--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আফ্ৰিকাৰ দেশ ঘানাই প্ৰথম দুজন মাৰাত্মক মাৰবাৰ্গ ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে। একেটা পৰিয়ালৰ দুজন সদস্য এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। আনুষ্ঠানিক বিবৃতি এটাত কোৱা হৈছে যে এই ভাইৰাছৰ কবলত পৰা দুজন লোকৰ মৃত্যু হৈছে। বিবিচিৰ (BBC)প্ৰতিবেদন অনুসৰি জুলাইৰ আৰম্ভণিতে এই দুয়োজন ৰোগীৰ নমুনা পজিটিভ আহিছিল। চেনেগালৰ এটা লেবেও নিজৰ প্ৰতিবেদনত ইয়াৰ সত্যাসত্য নিৰূপণ কৰিছে।

 পশ্চিম আফ্ৰিকাৰ দেশখনৰ স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, এই পৰ্যন্ত ৯৮ জন লোক ৰোগী দুজনৰ সংস্পৰ্শলৈ আহিছিল। বৰ্তমান সকলোৰে সন্ধান উলিওৱা হৈছে। প্ৰতিবেদন অনুসৰি, এতিয়ালৈকে মাৰ্বাৰ্গৰ কোনো নিৰাময় নাই। চিকিৎসকে কয় যে প্ৰচুৰ পৰিমাণে পানী খালে আৰু নিৰ্দিষ্ট লক্ষণসমূহৰ চিকিৎসা কৰিলে ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পায়।

 মাৰ্বাৰ্গ ভাইৰাছৰ লক্ষণবোৰ ঠিক ইবলাৰ দৰেই। এই ভাইৰাছ অতি সংক্ৰামক। ইয়াৰ মৃত্যুৰ হাৰ ৮৮ শতাংশ বুলি কোৱা হৈছে। কোভিড-১৯ ৰোধ কৰাত ব্যৰ্থ হোৱা বিশ্ব স্বাস্থ্য সংস্থা এতিয়া সজাগ হৈ পৰিছে। এই নতুন ভাইৰাছ কৰ্তৃপক্ষৰ বাবে অসুবিধাৰ বিষয়। ইয়াক ৰোধ কৰাৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে।

 

মাৰ্বাৰ্গৰ লক্ষণসমূহ কি কি?

 মাৰ্বাৰ্গৰ ক্ষেত্ৰত প্ৰথমে জ্বৰৰ পৰা আৰম্ভ হৈ পাছলৈ ৰক্তক্ষৰণ হ'বলৈ ধৰে। সেইবাবেই ইয়াক অধিক বিপদজনক বুলি কোৱা হৈছে। এই ভাইৰাছ জীৱ-জন্তুৰ পৰাও মানুহলৈ বিয়পে। এই ভাইৰাছ প্ৰথমে শৰীৰৰ তৰল পদাৰ্থত উপনীত হয় আৰু তাৰ পাছত ছালখনক আগুৰি ধৰে। এই ভাইৰাছৰ বাবে ৰক্তক্ষৰণ, জ্বৰ আদি লক্ষণ দেখা যায়, যিবোৰ ইবলাৰ লগত বহুত মিল আছে। ইবলাত ৰোগীজনৰ জ্বৰ অতি বেছি, অস্থিৰতা আৰু মূৰৰ বিষ হৈছিল। সাত দিনৰ ভিতৰতে বহু ৰোগীৰ ক্ষেত্ৰতো ৰক্তক্ষৰণৰ লক্ষণ দেখা গৈছিল। ইবলাত মৃত্যুৰ হাৰও ২৪ শতাংশৰ পৰা ৮৮ শতাংশলৈ বৃদ্ধি পাইছে। এই নতুন ভাইৰাছৰ ফলাফলৰ সন্দৰ্ভত অধিক তথ্য চেনেগালৰ পৰীক্ষাগাৰৰ পৰা পৰবৰ্তী সময়ত দিয়া হব বুলি জানিব পাৰি পৰা হৈছে

 মাৰ্বাৰ্গ ভাইৰাছ ৰোগ প্ৰথমবাৰৰ বাবে কত চিনাক্ত কৰা হৈছিল?

 বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ১৯৬৭ চনত জাৰ্মানীৰ মাৰ্বাৰ্গ আৰু ফ্ৰেংকফৰ্ট আৰু ছাৰ্বিয়াৰ বেলগ্ৰেড(Serbia Belgrade) একেলগ হৈ এই ৰোগ প্ৰথম চিনাক্ত কৰা হৈছিল। উগাণ্ডাৰ পৰা অহা আফ্ৰিকান সেউজীয়া বান্দৰ (Cercopithecus aethiops)ৰ সৈতে এই প্ৰাদুৰ্ভাৱ জড়িত আছিল যিবোৰ পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হৈছিল। ডব্লিউ এইচ অই কয় যে মাৰ্বাৰ্গ ভাইৰাছ ৰোগৰ সংক্ৰমণ প্ৰথম অৱস্থাত ৰাউচেটাছ( Rousettus-Egyptian fruit bat)বাদুলিৰ কলনীত বাস কৰা লোকৰ ক্ষেত্ৰত দেখা গৈছিল। যি সকলে দীৰ্ঘদিন ধৰি ৰাউচেটাছ খনি বা গুহাৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা গৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন