--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে ডাৱৰ বিস্ফোৰণ , আনফালে ভূমিস্খলনৰ সংহাৰে জনজীৱন ব্যাহত কৰি তুলিছে হিমাচল আৰু উত্তৰাখণ্ডত। দেওবাৰে নিশাৰ পৰা হোৱা বৰষুণত দুয়োখন ৰাজ্যত বহু লোকৰ মৃত্যু হৈছে। মঙলবাৰে  উত্তৰাখণ্ডৰ চামোলী জিলাৰ ওচৰৰ হেলাং গাঁৱত ঘৰ খহি  পৰাত বহু লোক হতাহত হয়।  

এই প্ৰতিবেদন লিখাৰ  সময়ত ঘটনাস্থলীৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে  উদ্ধাৰ কৰা আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।ঘটনাটো মঙলবাৰে সন্ধিয়া বদ্ৰীনাথ পথৰ পিপালকোটি আৰু যোশীমঠৰ মাজৰ হেলাং গাঁৱত সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি অলকানন্দা নদীৰ কাষত খননকাৰ্যত জড়িত শ্ৰমিকসকল থকা  দুমহলীয়া ঘৰ হঠাতে খহি পৰে। 

 হিমাচল প্ৰদেশতো বানৰ সংহাৰ অব্যাহত আছে। মঙলবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত হিমাচল প্ৰদেশৰ চিমলাৰ কৃষ্ণনগৰ অঞ্চলত চাৰিটা ঘৰ খহি পৰে। ফলত দুজন লোকৰ মৃত্যু ঘটে। ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে।  আশংকা কৰা হৈছে যে কমেও পাঁচৰ পৰা ১০ জন লোক এতিয়াও আৱদ্ধ হৈ আছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে এতিয়াও উদ্ধাৰ অভিযান চলাই আছে।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে খবৰটো পোৱাৰ লগে লগে ঘটনাস্থলীলৈ যায়।  তেওঁ অঞ্চলটো খালি কৰাৰো নিৰ্দেশ দিয়ে। ৰাজ্যখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে বুধবাৰে সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী