--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ঝান্সীত বিষাক্ত পদাৰ্থ সেৱন কৰি আত্মহত্যা কৰে ৫৩ বছৰীয়া এজন ব্যক্তিয়ে। মাত্ৰ দুমাহ আগতে তেওঁ দ্বিতীয়বাৰৰ বাবে তেওঁতকৈ ২১ বছৰ সৰু এগৰাকী মহিলাক বিয়া কৰাইছিল। জানিব পৰা মতে, ঘটনাৰ পূৰ্বে মৃত ব্যক্তিজনৰ পত্নীৰ সৈতে কাজিয়া হৈছিল। পাৰস্পৰিক বিবাদৰ বাবে আত্মহত্যাৰ সন্দেহ। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পৰিয়ালৰ লোকক জেৰা অব্যাহত আছে।


সমগ্ৰ বিষয়টো ঝান্সি জিলাৰ ছিপ্ৰি বজাৰ থানা এলেকাত অৱস্থিত পাল কলনীৰ, য’ত প্ৰায় ১৭ বছৰ পূৰ্বে এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সুনীল কুমাৰ (৫৩) নামৰ এজন বাসিন্দা। কিন্তু তেওঁলোকৰ বিবাহ বেছি দিন নাথাকিল আৰু পিছত স্বামী-স্ত্ৰীৰ বিচ্ছেদ হয়। ১৫ বছৰ ধৰি আদালতত চলি আছিল দুয়োৰে মাজত গোচৰ। যোৱা বছৰৰ অক্টোবৰ মাহত সুনীলৰ বিবাহ বিচ্ছেদ চূড়ান্ত হৈছিল। দম্পতীহালৰ এগৰাকী কন্যা সন্তান আছে, যিয়ে মাকৰ সৈতে থাকে।

প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ২০২৩ চনৰ নৱেম্বৰ মাহত জ্যোতি নামৰ ৩২ বছৰীয়া এগৰাকী মহিলাক লগ পাইছিল সুনীল কুমাৰে। জ্যোতিৰো ইতিমধ্যে বিয়া হৈছিল। কিন্তু স্বামীয়ে তেওঁক এৰি থৈ গৈছিল। জ্যোতিৰ এটি সাত বছৰীয়া কন্যা সন্তান আছে। কিছুদিনৰ ভিতৰতে জ্যোতি আৰু সুনীলৰ মাজত কথা-বতৰা আৰম্ভ হ’ল। দুয়ো ওচৰ চাপি আহিল। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত সুনীলে বিবাহৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পিছত এপ্ৰিল মাহত দুয়োৰে বিয়া হৈছিল।

জ্যোতিয়ে কয় যে জীয়েকৰ জীৱনৰ স্বাৰ্থত তেওঁতকৈ ২১ বছৰ ডাঙৰ মানুহ এজনক বিয়া কৰাবলৈ সন্মত হৈছিল। ১৯ জুনৰ নিশা স্বামী সুনীল ঘৰলৈ নাহিল। পুৱা আহোতে সোধা-পোছা কৰাত কাজিয়া আৰম্ভ হয়। খঙত তেওঁৰ ১০টা সুৰাৰ বটল পেলাই দিয়ে জ্যোতিয়ে। অৱশ্যে তেতিয়া বিষয়টো শান্ত হৈ পৰিছিল। কিন্তু ২১ জুনৰ পুৱা সুনীলে বিষ সেৱন কৰে। চুবুৰীয়াই এই বিষয়ে অৱগত কৰে।

ইফালে এই গোচৰত আৰক্ষী অধীক্ষক জ্ঞানেন্দ্ৰ কুমাৰে কয় যে সুনীলে ৰাতিপুৱা ১১ বজাত বিষাক্ত পদাৰ্থ সেৱন কৰিছিল। লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু সন্ধিয়া প্ৰায় ৪ বজাত তেওঁৰ মৃত্যু হয়। বিষাক্ত পদাৰ্থ সেৱনৰ কাৰণ হিচাপে পৰিয়ালৰ বিসংগতি পোহৰলৈ আহিছে। বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ