--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি ৫০০ বছৰৰ পিছত ৰাম জন্মভূমি পুনৰুদ্ধাৰ কৰিব পাৰি, সিন্ধু কিয় নোৱাৰিম? এই প্ৰশ্ন কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।  সোমবাৰে লক্ষ্ণৌত সিন্ধি সম্প্ৰদায়ৰ এক সমাৱেশত সিন্ধু প্ৰদেশ, যি এতিয়া পাকিস্তানৰ অংশ, ভাৰতলৈ ঘূৰাই অনাৰ সপোনৰ কথা আদিত্যনাথে প্ৰকাশ কৰে।  এই সন্দৰ্ভত মন্তব্য কৰি  যোগীয়ে দেশ বিভাজনৰ বিষয়টোও উত্থাপন কৰে। কাৰো  নাম নোলোৱাকৈ তেওঁ মহাত্মা গান্ধীক লক্ষ্য কৰি  সমালোচনা কৰে। 

লক্ষ্ণৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় সিন্ধি সন্মিলনত ১০ খন দেশ আৰু ১০ খন ৰাজ্যৰ মুঠ ২২৫গৰাকী অতিথি উপস্থিত থাকে। ভাষণত যোগীয়ে কয়, "লক্ষ্ণৌৰ পৰা অযোধ্যালৈ দূৰত্ব বেছি  নহয়। ৫০০ বছৰৰ পিছত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। 
যদি  ৰাম জন্মভূমি পুনৰুদ্ধাৰ কৰা সম্ভৱ হয়, সিন্ধু কিয় নহ’ব?’’ যোগীয়ে পৰামৰ্শ দিয়ে যে সিন্ধু সম্প্ৰদায়ৰ লোকসকলে বৰ্তমান প্ৰজন্মক তেওঁলোকৰ ইতিহাসৰ বিষয়ে ক'ব লাগে।

যোগীয়ে কয় "১৯৪৭ চনৰ বিভাজন দুখজনক আছিল। যিটো সকলোৱে এৰাই চলিব পাৰিলেহেঁতেন। এজন ব্যক্তিৰ একচেটিয়া অধিকাৰৰ বাবে দেশখনে বিভাজনৰ ট্ৰেজেডী প্ৰত্যক্ষ কৰিব লগা হৈছিল। ফলস্বৰূপে, লাখ লাখ লোক নিহত হৈছিল। ভাৰতৰ এটা ডাঙৰ অংশ পাকিস্তান হৈ পৰিছিল।’’ এনেদৰে যোগীয়ে মহাত্মা গান্ধীৰ নাম নোলোৱাকৈ তেওঁক সমালোচনা কৰে। পাকিস্তানৰ সিন্ধু প্ৰদেশ সিন্ধি সম্প্ৰদায়ৰ আদি বাসস্থান আছিল।

 ইয়াৰ পূৰ্বে এল কে আদৱানীয়ে কৈছিল, "সিন্ধু ভাৰতৰ সৈতে সংযুক্ত নোহোৱালৈকে ভাৰত অসম্পূৰ্ণ হৈ ৰ’ব।’’ উল্লেখ্য  আদৱানীৰ জন্ম অবিভক্ত ভাৰতৰ কৰাচীত হৈছিল। তেওঁ পাকিস্তানৰ হাতলৈ সিন্ধু প্ৰদেশ  গুচি যোৱাৰ বাবে দুখ  প্ৰকাশ কৰিছিল। এসময়ত আদৱানীয়েও কৈছিল "বিভাজনৰ সময়ত, যেতিয়া মই শুনিছিলো যে সিন্ধু , কৰাচী ভাৰতৰ অংশ হৈ নাথাকিব, মই গভীৰভাৱে দুখিত হৈছিলোঁ।’’











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ