--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে ডাৱৰ বিস্ফোৰণ , আনফালে ভূমিস্খলনৰ সংহাৰে জনজীৱন ব্যাহত কৰি তুলিছে হিমাচল আৰু উত্তৰাখণ্ডত। দেওবাৰে নিশাৰ পৰা হোৱা বৰষুণত দুয়োখন ৰাজ্যত বহু লোকৰ মৃত্যু হৈছে। মঙলবাৰে  উত্তৰাখণ্ডৰ চামোলী জিলাৰ ওচৰৰ হেলাং গাঁৱত ঘৰ খহি  পৰাত বহু লোক হতাহত হয়।  

এই প্ৰতিবেদন লিখাৰ  সময়ত ঘটনাস্থলীৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে  উদ্ধাৰ কৰা আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।ঘটনাটো মঙলবাৰে সন্ধিয়া বদ্ৰীনাথ পথৰ পিপালকোটি আৰু যোশীমঠৰ মাজৰ হেলাং গাঁৱত সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি অলকানন্দা নদীৰ কাষত খননকাৰ্যত জড়িত শ্ৰমিকসকল থকা  দুমহলীয়া ঘৰ হঠাতে খহি পৰে। 

 হিমাচল প্ৰদেশতো বানৰ সংহাৰ অব্যাহত আছে। মঙলবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত হিমাচল প্ৰদেশৰ চিমলাৰ কৃষ্ণনগৰ অঞ্চলত চাৰিটা ঘৰ খহি পৰে। ফলত দুজন লোকৰ মৃত্যু ঘটে। ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে।  আশংকা কৰা হৈছে যে কমেও পাঁচৰ পৰা ১০ জন লোক এতিয়াও আৱদ্ধ হৈ আছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে এতিয়াও উদ্ধাৰ অভিযান চলাই আছে।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে খবৰটো পোৱাৰ লগে লগে ঘটনাস্থলীলৈ যায়।  তেওঁ অঞ্চলটো খালি কৰাৰো নিৰ্দেশ দিয়ে। ৰাজ্যখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে বুধবাৰে সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ