--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান মানুহৰ জীৱনত ছেলফীৰ গুৰুত্ব অপৰিসীম। কিছুমান মানুহৰ ছেলফী তোলাৰ নিচা থাকে কিন্তু এই নিচাৰ বাবেই কেতিয়াবা বহু মানুহ বিপদত পৰা দেখা যায়। শেহতীয়াকৈ ছেলফীৰ বাবে বিপদত পৰিল এগৰাকী আৰক্ষী বিষয়া। উত্তৰ প্ৰদেশ আৰক্ষীৰ উপ-পৰিদৰ্শক ৰমেশ সাহানীৰ পত্নী আৰু পুত্ৰ-কন্যাই এখন চেলফি তুলিছিল। আৰু সেই চেলফিৰ বাবেই  এতিয়া ডাঙৰ বিপদত পৰিছে ৰমেশ সাহানী। 
Image
এই উপ-পৰিদৰ্শকজন উন্নাও জিলাৰ বেটা মুজাৱাৰ অঞ্চলত নিযুক্ত হৈ আছিল। বৃহস্পতিবাৰে (২৯ জুন) তেওঁৰ পত্নী আৰু সন্তানৰ চেলফি ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। ছবিখনত দেখা গৈছে বিচনাত ৫০০ টকীয়া নোটৰ বাণ্ডিল সজাই থোৱা আছে। য’ত তেওঁলোকে ৫০০ টকীয়া নোটৰ বাণ্ডিল লৈ পোজ দিয়া দেখা গৈছে। নোটৰ বাণ্ডিলৰ সৈতে এই ছবি ভাইৰেল হোৱাৰ পিছতে উপ-পৰিদৰ্শক ৰমেশ সাহানীক বদলি কৰা হয়।
Image
নগদ ধনৰ বাণ্ডিলসহ আৰক্ষীগৰাকীৰ পৰিয়ালে তোলা এই ছেলফীৰ বাবে আৰক্ষী বিষয়া ৰমেশ সাহানীক তৎক্ষণাত বদলি কৰা হয়। পত্নী আৰু সন্তানে তোলা ছেলফী ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে পুলিচজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়।

বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ফটোখনত আৰক্ষী বিষয়াগৰাকীৰ পত্নী আৰু দুই সন্তানে ১৪ লাখ টকাৰ প্ৰকাণ্ড নগদ ধনৰ বাণ্ডিল লৈ বিচনাত বহি থকা দেখা গৈছে।

নোটৰ বাণ্ডিলৰ ফটো ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে। 

অৱশ্যে ৰমেশ চন্দ্ৰ সাহানীয়ে নিজৰ পক্ষ ৰক্ষা কৰি কয় যে এই ফটোখন ২০২১ চনৰ ১৪ নৱেম্বৰত লোৱা হৈছিল, যেতিয়া তেওঁ এটা পৰিয়ালৰ সম্পত্তি বিক্ৰী কৰিছিল। ফটোখনত দেখুওৱা নগদ ধনখিনি হৈছে সেই সম্পত্তিৰ বিক্ৰীৰ পৰা পোৱা ধন।
Image
আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ শংকৰ মীনাই এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি ঘটনাৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন