--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেনে আছে চলমান ৰুশ্বদি? আঢ়ৈ মাহ পূৰ্বে নিউয়ৰ্কৰ এটা অনুষ্ঠানত আততায়ীৰ আক্ৰমণত তীব্ৰ আঘাট লাভ কৰা বিশ্বপ্ৰসিদ্ধ লেখকজনৰ শেহতীয়া অৱস্থাৰ বিষয়ে জানিব পৰা গৈছে।

লেখকগৰাকীৰ প্ৰতিনিধি আণ্ড্ৰু ৱাইলিয়ে জনোৱামতে, এটা চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে ৰুশ্বদীয়ে। উল্লেখ্য যে আততায়ীগৰাকীয়ে ৰুশ্বদীৰ চকুৰ ওপৰত চুৰিকাঘাত কৰিছিল।

তাৰপাছতে হস্পিতালত আশংকাজনক অৱস্থাত আছিল ৰুশ্বদী। লেখকগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰে তেওঁৰ গুণমুগ্ধসকল।

চকুৰ উপৰিও লেখকগৰাকীৰ এখন হাতো অকামিলা হৈ পৰিছে বুলি এজেণ্টগৰাকীয়ে জনায়। এখন স্পেনিছ আলোচনীত দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয় যে ৰুশ্বদী নিউয়ৰ্কৰ অনুষ্ঠানটোত ভয়াৱহ তথা গভীৰ আঘাট লাভ কৰিছিল।

“তেওঁৰ শৰীৰৰত তিনিটা গভীৰ আঘাত আছিল, বুকু আৰু শৰীৰৰ উপৰৰ ভাগত ১৫ টাকৈ গুৰুত্বৰ আঘাত লাগে।”- প্ৰতিনিধিগৰাকীয়ে কয়- “তেওঁৰ দুয়োখন হাতৰ স্নায়ুসমূহ নষ্ট হৈ গৈছিল। ফলত তেওঁৰ এখন হাত অকামিলা হৈ পৰে।”

অৱশ্যে ৰুশ্বদীক বৰ্তমান ক’ত ৰখা হৈছে সেই বিষয়েও প্ৰতিনিধিগৰাকীয়ে কোনো ভাষ্য আগবঢ়োৱা নাই। ৰুশ্বদীৰ কোনটো চকু নষ্ট হৈছে বা কোনখন হাত অকামিলা হৈছে সেই বিষয়েও কোনো তথ্য আগবঢ়োৱা নাই তেওঁ।

“এইটোৱেই ডাঙৰ কথা যে তেওঁৰ প্ৰাণ বাচিছে আৰু শেষত মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰাই অনাটো সম্ভৱ হৈছে।”- প্ৰতিনিধিগৰাকীয়ে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ