--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ ৰেফ্ৰিজেৰেটৰটোৱেও কেতিয়াবা  বিপদ ঘটাব পাৰে। ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ বিস্ফোৰণ ঘটি একেটা  পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু হৈছে।  ঘৰৰ ভিতৰত থকা ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰটো হঠাতে শব্দ কৰি  বিস্ফোৰিত হৈছিল। । এই শোকাৱহ ঘটনাটো পঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে।

 বাতৰি অনুসৰি  ফ্ৰিজটো বিস্ফোৰণ ঘটাৰ পিছতে  গোটেই ঘৰটোত জুই লাগিছিল। ফলত তাত থকা তাত পাঁচজন লোকৰ মৃত্যু ঘটে ।  কেনেকৈ এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে সেই বিষয়ত আৰক্ষীয়ে অনুসন্ধান কৰি আছে। 

ঘটনাটো দেওবাৰে নিশা সংঘটিত হৈছে। জলন্ধৰৰ অৱতাৰ নগৰ অঞ্চলৰ এটা ঘৰত  ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ বিস্ফোৰিত হয়। ৭০ বছৰীয়া যশপাল ঘাই আৰু ৪০ বছৰীয়া ৰুচি ঘাই সেই সময়ত ঘৰত আছিল। ইয়াৰ উপৰি ঘটনাটোৰ সময়ত ১৪, ১২ আৰু ১০ বছৰ বয়সৰ তিনিগৰাকী শিশু- কিশোৰো ঘৰত আছিল। হঠাতে ফ্ৰিজত থকা কম্প্ৰেচাৰটো ফাটি যোৱাৰ পিছতে গোটেই ঘৰটোত জুই লাগে। 

জুই লগাৰ  খবৰ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।  ঘৰৰ ভিতৰৰ পৰা পাঁচজন লোকক উদ্ধাৰ কৰি তেওঁলোকক এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।  কিন্তু তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসালয়তে  সময়ত পাঁচোজন লোকৰ মৃত্যু ঘটে। জলন্ধৰ আৰক্ষীৰ লগতে  ফৰেনচিক দলে  ফ্ৰিজৰ কম্প্ৰেচাৰটো কেনেকৈ ফাটিছিল আৰু তাৰ পৰা জুই কেনেকৈ বিয়পিছিল জানিবলৈ নমুনা সংগ্ৰহ কৰি আছে।

জলন্ধৰৰ অতিৰিক্ত উপায়ুক্তই কয়, "এটা ঘৰত বিস্ফোৰণৰ খবৰ পোৱাৰ পিছত আমি ঘটনাস্থলীত উপস্থিত হৈছিলো। অৱশ্যে, আমি বিস্ফোৰণৰ কাৰণ অনুসন্ধান কৰি আছো। এটা বিশেষ ফৰেনচিক দলে ইতিমধ্যে নমুনা সংগ্ৰহ কৰা আৰম্ভ কৰিছে। "







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ