--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্মস্থলীৰ পৰা উভতি অহাৰ পথত প্ৰেমিকজনে প্ৰায়ে মদ খায়। বাৰে বাৰে মানা কৰিলেও তেওঁ নুশুনে। বেছিকৈ মদ খাই প্ৰেমিকাৰ লগত কাজিয়া কৰিবলৈ ধৰে। যুৱতীগৰাকীয়ে আত্মহত্যাৰ বাবে ৰে’ল লাইনত জপিয়াই মৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰে। কিন্তু ভয় দেখুৱাবলৈ গৈয়েই তেওঁৰ মৃত্যু হয়। 

সোমবাৰে নিশা আগ্ৰাৰ ৰাজা কি মাণ্ডী ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা। মৃত ছোৱালীজনীৰ নাম ৰাণী (৩৮)। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অত্যধিক মদ্যপানৰ বাবেই ৰাণীৰ প্ৰাক্তন স্বামী ধৰ্মেন্দ্ৰৰ মৃত্যু হয়। ৰাণীৰ তিনিটা সন্তান আছে। ডাঙৰ পুত্ৰ বিচ্ছেদ হ’লেও বাকী দুটা সন্তান ৰাণীৰ লগত থাকে। বিগত এবছৰ ধৰি কিশোৰ নামৰ আন এজনৰ সৈতে তেওঁৰ সম্পৰ্ক। পেছাত তেওঁ চাওমিন বিক্ৰেতা। কিশোৰৰ ঘৰ আগ্ৰাৰ লোহামণ্ডি অঞ্চলত। 

আৰক্ষীৰ মতে, ৰাণীয়ে আগতে কিশোৰৰ সৈতে একেলগে থাকিছিল। সোমবাৰে নিশা প্ৰায় ১০ বজাত সুৰাপান কৰি ঘৰলৈ উভতি আহে কিশোৰ। সেইটো দেখি ৰাণী খং উঠিল। দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’ল। ৰাণীয়ে কিশোৰজনক ভয় খুৱাবলৈ ধৰিলে যে তেওঁ ৰেল লাইনত জপিয়াই আত্মহত্যা কৰিব। ৰাণীয়ে ৰাজা কি মাণ্ডী ষ্টেচনলৈ লৈ যায়৷

কিশোৰে ক’লে, ষ্টেচন পোৱাৰ পিছত তেওঁ এটা প্লেটফৰ্মত বহি ৰাণীৰ লগত কথা পাতি আছিল। হঠাৎ ৰাণীৰ কাজিয়া আৰম্ভ হয় আৰু খঙত তাই প্লেটফৰ্মৰ পৰা ৰেললৈ জপিয়াই পৰে। ঠিক তেতিয়াই এখন ৰেল প্লেটফৰ্মত প্ৰৱেশ কৰি আছিল। 

ৰেলৱেৰ সূত্ৰৰ মতে, ৰেলখন চলি থকা দেখি ৰাণীয়ে খৰখেদাকৈ লাইনৰ পৰা প্লেটফৰ্মলৈ যাবলৈ চেষ্টা কৰে। কিন্তু সকলো প্ৰচেষ্টা বিফল হ’ল। ট্ৰেইন আৰু প্লেটফৰ্মৰ মাজত আবদ্ধ হৈ পৰে ৰাণী। লগে লগে সেই স্থানত উপস্থিত হয় ৰেলৱেৰ শ্ৰমিক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ৰাণীক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ত চিকিৎসাৰ সময়ত ৰাণীৰ মৃত্যু হয়। ৰাণীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু