--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আফ্ৰিকাৰ দেশ ঘানাই প্ৰথম দুজন মাৰাত্মক মাৰবাৰ্গ ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে। একেটা পৰিয়ালৰ দুজন সদস্য এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। আনুষ্ঠানিক বিবৃতি এটাত কোৱা হৈছে যে এই ভাইৰাছৰ কবলত পৰা দুজন লোকৰ মৃত্যু হৈছে। বিবিচিৰ (BBC)প্ৰতিবেদন অনুসৰি জুলাইৰ আৰম্ভণিতে এই দুয়োজন ৰোগীৰ নমুনা পজিটিভ আহিছিল। চেনেগালৰ এটা লেবেও নিজৰ প্ৰতিবেদনত ইয়াৰ সত্যাসত্য নিৰূপণ কৰিছে।

 পশ্চিম আফ্ৰিকাৰ দেশখনৰ স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, এই পৰ্যন্ত ৯৮ জন লোক ৰোগী দুজনৰ সংস্পৰ্শলৈ আহিছিল। বৰ্তমান সকলোৰে সন্ধান উলিওৱা হৈছে। প্ৰতিবেদন অনুসৰি, এতিয়ালৈকে মাৰ্বাৰ্গৰ কোনো নিৰাময় নাই। চিকিৎসকে কয় যে প্ৰচুৰ পৰিমাণে পানী খালে আৰু নিৰ্দিষ্ট লক্ষণসমূহৰ চিকিৎসা কৰিলে ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পায়।

 মাৰ্বাৰ্গ ভাইৰাছৰ লক্ষণবোৰ ঠিক ইবলাৰ দৰেই। এই ভাইৰাছ অতি সংক্ৰামক। ইয়াৰ মৃত্যুৰ হাৰ ৮৮ শতাংশ বুলি কোৱা হৈছে। কোভিড-১৯ ৰোধ কৰাত ব্যৰ্থ হোৱা বিশ্ব স্বাস্থ্য সংস্থা এতিয়া সজাগ হৈ পৰিছে। এই নতুন ভাইৰাছ কৰ্তৃপক্ষৰ বাবে অসুবিধাৰ বিষয়। ইয়াক ৰোধ কৰাৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে।

 

মাৰ্বাৰ্গৰ লক্ষণসমূহ কি কি?

 মাৰ্বাৰ্গৰ ক্ষেত্ৰত প্ৰথমে জ্বৰৰ পৰা আৰম্ভ হৈ পাছলৈ ৰক্তক্ষৰণ হ'বলৈ ধৰে। সেইবাবেই ইয়াক অধিক বিপদজনক বুলি কোৱা হৈছে। এই ভাইৰাছ জীৱ-জন্তুৰ পৰাও মানুহলৈ বিয়পে। এই ভাইৰাছ প্ৰথমে শৰীৰৰ তৰল পদাৰ্থত উপনীত হয় আৰু তাৰ পাছত ছালখনক আগুৰি ধৰে। এই ভাইৰাছৰ বাবে ৰক্তক্ষৰণ, জ্বৰ আদি লক্ষণ দেখা যায়, যিবোৰ ইবলাৰ লগত বহুত মিল আছে। ইবলাত ৰোগীজনৰ জ্বৰ অতি বেছি, অস্থিৰতা আৰু মূৰৰ বিষ হৈছিল। সাত দিনৰ ভিতৰতে বহু ৰোগীৰ ক্ষেত্ৰতো ৰক্তক্ষৰণৰ লক্ষণ দেখা গৈছিল। ইবলাত মৃত্যুৰ হাৰও ২৪ শতাংশৰ পৰা ৮৮ শতাংশলৈ বৃদ্ধি পাইছে। এই নতুন ভাইৰাছৰ ফলাফলৰ সন্দৰ্ভত অধিক তথ্য চেনেগালৰ পৰীক্ষাগাৰৰ পৰা পৰবৰ্তী সময়ত দিয়া হব বুলি জানিব পাৰি পৰা হৈছে

 মাৰ্বাৰ্গ ভাইৰাছ ৰোগ প্ৰথমবাৰৰ বাবে কত চিনাক্ত কৰা হৈছিল?

 বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ১৯৬৭ চনত জাৰ্মানীৰ মাৰ্বাৰ্গ আৰু ফ্ৰেংকফৰ্ট আৰু ছাৰ্বিয়াৰ বেলগ্ৰেড(Serbia Belgrade) একেলগ হৈ এই ৰোগ প্ৰথম চিনাক্ত কৰা হৈছিল। উগাণ্ডাৰ পৰা অহা আফ্ৰিকান সেউজীয়া বান্দৰ (Cercopithecus aethiops)ৰ সৈতে এই প্ৰাদুৰ্ভাৱ জড়িত আছিল যিবোৰ পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হৈছিল। ডব্লিউ এইচ অই কয় যে মাৰ্বাৰ্গ ভাইৰাছ ৰোগৰ সংক্ৰমণ প্ৰথম অৱস্থাত ৰাউচেটাছ( Rousettus-Egyptian fruit bat)বাদুলিৰ কলনীত বাস কৰা লোকৰ ক্ষেত্ৰত দেখা গৈছিল। যি সকলে দীৰ্ঘদিন ধৰি ৰাউচেটাছ খনি বা গুহাৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা গৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ