--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ঝান্সীত বিষাক্ত পদাৰ্থ সেৱন কৰি আত্মহত্যা কৰে ৫৩ বছৰীয়া এজন ব্যক্তিয়ে। মাত্ৰ দুমাহ আগতে তেওঁ দ্বিতীয়বাৰৰ বাবে তেওঁতকৈ ২১ বছৰ সৰু এগৰাকী মহিলাক বিয়া কৰাইছিল। জানিব পৰা মতে, ঘটনাৰ পূৰ্বে মৃত ব্যক্তিজনৰ পত্নীৰ সৈতে কাজিয়া হৈছিল। পাৰস্পৰিক বিবাদৰ বাবে আত্মহত্যাৰ সন্দেহ। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পৰিয়ালৰ লোকক জেৰা অব্যাহত আছে।


সমগ্ৰ বিষয়টো ঝান্সি জিলাৰ ছিপ্ৰি বজাৰ থানা এলেকাত অৱস্থিত পাল কলনীৰ, য’ত প্ৰায় ১৭ বছৰ পূৰ্বে এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সুনীল কুমাৰ (৫৩) নামৰ এজন বাসিন্দা। কিন্তু তেওঁলোকৰ বিবাহ বেছি দিন নাথাকিল আৰু পিছত স্বামী-স্ত্ৰীৰ বিচ্ছেদ হয়। ১৫ বছৰ ধৰি আদালতত চলি আছিল দুয়োৰে মাজত গোচৰ। যোৱা বছৰৰ অক্টোবৰ মাহত সুনীলৰ বিবাহ বিচ্ছেদ চূড়ান্ত হৈছিল। দম্পতীহালৰ এগৰাকী কন্যা সন্তান আছে, যিয়ে মাকৰ সৈতে থাকে।

প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ২০২৩ চনৰ নৱেম্বৰ মাহত জ্যোতি নামৰ ৩২ বছৰীয়া এগৰাকী মহিলাক লগ পাইছিল সুনীল কুমাৰে। জ্যোতিৰো ইতিমধ্যে বিয়া হৈছিল। কিন্তু স্বামীয়ে তেওঁক এৰি থৈ গৈছিল। জ্যোতিৰ এটি সাত বছৰীয়া কন্যা সন্তান আছে। কিছুদিনৰ ভিতৰতে জ্যোতি আৰু সুনীলৰ মাজত কথা-বতৰা আৰম্ভ হ’ল। দুয়ো ওচৰ চাপি আহিল। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত সুনীলে বিবাহৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পিছত এপ্ৰিল মাহত দুয়োৰে বিয়া হৈছিল।

জ্যোতিয়ে কয় যে জীয়েকৰ জীৱনৰ স্বাৰ্থত তেওঁতকৈ ২১ বছৰ ডাঙৰ মানুহ এজনক বিয়া কৰাবলৈ সন্মত হৈছিল। ১৯ জুনৰ নিশা স্বামী সুনীল ঘৰলৈ নাহিল। পুৱা আহোতে সোধা-পোছা কৰাত কাজিয়া আৰম্ভ হয়। খঙত তেওঁৰ ১০টা সুৰাৰ বটল পেলাই দিয়ে জ্যোতিয়ে। অৱশ্যে তেতিয়া বিষয়টো শান্ত হৈ পৰিছিল। কিন্তু ২১ জুনৰ পুৱা সুনীলে বিষ সেৱন কৰে। চুবুৰীয়াই এই বিষয়ে অৱগত কৰে।

ইফালে এই গোচৰত আৰক্ষী অধীক্ষক জ্ঞানেন্দ্ৰ কুমাৰে কয় যে সুনীলে ৰাতিপুৱা ১১ বজাত বিষাক্ত পদাৰ্থ সেৱন কৰিছিল। লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু সন্ধিয়া প্ৰায় ৪ বজাত তেওঁৰ মৃত্যু হয়। বিষাক্ত পদাৰ্থ সেৱনৰ কাৰণ হিচাপে পৰিয়ালৰ বিসংগতি পোহৰলৈ আহিছে। বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল