--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি ৫০০ বছৰৰ পিছত ৰাম জন্মভূমি পুনৰুদ্ধাৰ কৰিব পাৰি, সিন্ধু কিয় নোৱাৰিম? এই প্ৰশ্ন কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।  সোমবাৰে লক্ষ্ণৌত সিন্ধি সম্প্ৰদায়ৰ এক সমাৱেশত সিন্ধু প্ৰদেশ, যি এতিয়া পাকিস্তানৰ অংশ, ভাৰতলৈ ঘূৰাই অনাৰ সপোনৰ কথা আদিত্যনাথে প্ৰকাশ কৰে।  এই সন্দৰ্ভত মন্তব্য কৰি  যোগীয়ে দেশ বিভাজনৰ বিষয়টোও উত্থাপন কৰে। কাৰো  নাম নোলোৱাকৈ তেওঁ মহাত্মা গান্ধীক লক্ষ্য কৰি  সমালোচনা কৰে। 

লক্ষ্ণৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় সিন্ধি সন্মিলনত ১০ খন দেশ আৰু ১০ খন ৰাজ্যৰ মুঠ ২২৫গৰাকী অতিথি উপস্থিত থাকে। ভাষণত যোগীয়ে কয়, "লক্ষ্ণৌৰ পৰা অযোধ্যালৈ দূৰত্ব বেছি  নহয়। ৫০০ বছৰৰ পিছত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। 
যদি  ৰাম জন্মভূমি পুনৰুদ্ধাৰ কৰা সম্ভৱ হয়, সিন্ধু কিয় নহ’ব?’’ যোগীয়ে পৰামৰ্শ দিয়ে যে সিন্ধু সম্প্ৰদায়ৰ লোকসকলে বৰ্তমান প্ৰজন্মক তেওঁলোকৰ ইতিহাসৰ বিষয়ে ক'ব লাগে।

যোগীয়ে কয় "১৯৪৭ চনৰ বিভাজন দুখজনক আছিল। যিটো সকলোৱে এৰাই চলিব পাৰিলেহেঁতেন। এজন ব্যক্তিৰ একচেটিয়া অধিকাৰৰ বাবে দেশখনে বিভাজনৰ ট্ৰেজেডী প্ৰত্যক্ষ কৰিব লগা হৈছিল। ফলস্বৰূপে, লাখ লাখ লোক নিহত হৈছিল। ভাৰতৰ এটা ডাঙৰ অংশ পাকিস্তান হৈ পৰিছিল।’’ এনেদৰে যোগীয়ে মহাত্মা গান্ধীৰ নাম নোলোৱাকৈ তেওঁক সমালোচনা কৰে। পাকিস্তানৰ সিন্ধু প্ৰদেশ সিন্ধি সম্প্ৰদায়ৰ আদি বাসস্থান আছিল।

 ইয়াৰ পূৰ্বে এল কে আদৱানীয়ে কৈছিল, "সিন্ধু ভাৰতৰ সৈতে সংযুক্ত নোহোৱালৈকে ভাৰত অসম্পূৰ্ণ হৈ ৰ’ব।’’ উল্লেখ্য  আদৱানীৰ জন্ম অবিভক্ত ভাৰতৰ কৰাচীত হৈছিল। তেওঁ পাকিস্তানৰ হাতলৈ সিন্ধু প্ৰদেশ  গুচি যোৱাৰ বাবে দুখ  প্ৰকাশ কৰিছিল। এসময়ত আদৱানীয়েও কৈছিল "বিভাজনৰ সময়ত, যেতিয়া মই শুনিছিলো যে সিন্ধু , কৰাচী ভাৰতৰ অংশ হৈ নাথাকিব, মই গভীৰভাৱে দুখিত হৈছিলোঁ।’’











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু