--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু চৰ্চিত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ দিশত আৰু এঢাপ আগুৱালে ৰাম জন্মভূমি ন্যাস কমিটী। আজি ৰাম মন্দিৰৰ গৰ্ভগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। পবিত্ৰ গৰ্ভগৃহৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে, এই দিনটো ৰাম মন্দিৰৰ নিৰ্মাণৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো ভাৰতে ৫০০ বছৰীয়া সংঘৰ্ষৰ পাছত এই বিজয় সাব্যস্ত কৰিছে।

 

উল্লেখ্য যে, ৰাম মন্দিৰৰ নিৰ্মাণৰ দিশৰ পৰা বুধবাৰৰ দিনটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ এটা দিন আছিল। কিয়নো আজিৰ এই দিনটোতে মন্দিৰ নিৰ্মাণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ দ্বিতীয়টো ঢাপৰ কামৰ আৰম্ভণি ঘটিল। মুখ্যমন্ত্ৰী আদিত্যনাথে ৰাম জন্মভূমিত বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে হোৱা বিধি-বিধানৰ মাজেৰে মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰি তেওঁ কয় যে, ৫০০ বছৰীয়া অপেক্ষাৰ পাছত এয়া বাস্তৱত পৰিণত হ’ল।

 

যোগী আদিত্যনাথে কয়, দেশ আক্ৰমণকাৰীসকলে ভাৰতৰ আস্থাৰ ওপৰত আক্ৰমণ চলাইছিল। কিন্তু অৱশেষত ভাৰত আৰু সত্যৰ জয় হ’ল। এয়া আক্ৰমণকাৰীৰ বিৰুদ্ধে দেশৰ বিজয়। এই জয়ৰ বাবে ৫০০ বছৰীয়া সংঘৰ্ষৰ বাট অতিক্ৰম কৰিবলগীয়া হৈছে দেশে। প্ৰতিজন ভাৰতীয়ৰ বাবে ইয়াতকৈ গৰ্বৰ ক্ষণ আৰু কি হ’ব পাৰে?’ তেওঁ লগতে কয় যে, দেশ আক্ৰমণকাৰীসকলৰ কুটিল মানসিকতা আৰু ভাৰতৰ সপোনক মষিমূৰ কৰাৰ মানসিকতাৰে ভাৰতৰ আস্থাৰ ওপৰত আক্ৰমণ চলাইছিল যদিও অৱশেষত আমাৰ আস্থাৰে বিজয় হ’ল।

 

খুব সোনকালেই এতিয়া এই মন্দিৰৰ নিৰ্মাণ সম্পূ্ৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰি এই মন্দিৰ দেশ-বিদেশৰ ভক্তসকলৰ বাবে অচিৰেই আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিব বুলিও তেওঁ মন্তব্য কৰে।



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ