--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কালি সন্ধিয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পাঁচ হাজাৰ শিল্পীয়ে সমূহীয়াভাৱে 'নাগাৰা' বাদ্যযন্ত্ৰ আৰু তাল বজাই ৰজনজনাই তোলে হৰিমন্দিৰ বাকৰি।

ডিজিটেল ডেস্ক : অসমৰ পৰম্পৰাগত লোক পৰিৱেশ্য কলা তথা নামনি অসমৰ অন্যতম লোক-সংস্কৃতি নাগাৰা নামেৰে কালি ৰজনজনালে নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰি।


কালি সন্ধিয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পাঁচ হাজাৰ শিল্পীয়ে সমূহীয়াভাৱে 'নাগাৰা' বাদ্যযন্ত্ৰ আৰু তাল বজাই ৰজনজনাই তোলে হৰিমন্দিৰ বাকৰি। 


ভক্তিমূলক গীত, পদ আৰু কাহিনী পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। উল্লেখযোগ্য যে জিলাখনৰ নাগাৰা সূৰ্য প্রয়াত ৰামচৰণ ভৰালীৰ দল, কৈলাশ তালুকদাৰ, বৈজয়ন্তী তালুকদাৰ আদিৰ লগতে প্রায় ৫০০টা নাগাৰা নাম দলৰ পাঁচ হাজাৰ শিল্পীয়ে এই নাগাৰা নাম পৰিৱেশন কৰে। 


এই নাগাৰা নাম আনুষ্ঠানিকভাৱে উদ্বোধন কৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, 'আজি নলবাৰী হৰিমন্দিৰ আৰু জিলাখনৰ বাবে এটা গৌৰৱৰ দিন। প্রাচীন কামৰূপৰ অন্যতম লোক পৰিৱেশ্য কলা নাগাৰা নাম একেলগে পৰিৱেশন কৰিছে নলবাৰী জিলাৰ পাঁচ হাজাৰ শিল্পীয়ে। ইয়াৰ লক্ষ্য হ'ল অসম আৰু নলবাৰীৰ সংস্কৃতিক সুন্দৰভাৱে সুৰক্ষিত কৰি ৰখা। 


এই পৰম্পৰা ৰক্ষা কৰি ধৰি ৰাখিছে নলবাৰী জিলাৰ কলা-সংস্কৃতিৰ স'তে জড়িত শিল্পী আৰু সহযোগীসকলে। অসমৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰিবলৈ আমি আজি সকলো সংঘবদ্ধ। মন্ত্ৰীগৰাকীয়ে নাগাৰা নাম সংঘক আর্থিকভাৱে পিছপৰা শিল্পীসকলক আৰু বেমাৰ আদিত সহায় কৰিবলৈ এটি সাহায্য নিধি গঠন কৰাৰ বাবে আহ্বান জনায়। 


উল্লেখযোগ্য যে মাঘ মাহজোৰা নাগাৰা নামৰ লগত সংগতি ৰাখি নলবাৰী হৰি মন্দিৰ বাকৰিত কালি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৱাবেলিও ৭ হাজাৰ আয়তীয়ে একেলগে দিহানাম পৰিৱেশন কৰিছিল। কালি মন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ মাতৃ আৰু পত্নী জুলি ডেকা বৰুৱা, জিলা নাগাৰা নাম সংঘৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু