--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ ৰেফ্ৰিজেৰেটৰটোৱেও কেতিয়াবা  বিপদ ঘটাব পাৰে। ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ বিস্ফোৰণ ঘটি একেটা  পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু হৈছে।  ঘৰৰ ভিতৰত থকা ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰটো হঠাতে শব্দ কৰি  বিস্ফোৰিত হৈছিল। । এই শোকাৱহ ঘটনাটো পঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে।

 বাতৰি অনুসৰি  ফ্ৰিজটো বিস্ফোৰণ ঘটাৰ পিছতে  গোটেই ঘৰটোত জুই লাগিছিল। ফলত তাত থকা তাত পাঁচজন লোকৰ মৃত্যু ঘটে ।  কেনেকৈ এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে সেই বিষয়ত আৰক্ষীয়ে অনুসন্ধান কৰি আছে। 

ঘটনাটো দেওবাৰে নিশা সংঘটিত হৈছে। জলন্ধৰৰ অৱতাৰ নগৰ অঞ্চলৰ এটা ঘৰত  ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ বিস্ফোৰিত হয়। ৭০ বছৰীয়া যশপাল ঘাই আৰু ৪০ বছৰীয়া ৰুচি ঘাই সেই সময়ত ঘৰত আছিল। ইয়াৰ উপৰি ঘটনাটোৰ সময়ত ১৪, ১২ আৰু ১০ বছৰ বয়সৰ তিনিগৰাকী শিশু- কিশোৰো ঘৰত আছিল। হঠাতে ফ্ৰিজত থকা কম্প্ৰেচাৰটো ফাটি যোৱাৰ পিছতে গোটেই ঘৰটোত জুই লাগে। 

জুই লগাৰ  খবৰ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।  ঘৰৰ ভিতৰৰ পৰা পাঁচজন লোকক উদ্ধাৰ কৰি তেওঁলোকক এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।  কিন্তু তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসালয়তে  সময়ত পাঁচোজন লোকৰ মৃত্যু ঘটে। জলন্ধৰ আৰক্ষীৰ লগতে  ফৰেনচিক দলে  ফ্ৰিজৰ কম্প্ৰেচাৰটো কেনেকৈ ফাটিছিল আৰু তাৰ পৰা জুই কেনেকৈ বিয়পিছিল জানিবলৈ নমুনা সংগ্ৰহ কৰি আছে।

জলন্ধৰৰ অতিৰিক্ত উপায়ুক্তই কয়, "এটা ঘৰত বিস্ফোৰণৰ খবৰ পোৱাৰ পিছত আমি ঘটনাস্থলীত উপস্থিত হৈছিলো। অৱশ্যে, আমি বিস্ফোৰণৰ কাৰণ অনুসন্ধান কৰি আছো। এটা বিশেষ ফৰেনচিক দলে ইতিমধ্যে নমুনা সংগ্ৰহ কৰা আৰম্ভ কৰিছে। "







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু