--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ তাঙাইল জিলা পৰিষদৰ নিৰ্বাচনত তুলসীৰ এগৰাকী সদস্য প্ৰাৰ্থীয়ে ছ’চিয়েল মিডিয়া ফেচবুকত এটা ষ্টেটাছ পোষ্ট কৰি  নিৰ্বাচনত বিতৰণ কৰা ধন ঘূৰাই দিবলৈ ভোটাৰক অনুৰোধ জনায়। অলপ সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিল এই ষ্টেটাছ। পাছলৈ অৱশ্যে তেওঁ ষ্টেটাছটো ডিলিট কৰি দিয়ে। টকা উভতাই বিচৰা প্ৰাৰ্থীজন হৈছে মহম্মদ ৰফিকুল ইছলাম সংগ্ৰাম।

প্ৰায় ৫৫ জন ভোটাৰে তেওঁৰ পৰা ধন লৈছিল বুলি তেওঁ অভিযোগ কৰে। কিন্তু মাত্ৰ সাতজন লোকেহে ভোটদান কৰে। আনৰ পৰা লোৱা ধন ঘূৰাই দিবলৈ অনুৰোধ জনায় প্ৰাৰ্থীগৰাকীয়ে।

ৰফিুকলে নিজৰ ফেচবুক ষ্টেটাছত লিখিছে, “জিলা পৰিষদ নিৰ্বাচন (বছাইল) সদস্য-১১। আমি চাৰিজন প্ৰাৰ্থী আছিলো। ভোটাৰ আছিল ৯৪ জন। দিনটোৰ শেষত গম পোৱা গ’ল যে প্ৰতিজন প্ৰাৰ্থীয়ে ৫০ৰ পৰা ৬০জন ভোটাৰক টকা দিছিল। ইয়াৰে ৬০ জন ভোটাৰে মোক প্ৰতিশ্ৰুতি দিছিল কিন্তু কম বেছি পৰিমাণে ৫৫ জন ভোটাৰে মোৰ পৰা টকা গ্ৰহণ কৰিছিল। মোৰ পৰা টকা লৈও মাত্ৰ ৭ জন লোকে মোক ভোট দিলে। এয়াই হৈছে ভোটাৰৰ প্ৰকৃত চৰিত্ৰ। পৃথিৱীৰ সকলো বস্তু এক দৃষ্টিতেই চিনিব পাৰি, মানুহৰ বাহিৰে। আপোনালোকৰ যিসকলে মোক ভোট নিদিলে মই ভাবো আপোনালোকে মোক টকা ঘূৰাই দিব লাগে। আপুনি কোনো প্ৰতিনিধি নহয়! যাক মন যায় ভোট দিয়ক, সেয়া আপোনাৰ অধিকাৰ, গতিকে চাৰিজনৰ পৰা টকা লৈ এজনক ভোট দিয়াটো আপোনাৰ কেনেকুৱা চৰিত্ৰ? আল্লাহে আমাক সকলোকে পথ প্ৰদৰ্শন কৰক আৰু মানুহ হোৱাৰ সুযোগ প্ৰদান কৰক। "

তুলসীৰ প্ৰিজাইডিং বিষয়া মহম্মদ বাবুল হাছানে কয় যে নিৰ্বাচনৰ পূৰ্বে ধন হস্তান্তৰ কৰা হৈছিল নে নাই সেয়া জানিব পৰা হোৱা নাই। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে কোনেও অভিযোগ কৰা নাছিল। ' .

তাঙাইল জিলা পৰিষদৰ নিৰ্বাচনী ৱাৰ্ড নম্বৰ ১১ বসাইলত মুঠ ৯৪ জন ভোটাৰ আছিল। ৫৫টা ভোট লাভ কৰি সদস্য হিচাপে নিৰ্বাচিত হয় নাছিৰ খান। নিকটতম প্ৰাৰ্থী মহম্মদ হোছেইন খানে ২১টা, মিজানুৰ ৰহমান খানে ১১টা, মহম্মদ ৰফিকুল ইছলামে ৭টা আৰু আতিকুৰ ৰহমানে কোনো ভোট লাভ কৰা নাই। পাঁচগৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকী প্ৰাৰ্থীৰ জামানত বাজেয়াপ্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক