--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান মানুহৰ জীৱনত ছেলফীৰ গুৰুত্ব অপৰিসীম। কিছুমান মানুহৰ ছেলফী তোলাৰ নিচা থাকে কিন্তু এই নিচাৰ বাবেই কেতিয়াবা বহু মানুহ বিপদত পৰা দেখা যায়। শেহতীয়াকৈ ছেলফীৰ বাবে বিপদত পৰিল এগৰাকী আৰক্ষী বিষয়া। উত্তৰ প্ৰদেশ আৰক্ষীৰ উপ-পৰিদৰ্শক ৰমেশ সাহানীৰ পত্নী আৰু পুত্ৰ-কন্যাই এখন চেলফি তুলিছিল। আৰু সেই চেলফিৰ বাবেই  এতিয়া ডাঙৰ বিপদত পৰিছে ৰমেশ সাহানী। 
Image
এই উপ-পৰিদৰ্শকজন উন্নাও জিলাৰ বেটা মুজাৱাৰ অঞ্চলত নিযুক্ত হৈ আছিল। বৃহস্পতিবাৰে (২৯ জুন) তেওঁৰ পত্নী আৰু সন্তানৰ চেলফি ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। ছবিখনত দেখা গৈছে বিচনাত ৫০০ টকীয়া নোটৰ বাণ্ডিল সজাই থোৱা আছে। য’ত তেওঁলোকে ৫০০ টকীয়া নোটৰ বাণ্ডিল লৈ পোজ দিয়া দেখা গৈছে। নোটৰ বাণ্ডিলৰ সৈতে এই ছবি ভাইৰেল হোৱাৰ পিছতে উপ-পৰিদৰ্শক ৰমেশ সাহানীক বদলি কৰা হয়।
Image
নগদ ধনৰ বাণ্ডিলসহ আৰক্ষীগৰাকীৰ পৰিয়ালে তোলা এই ছেলফীৰ বাবে আৰক্ষী বিষয়া ৰমেশ সাহানীক তৎক্ষণাত বদলি কৰা হয়। পত্নী আৰু সন্তানে তোলা ছেলফী ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে পুলিচজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়।

বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ফটোখনত আৰক্ষী বিষয়াগৰাকীৰ পত্নী আৰু দুই সন্তানে ১৪ লাখ টকাৰ প্ৰকাণ্ড নগদ ধনৰ বাণ্ডিল লৈ বিচনাত বহি থকা দেখা গৈছে।

নোটৰ বাণ্ডিলৰ ফটো ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে। 

অৱশ্যে ৰমেশ চন্দ্ৰ সাহানীয়ে নিজৰ পক্ষ ৰক্ষা কৰি কয় যে এই ফটোখন ২০২১ চনৰ ১৪ নৱেম্বৰত লোৱা হৈছিল, যেতিয়া তেওঁ এটা পৰিয়ালৰ সম্পত্তি বিক্ৰী কৰিছিল। ফটোখনত দেখুওৱা নগদ ধনখিনি হৈছে সেই সম্পত্তিৰ বিক্ৰীৰ পৰা পোৱা ধন।
Image
আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ শংকৰ মীনাই এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি ঘটনাৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস