--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ১ জুন৷ আৰু আজিৰে পৰা সংকুচিত হ’ব আপোনাৰ দৈনন্দিন জীৱনপ্ৰণালী৷ সহজ হৈ নাথাকিব মধ্যবিত্তৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া৷ কিয়নো, আজিৰে পৰা গৃহ ঋণ লোৱা আৰু বীমা লাভ কৰা হৈ পৰিল ব্যয়বহুল প্ৰক্ৰিয়া৷ আজিৰে পৰা এনে ছটা বৃহৎ পৰিৱৰ্তন কৰা হৈছে, যিয়ে প্ৰভাৱিত কৰিব আপোনাৰ জীৱন৷ 

আজিৰ পৰা এছবিআইৰ পৰা গৃহ ঋণ আৰু গাড়ীখনৰ তৃতীয়-পক্ষৰ বীমা লোৱা ব্যয়বহুল হ’ব। দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ লগতে অন্যান্য ডাঙৰ বাহনৰ তৃতীয় পক্ষৰ বীমা আজিৰ পৰা ব্যয়বহুল হৈ পৰিছে। অৰ্থাৎ, এতিয়া আপুনি তৃতীয় পক্ষৰ বীমাৰ বাবে অধিক প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব। দুচকীয়া বাহনৰ ক্ষেত্ৰত, ১৫০ চিচিৰ পৰা ৩৫০ চিচিৰ ভিতৰত বাহনবোৰে ১,৩৬৬ টকাৰ প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব৷ আনহাতে ৩৫০ চিচিৰ ওপৰৰ বাহনৰ বাবে, প্ৰিমিয়াম হ’ব ২,৮০৪ টকা৷  

ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গৃহ ঋণ বাহ্যিক বেঞ্চমাৰ্ক ঋণৰ হাৰ (ই.বি.এল.আৰ.) ৪০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৭.০৫%লৈ বৃদ্ধি কৰিছে৷ আনহাতে আৰ.এল.এল.আৰ. ৬.৬৫% আৰু ক্ৰেডিট ৰিস্ক প্ৰিমিয়াম (চি.আৰ.পি.) হ’ব। বৰ্ধিত সূতৰ হাৰ আজিৰ পৰা কাৰ্যকৰী হৈছে৷

আজি সোণৰ হলমাৰ্কিঙৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। এতিয়া ২৫৬খন পুৰণি জিলাৰ উপৰিও ৩২খন নতুন জিলাত হলমাৰ্কিং কেন্দ্ৰখোলা হ’ব। এতিয়া এই ২৮৮খন জিলাত সোণৰ অলংকাৰৰ হলমাৰ্কিং বাধ্যতামূলক হৈ পৰিছে। এই জিলাসমূহত এতিয়া কেৱল ১৪, ১৮, ২০, ২২, ২৩ আৰু ২৪ কেৰেটৰ অলংকাৰ বিক্ৰী কৰিব পাৰি। এইবোৰো হলমাৰ্কিংৰ পিছতহে বিক্ৰী কৰিবলৈ সক্ষম হ’ব।

এক্সিছ বেংক সঞ্চয় একাউণ্ট নিয়মৰো পৰিৱৰ্তন-
এক্সিছ বেংকে সঞ্চয় একাউণ্টৰ ওপৰত সেৱা মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। আজিৰ পৰা সঞ্চয় একাউণ্টত নিম্নতম বেলেন্স ৰখাৰ সীমা বৃদ্ধি কৰা হৈছে। ইয়াৰ অধীনত, অৰ্ধ-নগৰ আৰু গ্ৰাম্য অঞ্চলৰ গ্ৰাহকসকলে এক্সিছ বেংকৰ সকলো ধৰণৰ সঞ্চয় একাউণ্টত ১৫,০০০ টকাৰ পৰিৱৰ্তে নিম্নতম ২৫,০০০ টকা বা ১ লাখ টকাৰ ম্যাদী জমা ৰাখিব লাগিব।

আজিৰ পৰা এলপিজি চিলিণ্ডাৰৰ নতুন মূল্য মুকলি কৰা হৈছে। বুধবাৰে ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য যথেষ্ট হ্ৰাস কৰা হৈছে৷ বাণিজ্যিক গেছ চিলিণ্ডাৰ আজিৰ পৰা ১৩৫ টকাকৈ হ্ৰাস পাইছে৷ নতুন মূল্য মুকলি হোৱাৰ পাছত দিল্লীত গেছ চিলিণ্ডাৰৰ মূল্য ২,২১৯ টকা, কলকাতাত ২,৩২২ টকা, মুম্বাইত ২,১৭১.৫০ টকা আৰু চেন্নাইত প্ৰতি চিলিণ্ডাৰত ২,৩৭৩ টকা হৈছেগৈ৷ 

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই) আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ (পিএমএছবিৱাই) প্ৰিমিয়াম বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ প্ৰিমিয়ামৰ হাৰ বছৰি ৩৩০ টকাৰ পৰা ৪৩৬ টকালৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মতে, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বাৰ্ষিক প্ৰিমিয়াম ১২ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি কৰা হৈছে। এই নতুন প্ৰিমিয়াম হাৰবোৰো আজিৰে পৰা পৰা কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ