--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ তাঙাইল জিলা পৰিষদৰ নিৰ্বাচনত তুলসীৰ এগৰাকী সদস্য প্ৰাৰ্থীয়ে ছ’চিয়েল মিডিয়া ফেচবুকত এটা ষ্টেটাছ পোষ্ট কৰি  নিৰ্বাচনত বিতৰণ কৰা ধন ঘূৰাই দিবলৈ ভোটাৰক অনুৰোধ জনায়। অলপ সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিল এই ষ্টেটাছ। পাছলৈ অৱশ্যে তেওঁ ষ্টেটাছটো ডিলিট কৰি দিয়ে। টকা উভতাই বিচৰা প্ৰাৰ্থীজন হৈছে মহম্মদ ৰফিকুল ইছলাম সংগ্ৰাম।

প্ৰায় ৫৫ জন ভোটাৰে তেওঁৰ পৰা ধন লৈছিল বুলি তেওঁ অভিযোগ কৰে। কিন্তু মাত্ৰ সাতজন লোকেহে ভোটদান কৰে। আনৰ পৰা লোৱা ধন ঘূৰাই দিবলৈ অনুৰোধ জনায় প্ৰাৰ্থীগৰাকীয়ে।

ৰফিুকলে নিজৰ ফেচবুক ষ্টেটাছত লিখিছে, “জিলা পৰিষদ নিৰ্বাচন (বছাইল) সদস্য-১১। আমি চাৰিজন প্ৰাৰ্থী আছিলো। ভোটাৰ আছিল ৯৪ জন। দিনটোৰ শেষত গম পোৱা গ’ল যে প্ৰতিজন প্ৰাৰ্থীয়ে ৫০ৰ পৰা ৬০জন ভোটাৰক টকা দিছিল। ইয়াৰে ৬০ জন ভোটাৰে মোক প্ৰতিশ্ৰুতি দিছিল কিন্তু কম বেছি পৰিমাণে ৫৫ জন ভোটাৰে মোৰ পৰা টকা গ্ৰহণ কৰিছিল। মোৰ পৰা টকা লৈও মাত্ৰ ৭ জন লোকে মোক ভোট দিলে। এয়াই হৈছে ভোটাৰৰ প্ৰকৃত চৰিত্ৰ। পৃথিৱীৰ সকলো বস্তু এক দৃষ্টিতেই চিনিব পাৰি, মানুহৰ বাহিৰে। আপোনালোকৰ যিসকলে মোক ভোট নিদিলে মই ভাবো আপোনালোকে মোক টকা ঘূৰাই দিব লাগে। আপুনি কোনো প্ৰতিনিধি নহয়! যাক মন যায় ভোট দিয়ক, সেয়া আপোনাৰ অধিকাৰ, গতিকে চাৰিজনৰ পৰা টকা লৈ এজনক ভোট দিয়াটো আপোনাৰ কেনেকুৱা চৰিত্ৰ? আল্লাহে আমাক সকলোকে পথ প্ৰদৰ্শন কৰক আৰু মানুহ হোৱাৰ সুযোগ প্ৰদান কৰক। "

তুলসীৰ প্ৰিজাইডিং বিষয়া মহম্মদ বাবুল হাছানে কয় যে নিৰ্বাচনৰ পূৰ্বে ধন হস্তান্তৰ কৰা হৈছিল নে নাই সেয়া জানিব পৰা হোৱা নাই। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে কোনেও অভিযোগ কৰা নাছিল। ' .

তাঙাইল জিলা পৰিষদৰ নিৰ্বাচনী ৱাৰ্ড নম্বৰ ১১ বসাইলত মুঠ ৯৪ জন ভোটাৰ আছিল। ৫৫টা ভোট লাভ কৰি সদস্য হিচাপে নিৰ্বাচিত হয় নাছিৰ খান। নিকটতম প্ৰাৰ্থী মহম্মদ হোছেইন খানে ২১টা, মিজানুৰ ৰহমান খানে ১১টা, মহম্মদ ৰফিকুল ইছলামে ৭টা আৰু আতিকুৰ ৰহমানে কোনো ভোট লাভ কৰা নাই। পাঁচগৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকী প্ৰাৰ্থীৰ জামানত বাজেয়াপ্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়