--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেনে আছে চলমান ৰুশ্বদি? আঢ়ৈ মাহ পূৰ্বে নিউয়ৰ্কৰ এটা অনুষ্ঠানত আততায়ীৰ আক্ৰমণত তীব্ৰ আঘাট লাভ কৰা বিশ্বপ্ৰসিদ্ধ লেখকজনৰ শেহতীয়া অৱস্থাৰ বিষয়ে জানিব পৰা গৈছে।

লেখকগৰাকীৰ প্ৰতিনিধি আণ্ড্ৰু ৱাইলিয়ে জনোৱামতে, এটা চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে ৰুশ্বদীয়ে। উল্লেখ্য যে আততায়ীগৰাকীয়ে ৰুশ্বদীৰ চকুৰ ওপৰত চুৰিকাঘাত কৰিছিল।

তাৰপাছতে হস্পিতালত আশংকাজনক অৱস্থাত আছিল ৰুশ্বদী। লেখকগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰে তেওঁৰ গুণমুগ্ধসকল।

চকুৰ উপৰিও লেখকগৰাকীৰ এখন হাতো অকামিলা হৈ পৰিছে বুলি এজেণ্টগৰাকীয়ে জনায়। এখন স্পেনিছ আলোচনীত দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয় যে ৰুশ্বদী নিউয়ৰ্কৰ অনুষ্ঠানটোত ভয়াৱহ তথা গভীৰ আঘাট লাভ কৰিছিল।

“তেওঁৰ শৰীৰৰত তিনিটা গভীৰ আঘাত আছিল, বুকু আৰু শৰীৰৰ উপৰৰ ভাগত ১৫ টাকৈ গুৰুত্বৰ আঘাত লাগে।”- প্ৰতিনিধিগৰাকীয়ে কয়- “তেওঁৰ দুয়োখন হাতৰ স্নায়ুসমূহ নষ্ট হৈ গৈছিল। ফলত তেওঁৰ এখন হাত অকামিলা হৈ পৰে।”

অৱশ্যে ৰুশ্বদীক বৰ্তমান ক’ত ৰখা হৈছে সেই বিষয়েও প্ৰতিনিধিগৰাকীয়ে কোনো ভাষ্য আগবঢ়োৱা নাই। ৰুশ্বদীৰ কোনটো চকু নষ্ট হৈছে বা কোনখন হাত অকামিলা হৈছে সেই বিষয়েও কোনো তথ্য আগবঢ়োৱা নাই তেওঁ।

“এইটোৱেই ডাঙৰ কথা যে তেওঁৰ প্ৰাণ বাচিছে আৰু শেষত মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰাই অনাটো সম্ভৱ হৈছে।”- প্ৰতিনিধিগৰাকীয়ে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক