--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডকাইতৰ দলটোৱে লুটপাট চলোৱাৰ সময়ত আৰক্ষীক আৱাসীয়ে খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বেই দলটোৱে পলায়ন কৰে।

ডিজিটেল ডেস্ক: যোৰহাটৰ এটা ফ্লেটত শনিবাৰে নিশা সংঘটিত হোৱা ডকাইতিৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাট ন আলি উৰণ সেতুৰ কাষত থকা এ বি জি হাইট নামৰ ফ্লেটটোত সংঘটিত হয় এই ঘটনা। 


শনিবাৰে নিশা প্ৰায় ডেৰ বজাত উক্ত ফ্লেটটোত প্ৰৱেশ কৰে চাৰিজনীয়া এটা ডকাইতৰ দল। হাতে হাতে লাঠি আৰু বিভিন্ন লোহা জাতীয় অস্ত্ৰ লৈ ফ্লেটটোৰ পিছফালৰ পৰা প্ৰবেশ কৰে। যিকেইটা ফ্লেটত তলা বন্ধ আছিল সেইকেইটাক মূলত ডকাইতৰ দলটোৱে লক্ষ্য কৰি লয়। 


প্ৰথমে ফ্লেটটোৰ এ ব্লক , পিছত বি আৰু চি ব্লকৰ চাৰিটাকৈ কোঠাত অভিযান চলায়। ইয়াৰে তিনিটা কোঠাত ডকাইতৰ দলটোৱে প্ৰবেশ কৰি সোণৰ আ- অলংকাৰকে ধৰি বিভিন্ন সামগ্ৰী লৈ উধাও হয়। নিশা ডেৰ বজাৰ পৰা ৩-৪০ বজা পৰ্যন্ত ডকাইতৰ দলটোৱে ফ্লেটটোত লুটপাট চলায়।  


ডকাইতৰ দলটোৱে লুটপাট চলোৱাৰ সময়ত আৰক্ষীক আৱাসীয়ে খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বেই দলটোৱে পলায়ন কৰে। ইতিমধ্যেই আৰক্ষীয়ে ফ্লেটটোৰ নিৰাপত্তাৰ দায়িত্বত থকা ব্যক্তিগৰাকীক সোধ পোচ কৰাৰ বাবে আটক কৰিছে আৰু ডকাইত কেইটাৰ ফটো চিচি টিভিৰ ফটো সংগ্ৰহ কৰি অভিযান অব্যাহত ৰাখিছে। যোৰহাটৰ ন আলিৰ দৰে এক শান্তিপূৰ্ণ এলেকাত সংঘটিত হোৱা এনে ঘটনাই অঞ্চলবাসীক শংকিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু