--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীয়ে লিভ-ইন ৰিলেচনত থকাৰ পিছত এজন যুৱকক বিয়া কৰাইছিল। ইয়াৰ পিছত তেওঁ স্বামীক ক’লে যে তেওঁ নিজৰ মাতৃগৃহলৈ যাব। এই সময়ছোৱাত তেওঁ ঘৰৰ পৰা প্ৰায় ৭ লাখ টকাৰ গহনা লৈ গৈছিল, বহুদিনৰ পাছতো যুৱতীগৰাকী ঘৰলৈ উভতি নাহিল। ইয়াৰ পাছত যেতিয়া স্বামীয়ে তেওঁক নিবলৈ শহুৰেকৰ ঘৰলৈ গ’ল, তেতিয়া তেওঁ গম পালে যে তেওঁৰ পত্নীয়ে আন কাৰোবাক বিয়া কৰাইছে। এই তথ্য লাভ কৰাৰ পিছত আৰক্ষীৰ দলটোৱে তদন্ত আৰম্ভ কৰিছে।

ভুক্তভোগী যুৱকজনে জনোৱা মতে, তেওঁ যুৱতীগৰাকীৰ সৈতে লিভ ইন ৰিলেচনত আছিল। প্ৰায় এবছৰৰ পাছত দুয়োৰে বিয়া হ’ল। দুয়োজনে নিজৰ বিবাহিত জীৱনটো সুখেৰে কটাইছিল। যুৱকজনে জনোৱা মতে, ২২ মাৰ্চত তেওঁৰ পত্নীয়ে পৰিয়ালক লগ কৰিবলৈ নিজৰ গাঁৱলৈ গৈছিল। বহুদিন ঘৰলৈ ঘূৰি নহা দেখি পত্নীক যেতিয়া তেওঁ আনিবলৈ যায় তেতিয়া তেওঁ গম পালে যে পত্নীয়ে ৫ মে’ত আন এজন যুৱকক বিয়া কৰাইছে। ভুক্তভোগী যুৱকজনৰ মতে, ইতিমধ্যে যুৱতীগৰাকী তিনিবাৰকৈ বিয়া হৈছে। তেওঁ যুৱতীৰ চতুৰ্থ স্বামীহে।


ইয়াৰ পিছতে ভুক্তভোগী যুৱকজনে বিষয়টোৰ ন্যায় বিচাৰি থানাত উপস্থিত হয়, য’ত তেওঁ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আৰক্ষীৰ দলটোৱে তদন্ত আৰম্ভ কৰিছে। এই ঘটনা ৰাজস্থান ছিকাৰৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু