--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু চৰ্চিত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ দিশত আৰু এঢাপ আগুৱালে ৰাম জন্মভূমি ন্যাস কমিটী। আজি ৰাম মন্দিৰৰ গৰ্ভগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। পবিত্ৰ গৰ্ভগৃহৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে, এই দিনটো ৰাম মন্দিৰৰ নিৰ্মাণৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো ভাৰতে ৫০০ বছৰীয়া সংঘৰ্ষৰ পাছত এই বিজয় সাব্যস্ত কৰিছে।

 

উল্লেখ্য যে, ৰাম মন্দিৰৰ নিৰ্মাণৰ দিশৰ পৰা বুধবাৰৰ দিনটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ এটা দিন আছিল। কিয়নো আজিৰ এই দিনটোতে মন্দিৰ নিৰ্মাণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ দ্বিতীয়টো ঢাপৰ কামৰ আৰম্ভণি ঘটিল। মুখ্যমন্ত্ৰী আদিত্যনাথে ৰাম জন্মভূমিত বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে হোৱা বিধি-বিধানৰ মাজেৰে মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰি তেওঁ কয় যে, ৫০০ বছৰীয়া অপেক্ষাৰ পাছত এয়া বাস্তৱত পৰিণত হ’ল।

 

যোগী আদিত্যনাথে কয়, দেশ আক্ৰমণকাৰীসকলে ভাৰতৰ আস্থাৰ ওপৰত আক্ৰমণ চলাইছিল। কিন্তু অৱশেষত ভাৰত আৰু সত্যৰ জয় হ’ল। এয়া আক্ৰমণকাৰীৰ বিৰুদ্ধে দেশৰ বিজয়। এই জয়ৰ বাবে ৫০০ বছৰীয়া সংঘৰ্ষৰ বাট অতিক্ৰম কৰিবলগীয়া হৈছে দেশে। প্ৰতিজন ভাৰতীয়ৰ বাবে ইয়াতকৈ গৰ্বৰ ক্ষণ আৰু কি হ’ব পাৰে?’ তেওঁ লগতে কয় যে, দেশ আক্ৰমণকাৰীসকলৰ কুটিল মানসিকতা আৰু ভাৰতৰ সপোনক মষিমূৰ কৰাৰ মানসিকতাৰে ভাৰতৰ আস্থাৰ ওপৰত আক্ৰমণ চলাইছিল যদিও অৱশেষত আমাৰ আস্থাৰে বিজয় হ’ল।

 

খুব সোনকালেই এতিয়া এই মন্দিৰৰ নিৰ্মাণ সম্পূ্ৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰি এই মন্দিৰ দেশ-বিদেশৰ ভক্তসকলৰ বাবে অচিৰেই আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিব বুলিও তেওঁ মন্তব্য কৰে।



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ