--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীয়ে লিভ-ইন ৰিলেচনত থকাৰ পিছত এজন যুৱকক বিয়া কৰাইছিল। ইয়াৰ পিছত তেওঁ স্বামীক ক’লে যে তেওঁ নিজৰ মাতৃগৃহলৈ যাব। এই সময়ছোৱাত তেওঁ ঘৰৰ পৰা প্ৰায় ৭ লাখ টকাৰ গহনা লৈ গৈছিল, বহুদিনৰ পাছতো যুৱতীগৰাকী ঘৰলৈ উভতি নাহিল। ইয়াৰ পাছত যেতিয়া স্বামীয়ে তেওঁক নিবলৈ শহুৰেকৰ ঘৰলৈ গ’ল, তেতিয়া তেওঁ গম পালে যে তেওঁৰ পত্নীয়ে আন কাৰোবাক বিয়া কৰাইছে। এই তথ্য লাভ কৰাৰ পিছত আৰক্ষীৰ দলটোৱে তদন্ত আৰম্ভ কৰিছে।

ভুক্তভোগী যুৱকজনে জনোৱা মতে, তেওঁ যুৱতীগৰাকীৰ সৈতে লিভ ইন ৰিলেচনত আছিল। প্ৰায় এবছৰৰ পাছত দুয়োৰে বিয়া হ’ল। দুয়োজনে নিজৰ বিবাহিত জীৱনটো সুখেৰে কটাইছিল। যুৱকজনে জনোৱা মতে, ২২ মাৰ্চত তেওঁৰ পত্নীয়ে পৰিয়ালক লগ কৰিবলৈ নিজৰ গাঁৱলৈ গৈছিল। বহুদিন ঘৰলৈ ঘূৰি নহা দেখি পত্নীক যেতিয়া তেওঁ আনিবলৈ যায় তেতিয়া তেওঁ গম পালে যে পত্নীয়ে ৫ মে’ত আন এজন যুৱকক বিয়া কৰাইছে। ভুক্তভোগী যুৱকজনৰ মতে, ইতিমধ্যে যুৱতীগৰাকী তিনিবাৰকৈ বিয়া হৈছে। তেওঁ যুৱতীৰ চতুৰ্থ স্বামীহে।


ইয়াৰ পিছতে ভুক্তভোগী যুৱকজনে বিষয়টোৰ ন্যায় বিচাৰি থানাত উপস্থিত হয়, য’ত তেওঁ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আৰক্ষীৰ দলটোৱে তদন্ত আৰম্ভ কৰিছে। এই ঘটনা ৰাজস্থান ছিকাৰৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ