--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অধিবেশনত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে "যেতিয়া মই নিমন্ত্ৰণ পাইছিলো তেতিয়া মই সিদ্ধান্ত লৈছিলো যে মই আহিব লাগিব। মই সুখী যে মই এই পৰিৱেশত আহিবলৈ সুযোগ পাইছো, আজি মই মেট্ৰ’ৰ পৰা দেশৰ বন্ধু-বান্ধৱীৰ সৈতে মত বিনিময় কৰি আহিছোঁ।"


দিল্লী বিশ্ববিদ্যালয়ৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিকোনো দেশেই হওক, ইয়াৰ বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ দেশখনৰ কৃতিত্বৰ প্ৰকৃত প্ৰতীক। দিল্লী বিশ্ববিদ্যালয় কেৱল এখন বিশ্ববিদ্যালয় নহয় বৰঞ্চ এক মুহূৰ্ত। এই বিশ্ববিদ্যালয়ে প্ৰতিটো মুহূৰ্তত জীয়াই আছে, এই বিশ্ববিদ্যালয়ে প্ৰতিটো মুহূৰ্তক প্ৰাণ দিছে।

অনুষ্ঠানত উপস্থিত শিক্ষকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প পুনৰবাৰ উল্লেখ কৰে। মোদীয়ে কয়, আগতে যেতিয়া মই আমেৰিকা ভ্ৰমণলৈ গৈছিলো, সেই সময়ছোৱাত মই উপলব্ধি কৰিছিলো যে আমাৰ দেশৰ সন্মান বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাইছে। আজি ভাৰত বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি। দেশৰ লিংগ অনুপাতৰ উন্নতি ঘটিছে আৰু ভাৰতৰ ড্ৰ’ন নীতিতো এক বৃহৎ পৰিৱৰ্তন ঘটিছে।

তদুপৰি তেওঁ উল্লেখ কৰে যে যোৱা শতিকাৰ তৃতীয় দশকে স্বাধীনতা সংগ্ৰামক নতুন গতি দিছিল, এতিয়া এই শতিকাৰ এই তৃতীয় দশকে ভাৰতৰ উন্নয়ন যাত্ৰাক এক নতুন গতি প্ৰদান কৰিব। আজি সমগ্ৰ দেশতে বৃহৎ সংখ্যক বিশ্ববিদ্যালয়-মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। আমাৰ শিক্ষানুষ্ঠানসমূহে পৃথিৱীত এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। এটা সময় আছিল যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে যিকোনো প্ৰতিষ্ঠানত নামভৰ্তি লোৱাৰ আগতে কেৱল প্লেচমেণ্টকহে অগ্ৰাধিকাৰ দিছিল। কিন্তু আজি যুৱক-যুৱতীসকলে জীৱনটোত নতুন কিবা এটা কৰিব বিচাৰিছে। নিজৰ ৰেখাডাল আঁকিব বিচাৰে বুলি অভিহিত কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন