--°C
Loading...
Listen to Article
2 min read
80%
ডি‌জিটেল ডেস্কঃ চৰকাৰৰ  এটা সিদ্ধান্তই চকু কপালত তুলিছে নাগৰিকৰ। পিছে ঘটনাটো অসমৰ নহয়। অষ্ট্ৰেলিয়া চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। এটা দুটা নহয়, অষ্ট্ৰেলিয়াৰ প্ৰশাসনে নিৰ্বিচাৰে লাখ লাখ মৌ-মাখি মাৰি পেলোৱাৰ সিদ্ধান্ত লৈছে। মৌ খেতি ৰক্ষা কৰিবলৈকে অষ্ট্ৰেলিয়াৰ প্ৰশাসনে এই সিদ্ধান্তত উপনীত হোৱা বুলি খবৰ আহিছে।

লক্ষ্যণীয়ভাৱে, অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূব অংশত বেৰ’য়া মাইটৰ প্ৰাদুৰ্ভাৱ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ কথা প্ৰকাশ পাইছিল। বেৰ’য়া মাইট নামৰ পৰজীৱী বিধৰ আক্ৰমণৰ পৰা মৌ- উত্‍পাদনৰ লগতে, মৌ-উদ্যোগ ধ্বংস নহ’বলৈকে অষ্ট্ৰেলিয়াৰ প্ৰসাশনে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হোৱা বুলি জানিবলৈ পোৱা গৈছে।

আশংকা অনুসৰি, বেৰ’য়া মাইট নামৰ এই পৰজীৱীয়ে মৌমাখিৰ এটা সম্পূৰ্ণ কলনী ধ্বংস কৰিব পাৰে। মৌ-খেতিৰ ভ‌ৱিষ্যত সুৰক্ষাৰ প্ৰতি লক্ষ্যৰাখি এই কাৰ্য কৰা হৈছে, নিৰ্বিচাৰে মাৰি পেলোৱা হৈছে লক্ষ্যাধিক মৌ-মাখি। 

স্মৰ্তব্য যে, অষ্ট্ৰেলিয়া সমগ্ৰ বিশ্বৰ ভিতৰতে মৌ-ব্যৱসায়ৰ ক্ষেত্ৰত উল্লেখযোগ্য ৰপ্তানিকাৰী দেশ। মৌ-পালনত প্ৰতি বছৰে লাখ লাখ টকা ঘূৰাই দিয়া হয়। গতিকে পৰজীৱী প্ৰতিৰোধৰ বাবে মৌমাখি মাৰিবলৈ এইবাৰ বাধ্য হৈছে অষ্ট্ৰেলিয়া চৰকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন