী।হাৰিয়ানাৰ  জিলাপী  বাবাই মানুহৰ বিশ্বাসৰ সুযোগ লৈ ১২০ গৰাকীতকৈ অধিক মহিলাক  ধৰ্ষণ কৰাৰ বাবে ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অৱশেষত, হিছাৰৰ  কাৰাগাৰত জিলাপী বাবাৰ মৃত্যু হৈছে। যদিও তেওঁৰ নাম বিল্লু ৰাম আছিল, তেওঁ তেওঁৰ ভক্তসকলৰ মাজত জিলাপী  বাবা নামেৰে পৰিচিত আছিল। স্বঘোষিত গডমেনজনে প্ৰথমবাৰৰ বাবে ২০১৮ চনত সংবাদ শিৰোনাম দখল কৰিছিল।


 পঞ্জাৱৰ মানছা অঞ্চলৰ বাসিন্দা বিল্লু ৰামে জীৱনৰ আৰম্ভণিতে  ঠেলাগাড়ী চলাইছিল। তাৰ পিছত তেওঁ হাৰিয়ানালৈ আহিছিল আৰু জিলাপী বিক্ৰী কৰিবলৈ লৈছিল। হঠাতে এদিন তেওঁ নিজকে হাৰিয়ানাৰ হিছাৰ জিলাত এজন স্বঘোষিত গডমেন বুলি ঘোষণা কৰিছিল। জিলাপী বিক্ৰী কৰাৰ বাবেই তেওঁৰ নাম জিলাপী বাবা হৈ পৰিছিল। তেওঁ হিছাৰত এখন আশ্ৰম খুলিছিল। তেতিয়াৰে পৰাই তেওঁ আশ্ৰমলৈ অহা ধুনীয়া, কম বয়সীয়া  মহিলা ভক্তসকলক চাহত নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি ধৰ্ষণ কৰিছিল।  ইয়াৰ পিছত গোটেই ঘটনাটোৰ  চিত্ৰগ্ৰহণ কৰা হৈছিল। আৰু সেই ভিডিঅ’ৰে মহিলাসকলক ব্লেকমেইল কৰি গৈছিল। ২০১৮ চনত তেনে  এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল  হোৱাৰ পিছতে জিলাপী বাবা আৰক্ষীৰ জালত পৰে।

  ইয়াৰ পিছত আৰক্ষীয়ে ভিডিঅ'টোৰ আধাৰত এটা গোচৰ পঞ্জীয়ন কৰে আৰু তদন্ত আৰম্ভ কৰে। অনুসন্ধানৰ সময়ত, আৰক্ষীয়ে এনে ধৰণৰ অধিক আপত্তিজনক ভিডিঅ' লাভ কৰে। পিছলৈ এটা এটাকৈ সামাজিক মাধ্যমত আৰু অধিক অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছিল যে জিলাপী  বাবাই ১২০ গৰাকীৰো অধিক মহিলাক ধৰ্ষণ কৰিছিল।তেওঁক ২০২৩ চনত ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

স্বঘোষিত গডমেনজনক তেতিয়াৰে পৰা হিছাৰৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল। কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলাপী  বাবাই  হঠাতে বুকুত তীব্ৰ বিষ অনুভৱ কৰিছিল। তাৰ পিছত তেওঁক ততাতৈয়াকৈ কাৰাগাৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকে  তেওঁক মৃত বুলি ঘোষণা কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ