ডিজিটেল ডেস্কঃ ভাৰতীয় ৰাজনীতিৰ অন্যতম বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত অৰবিন্দ কেজৰিৱালো এজন। আজি কেজৰিৱালৰ সন্মদিন। আজিৰ দিনটোতে কেজৰিৱালে ৫৫ বছৰত ভৰি দিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্ন জনে কেজৰিৱালক তেওঁৰ তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে। কেজৰিৱাল এগৰাকী সমাজকৰ্মী হিচাপেও মানুহৰ মাজত জনপ্ৰিয়। কেজৰিৱালৰ জন্ম হাৰিয়ানাৰ এখন ভিতৰুৱা গাঁৱত হৈছিল। তেওঁ সৰুৰে পৰা এজন মেধাৱী ছাত্ৰ আছিল আৰু পশ্চিম বংগৰ আইআইটি, খড়গপুৰত পঢ়িবলৈ সুযোগ পাইছিল। অৰবিন্দ কেজৰিৱাল জন্ম তাৰিখ ১৬ আগষ্ট ১৯৬৮ (বয়স ৫৫ বছৰ)। তেওঁৰ জন্মস্থান চিৱানী, ভিৱানী জিলা, হাৰিয়ানা। কেজৰিৱালৰ পিতৃ গোবিন্দ ৰাম কেজৰিৱাল আৰু মাতৃ গীতা দেৱী ।অতি সৰল জীৱনশৈলী মানি চলা অৰবিন্দ কেজৰিৱাল নিৰামিষভোজী।
বিষয় হিচাপে তেওঁ বাছি লৈছিল মেকানিকেল ইঞ্জিনিয়াৰিং । অভিযান্ত্ৰিক বিদ্যাত ডিগ্ৰী লাভ কৰাৰ পিছত কেজৰিৱালে টাটা ষ্টীলত চাকৰি লাভ কৰে। কিন্তু তেওঁ চাকৰি এৰি অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। তেওঁ মাদাৰ টেৰেছাৰ সৈতে কালিঘাটৰ আশ্ৰমত দুমাহ কাম কৰাৰ সুযোগ পাইছিল। ১৯৯৩ চনত তেওঁ অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ভাৰতীয় ৰাজহ সেৱাত যোগদান কৰে। কেজৰিৱালে ১৯৯৩ চনত তেওঁৰ আইআৰএছৰ সহপাঠী সুনীতাক বিয়া কৰায়। ১৯৯৯ চনত তেওঁ দেশৰ ভুৱা ৰেচন কাৰ্ড কেলেংকাৰী উন্মোচন কৰিবলৈ তেওঁ পৰিৱৰ্তন নামৰ এটা আন্দোলন আৰম্ভ কৰে। যি অভিযানে তেওঁক সামাজিক স্বীকৃতি প্ৰদান কৰিছিল। কেজৰিৱালে দিল্লীৰ লোকসকলক আয়কৰ, বিদ্যুত আৰু খাদ্য ৰেচনৰ দৰে বিষয়ত হোৱা দুৰ্নীতি নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহিছিল।
২০০৬ চনত তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰে আৰু সামাজিক কামত অধিক গুৰুত্ব দিবলৈ পাব্লিক কজ ৰিচাৰ্চ ফাউণ্ডেচন প্ৰতিষ্ঠা কৰে। ২০১০ চনৰ আৰম্ভণিতে বিশিষ্ট সমাজকৰ্মী আন্না হাজাৰেই জন লোকপাল বিধেয়ক গৃহীত কৰাৰ বাবে এক আন্দোলন আৰম্ভ কৰিছিল। কেজৰিৱালে সেই আন্দোলনত যোগদান কৰি জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল। অৱশ্যে ইণ্ডিয়া এগেইনষ্ট কৰাপছন আন্দোলনৰ ৰাজনীতিকৰণক লৈ আন্না হাজাৰেৰ সৈতে তেওঁৰ মতভেদ হৈছিল। তেওঁ নিজৰ ৰাজনৈতিক দল আম আদমী পাৰ্টি (এএপি) প্ৰতিষ্ঠা কৰিছিল। ২০১৩ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত এএপিয়ে প্ৰতিদ্বন্দিতা কৰিছিল আৰু ৭০ খন আসনৰ ভিতৰত ২৮ খন আসন জিকিছিল।
কেজৰিৱালে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে চৰ্তসাপেক্ষ সমৰ্থনত চৰকাৰ গঠন কৰিছিল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। জন লোকপাল বিধেয়কক আলোচনাৰ মেজত ৰখাত ব্যৰ্থ হোৱাৰ বাবে কেজৰিৱালে মাত্ৰ ৪৯ দিনৰ পিছতে পদত্যাগ কৰিছিল। দিল্লীত ৰাষ্ট্ৰপতি শাসনকাল চলি থকাৰ সময়তে ষোড়শ লোকসভাত তেওঁ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু তেওঁ নিৰ্বাচনত পৰাজিত হৈছিল। তেওঁৰ দলে পুনৰ ২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু ৭০ খন আসনৰ ভিতৰত ৬৭ খন আসন জিকি চৰকাৰ গঠন কৰিছিল। অৰবিন্দ কেজৰিৱাল দিল্লীৰ সপ্তম মুখ্যমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হৈছিল।
কেজৰিৱাল ৰাজনীতিত নিজৰ আদৰ্শ আৰু ৰাজহুৱা সেৱাৰ বাবে জনাজাত আৰু ভাৰতীয় ৰাজনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাবে পৰিগণিত হৈছে। তেওঁ অধ্যয়নত মেধা হোৱাৰ উপৰি বলীউড তাৰকা আমিৰ খানৰ এজন ডাঙৰ অনুৰাগী। তেওঁ কমেডি চিনেমা চাবলৈ ভালপায়। কেজৰিৱালে নিজৰ কাম নিজে কৰিবলৈ ভাল পায়। আনকি তেওঁ পিয়নক ব্যৱহাৰ কৰাৰ সলনি নিজেই নিজৰ ডেস্ক আদি পৰিষ্কাৰ কৰে। কেজৰিৱালে আনকি নিজৰ আৰু তেওঁৰ সন্তানৰ জন্মদিনো উদযাপন নকৰে। কেজৰিৱালে ২৮ ডিচেম্বৰ, ২০১৩ ত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে মাত্ৰ ৪৯ দিন শাসনত থকা কেজৰিৱালে ২০১৪ চনৰ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল।
সামাজিক কৰ্মী অৰবিন্দ কেজৰিৱাল আৰু আন্না হাজাৰেৰ মাজত বিভেদ সৃষ্টি হৈছিল। হাজাৰেই দুৰ্নীতি বিৰোধী আন্দোলনটো ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল, আনহাতে কেজৰিৱালে অনুভৱ কৰিছিল যে আন্দোলনটো সফল কৰিবলৈ ৰাজনীতিৰ সৈতে পোনপটীয়াকৈ জড়িত হোৱাটো প্ৰয়োজনীয়। ২০১২ চনত তেওঁ স্বৰাজ নামৰ এখন কিতাপ প্ৰকাশ কৰে, য'ত তেওঁ ভাৰতত দুৰ্নীতি আৰু গণতন্ত্ৰ সম্পৰ্কে তেওঁৰ চিন্তাধাৰা প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰী হিচাবে কেজৰিৱালে দিল্লীৰ স্বাস্থ্য, শিক্ষা আদি খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰি কেৱল দেশবাসীৰে নহয়, সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।