--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহক সাৱটি ধৰি লাখ লাখ টকা উপাৰ্জন কৰিছে এগৰাকী মহিলাই। মহিলাগৰাকীয়ে কয় যে তেওঁ কোনো ব্যক্তিকে তেওঁক অনুপযুক্তভাৱে স্পৰ্শ কৰিবলৈ নিদিয়ে। ৪৩ বছৰীয়া মিছি ৰবিনছন অষ্ট্ৰেলিয়াৰ লেব্ৰাডৰ (কুইন্সলেণ্ড)ত থাকে। তেওঁ এজন মানসিক স্বাস্থ্য কৰ্মী। শেহতীয়াকৈ তেওঁ অষ্ট্ৰেলিয়াত কাডল ​​থেৰাপি (টাচ থেৰাপি)ৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। এই থেৰাপিৰ বিশেষ প্ৰজেক্টৰ বাবে মিছিয়ে ১.৫ লাখ টকা পৰ্যন্ত লয়।

মিছিয়ে কয় যে আমি সকলোৱে জানো যে যেতিয়া কোনোবাই আমাক আঘাত কৰে বা আমাৰ লগত ভুল কৰে তেতিয়া আমি আমাৰ মাক-দেউতাক সাৱটি ধৰিব বিচাৰো। অক্সিট’চিন হৰম’নৰ বাবে এনে কৰিলে ব্যক্তিজনে ভাল অনুভৱ কৰে। মিছিয়ে কয় যে জীয়াই থাকিবলৈ শাৰীৰিক স্পৰ্শ অতি প্ৰয়োজনীয়। শাৰীৰিক স্পৰ্শত অক্সিট’চিন হৰম’ন নিঃসৰিত হয়।  মোৰ সেৱাই ভগ্ন হৃদয়ৰ মানুহক উদ্ধাৰ কৰাৰ কাম কৰে।

মিছিয়ে লগতে কয় যে তেওঁৰ বেছিভাগ ক্লায়েণ্টেই পুৰুষ। কিন্তু এই থেৰাপীৰ সময়ত  কোনো পুৰুষে তেওঁৰ পৰা যৌন কাৰ্যকলাপৰ দাবী কৰিব নোৱাৰে। ইয়াৰ বাবে ক্লায়েণ্টে চুক্তিখনত স্বাক্ষৰ কৰে, য’ত স্পষ্টকৈ লিখা আছে যে যিখিনি স্পৰ্শ কৰা হ’ব, সেয়া অযৌনমূলক হ’ব। মিছিৰ এটা ৱেবচাইটো আছে, য’ত মানুহে তেওঁক এই থেৰাপীৰ বিষয়ে অনবৰতে প্ৰশ্ন কৰে আৰু তেওঁ উত্তৰ দিয়ে।

এই থেৰাপীৰ এঘণ্টাৰ চাৰ্জ প্ৰায় ১২০০০ টকা। মিছিৰ ক্লায়েণ্টৰ বয়স ২০ৰ পৰা ৫০ বছৰৰ ভিতৰত। শেহতীয়াকৈ এগৰাকী মহিলাই ব্ৰেকআপৰ পিছত তেওঁক ফোন কৰিছিল। এই মহিলাগৰাকীয়ে মিছিক কান্দি কান্দি ক’লে যে তেওঁৰ ওচৰত কোনো বন্ধু বা আত্মীয় নাই। ইয়াৰ পাছত মিছিয়ে পিছদিনা ভদ্ৰমহিলাগৰাকীৰ ওচৰলৈ গৈ থেৰাপি সেৱা দিলে।

মিছিয়ে অষ্ট্ৰেলিয়াৰ সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছিল। সেনাবাহিনী এৰি অহাৰ পাছত তেওঁ পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ আৰু উদ্বেগতো ভুগিছিল। ইয়াৰ পিছত মিছিয়ে এটা পি আৰ এজেন্সী আৰম্ভ কৰে। পিছলৈ মিছিয়ে মানসিক স্বাস্থ্য সংস্থা SANE ত যোগদান কৰে। মিছিয়ে বিশ্বাস কৰে যে ‘পৰম্পৰাগত মনোবিজ্ঞান’তকৈ কাডল ​​থেৰাপী ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন