--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডকাইতৰ দলটোৱে লুটপাট চলোৱাৰ সময়ত আৰক্ষীক আৱাসীয়ে খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বেই দলটোৱে পলায়ন কৰে।

ডিজিটেল ডেস্ক: যোৰহাটৰ এটা ফ্লেটত শনিবাৰে নিশা সংঘটিত হোৱা ডকাইতিৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাট ন আলি উৰণ সেতুৰ কাষত থকা এ বি জি হাইট নামৰ ফ্লেটটোত সংঘটিত হয় এই ঘটনা। 


শনিবাৰে নিশা প্ৰায় ডেৰ বজাত উক্ত ফ্লেটটোত প্ৰৱেশ কৰে চাৰিজনীয়া এটা ডকাইতৰ দল। হাতে হাতে লাঠি আৰু বিভিন্ন লোহা জাতীয় অস্ত্ৰ লৈ ফ্লেটটোৰ পিছফালৰ পৰা প্ৰবেশ কৰে। যিকেইটা ফ্লেটত তলা বন্ধ আছিল সেইকেইটাক মূলত ডকাইতৰ দলটোৱে লক্ষ্য কৰি লয়। 


প্ৰথমে ফ্লেটটোৰ এ ব্লক , পিছত বি আৰু চি ব্লকৰ চাৰিটাকৈ কোঠাত অভিযান চলায়। ইয়াৰে তিনিটা কোঠাত ডকাইতৰ দলটোৱে প্ৰবেশ কৰি সোণৰ আ- অলংকাৰকে ধৰি বিভিন্ন সামগ্ৰী লৈ উধাও হয়। নিশা ডেৰ বজাৰ পৰা ৩-৪০ বজা পৰ্যন্ত ডকাইতৰ দলটোৱে ফ্লেটটোত লুটপাট চলায়।  


ডকাইতৰ দলটোৱে লুটপাট চলোৱাৰ সময়ত আৰক্ষীক আৱাসীয়ে খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বেই দলটোৱে পলায়ন কৰে। ইতিমধ্যেই আৰক্ষীয়ে ফ্লেটটোৰ নিৰাপত্তাৰ দায়িত্বত থকা ব্যক্তিগৰাকীক সোধ পোচ কৰাৰ বাবে আটক কৰিছে আৰু ডকাইত কেইটাৰ ফটো চিচি টিভিৰ ফটো সংগ্ৰহ কৰি অভিযান অব্যাহত ৰাখিছে। যোৰহাটৰ ন আলিৰ দৰে এক শান্তিপূৰ্ণ এলেকাত সংঘটিত হোৱা এনে ঘটনাই অঞ্চলবাসীক শংকিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ