--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্মস্থলীৰ পৰা উভতি অহাৰ পথত প্ৰেমিকজনে প্ৰায়ে মদ খায়। বাৰে বাৰে মানা কৰিলেও তেওঁ নুশুনে। বেছিকৈ মদ খাই প্ৰেমিকাৰ লগত কাজিয়া কৰিবলৈ ধৰে। যুৱতীগৰাকীয়ে আত্মহত্যাৰ বাবে ৰে’ল লাইনত জপিয়াই মৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰে। কিন্তু ভয় দেখুৱাবলৈ গৈয়েই তেওঁৰ মৃত্যু হয়। 

সোমবাৰে নিশা আগ্ৰাৰ ৰাজা কি মাণ্ডী ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা। মৃত ছোৱালীজনীৰ নাম ৰাণী (৩৮)। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অত্যধিক মদ্যপানৰ বাবেই ৰাণীৰ প্ৰাক্তন স্বামী ধৰ্মেন্দ্ৰৰ মৃত্যু হয়। ৰাণীৰ তিনিটা সন্তান আছে। ডাঙৰ পুত্ৰ বিচ্ছেদ হ’লেও বাকী দুটা সন্তান ৰাণীৰ লগত থাকে। বিগত এবছৰ ধৰি কিশোৰ নামৰ আন এজনৰ সৈতে তেওঁৰ সম্পৰ্ক। পেছাত তেওঁ চাওমিন বিক্ৰেতা। কিশোৰৰ ঘৰ আগ্ৰাৰ লোহামণ্ডি অঞ্চলত। 

আৰক্ষীৰ মতে, ৰাণীয়ে আগতে কিশোৰৰ সৈতে একেলগে থাকিছিল। সোমবাৰে নিশা প্ৰায় ১০ বজাত সুৰাপান কৰি ঘৰলৈ উভতি আহে কিশোৰ। সেইটো দেখি ৰাণী খং উঠিল। দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’ল। ৰাণীয়ে কিশোৰজনক ভয় খুৱাবলৈ ধৰিলে যে তেওঁ ৰেল লাইনত জপিয়াই আত্মহত্যা কৰিব। ৰাণীয়ে ৰাজা কি মাণ্ডী ষ্টেচনলৈ লৈ যায়৷

কিশোৰে ক’লে, ষ্টেচন পোৱাৰ পিছত তেওঁ এটা প্লেটফৰ্মত বহি ৰাণীৰ লগত কথা পাতি আছিল। হঠাৎ ৰাণীৰ কাজিয়া আৰম্ভ হয় আৰু খঙত তাই প্লেটফৰ্মৰ পৰা ৰেললৈ জপিয়াই পৰে। ঠিক তেতিয়াই এখন ৰেল প্লেটফৰ্মত প্ৰৱেশ কৰি আছিল। 

ৰেলৱেৰ সূত্ৰৰ মতে, ৰেলখন চলি থকা দেখি ৰাণীয়ে খৰখেদাকৈ লাইনৰ পৰা প্লেটফৰ্মলৈ যাবলৈ চেষ্টা কৰে। কিন্তু সকলো প্ৰচেষ্টা বিফল হ’ল। ট্ৰেইন আৰু প্লেটফৰ্মৰ মাজত আবদ্ধ হৈ পৰে ৰাণী। লগে লগে সেই স্থানত উপস্থিত হয় ৰেলৱেৰ শ্ৰমিক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ৰাণীক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ত চিকিৎসাৰ সময়ত ৰাণীৰ মৃত্যু হয়। ৰাণীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ