--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডিজিটেল এৰেষ্ট সম্পৰ্কীয় এটা গোচৰৰ শুনানিৰ সময়ত সোমবাৰে উচ্চতম ন্যায়ালয়ে ডিজিটেল এৰেষ্টক এটা সম্পূর্ণ ডকাইতিৰ ঘটনা বুলি উল্লেখ কৰে।

ডিজিটেল ডেস্ক: দেশত ডিজিটেল এৰেষ্টৰ জৰিয়তে কৰা বিত্তীয় প্ৰৱঞ্চনাৰ ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যোৱা সময়ছোৱাত প্ৰৱঞ্চক চক্রই ডিজিটেল এৰেষ্টৰ জৰিয়তে বিভিন্নজনৰ একাউণ্টৰ পৰা ৫৪ হাজাৰ কোটি টকা লুটি নিছে। দেশৰ সাধাৰণ জনতা বাদেই উচ্চতম ন্যায়ালয়ো এই ভয়াৱহ বিত্তীয় প্ৰৱঞ্চনাৰ ক্ষেত্রত চিন্তিত হৈ পৰিছে। 


ডিজিটেল এৰেষ্ট সম্পৰ্কীয় এটা গোচৰৰ শুনানিৰ সময়ত সোমবাৰে উচ্চতম ন্যায়ালয়ে ডিজিটেল এৰেষ্টক এটা সম্পূর্ণ ডকাইতিৰ ঘটনা বুলি উল্লেখ কৰে। মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ এন ভি অঞ্চাৰিয়াৰ বিচাৰপীঠে ডিজিটেল এৰেষ্টৰ জৰিয়তে হোৱা বিত্তীয় প্ৰৱঞ্চনাৰ পৰা সাধাৰণ জনতাক সুৰক্ষিত ৰখাৰ বাবে ৰিজার্ভ বেংক, দেশৰ অন্যান্য বেংকসমূহৰ লগতে গৃহ মন্ত্ৰ্যালয় আৰু টেলি কমিউনিকেশ্যন মন্ত্ৰ্যালয়ক কঠোৰ এছ অ' পি জাৰি কৰাৰ বাবে নিৰ্দেশ দিয়ে। 


ন্যায়ালয়ে ডিজিটেল এৰেষ্টৰ জৰিয়তে হৰণলুকী কৰা ধনৰ পৰিমাণ দেখি আশ্চর্য প্ৰকাশ কৰাৰ লগতে কয় যে এই ধনৰাশিৰ পৰিমাণ বহুকেইখন সৰু ৰাজ্যৰ বাৰ্ষিক বাজেটতকৈও অধিক। ন্যায়ালয়ে বেংকসমূহক গ্ৰাহকৰ ধন সংৰক্ষণৰ দায়বদ্ধতা বুজি উঠাৰ বাবে আৰু আন্তঃএজেঞ্চি সমন্বয় বৃদ্ধি কৰাৰ বাবেও নিৰ্দেশ দিয়ে। 


ন্যায়ালয়ে লগতে নির্দেশ কৰিব লাগে যাতে ডিজিটেল এৰেষ্টৰ ঘটনা সন্দৰ্ভত গ্রাহকক সজাগ কৰি তুলিব পাৰি আৰু ডিজিটেল এৰেষ্টৰ জৰিয়তে প্ৰৱঞ্চনা সংঘটিত হ'লে যাতে দুষ্ট চক্রই বেংকত লেনদেন কৰাত বাধা দিব পাৰি। ইফালে, উচ্চতম ন্যায়ালয়ত সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে উল্লেখ কৰে যে 'ডিজিটেল এৰেষ্ট' ছাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে আন্তঃমন্ত্ৰ্যালয় সমিতি গঠন কৰিছে। 


উল্লেখযোগ্য যে দেশত ডিজিটেল এৰেষ্টৰ ঘটনা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। কেৱল ২০২৪ চনতে এনেধৰণৰ ২.২ নিযুত ছাইবাৰ অপৰাধ সংঘটিত হৈছিল। য'ত সাধাৰণ গ্ৰাহকৰ একাউণ্টৰ পৰা প্ৰায় ২২ হাজাৰ কোটি টকা লুটি নিয়া হৈছিল। নেশ্যনেল ছাইবাৰ ক্রাইম ৰিপ'র্টিং প'ৰ্টেলৰ তথ্য অনুসৰি ২০২২ চনৰ পৰা ২০২৪ চনলৈ ভয়ংকৰ হাৰত বৃদ্ধি পালে ডিজিটেল এৰেষ্টৰ ঘটনা। ২০২২ চনত এই ছাইবাৰ অপৰাধৰ ঘটনা ১০.২৯ লাখ আছিল আৰু ২০২৪ চনত ই ২.২ কোটিলৈকে বৃদ্ধি পালে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ