--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অধিবেশনত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে "যেতিয়া মই নিমন্ত্ৰণ পাইছিলো তেতিয়া মই সিদ্ধান্ত লৈছিলো যে মই আহিব লাগিব। মই সুখী যে মই এই পৰিৱেশত আহিবলৈ সুযোগ পাইছো, আজি মই মেট্ৰ’ৰ পৰা দেশৰ বন্ধু-বান্ধৱীৰ সৈতে মত বিনিময় কৰি আহিছোঁ।"


দিল্লী বিশ্ববিদ্যালয়ৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিকোনো দেশেই হওক, ইয়াৰ বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ দেশখনৰ কৃতিত্বৰ প্ৰকৃত প্ৰতীক। দিল্লী বিশ্ববিদ্যালয় কেৱল এখন বিশ্ববিদ্যালয় নহয় বৰঞ্চ এক মুহূৰ্ত। এই বিশ্ববিদ্যালয়ে প্ৰতিটো মুহূৰ্তত জীয়াই আছে, এই বিশ্ববিদ্যালয়ে প্ৰতিটো মুহূৰ্তক প্ৰাণ দিছে।

অনুষ্ঠানত উপস্থিত শিক্ষকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প পুনৰবাৰ উল্লেখ কৰে। মোদীয়ে কয়, আগতে যেতিয়া মই আমেৰিকা ভ্ৰমণলৈ গৈছিলো, সেই সময়ছোৱাত মই উপলব্ধি কৰিছিলো যে আমাৰ দেশৰ সন্মান বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাইছে। আজি ভাৰত বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি। দেশৰ লিংগ অনুপাতৰ উন্নতি ঘটিছে আৰু ভাৰতৰ ড্ৰ’ন নীতিতো এক বৃহৎ পৰিৱৰ্তন ঘটিছে।

তদুপৰি তেওঁ উল্লেখ কৰে যে যোৱা শতিকাৰ তৃতীয় দশকে স্বাধীনতা সংগ্ৰামক নতুন গতি দিছিল, এতিয়া এই শতিকাৰ এই তৃতীয় দশকে ভাৰতৰ উন্নয়ন যাত্ৰাক এক নতুন গতি প্ৰদান কৰিব। আজি সমগ্ৰ দেশতে বৃহৎ সংখ্যক বিশ্ববিদ্যালয়-মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। আমাৰ শিক্ষানুষ্ঠানসমূহে পৃথিৱীত এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। এটা সময় আছিল যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে যিকোনো প্ৰতিষ্ঠানত নামভৰ্তি লোৱাৰ আগতে কেৱল প্লেচমেণ্টকহে অগ্ৰাধিকাৰ দিছিল। কিন্তু আজি যুৱক-যুৱতীসকলে জীৱনটোত নতুন কিবা এটা কৰিব বিচাৰিছে। নিজৰ ৰেখাডাল আঁকিব বিচাৰে বুলি অভিহিত কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ৫৯৪ কিঃমিঃ দৈৰ্ঘৰ গংগা এক্সপ্ৰেছৱে'
সোণ-ৰূপ নহয়, কইনাৰ ওচৰত 'মাটিৰ চৌকা'ৰ দাবী! উত্তৰ প্ৰদেশৰ বিয়াত দৰাৰ অনন্য চৰ্ত
মায়ং আৰক্ষীৰ বৃহৎ সাফল্য; ড্ৰাগছসহ আটক দুজন সৰবৰাহকাৰী
পাকিস্তানৰ নতুন সংকট: অৰ্থনৈতিক দুৰৱস্থাৰ মাজতে আন এক বিপদৰ সন্মুখীন দেশখন
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ