--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত পুনৰ বিদেশী ভ্লগাৰৰ শালীনতা হানিৰ এক ঘটনা ঘটিছে৷ 'বসুধৈৱ কুটুম্বকম'ৰ বাৰ্তা প্ৰদান কৰা দেশ ভাৰতত এগৰাকী বিদেশী যুৱতীৰ  সৈতে এজন যুৱকে কৰা  দুৰ্ব্যৱহাৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ঘটনাটো ঘটিছে  মহাৰাষ্ট্ৰত৷   দক্ষিণ কোৰিয়াৰ ভ্লগাৰ যুৱতীগৰাকীয়ে  ভাৰত ভ্ৰমণ কৰি থকাৰ  সময়তে এক অনাহূত  অভিজ্ঞতাৰ সন্মুখীন হৈছে৷ পথৰ ওপৰত ভিডিঅ’ কৰি থকাৰ সময়তে যুৱতীগৰাকীক এজন লোকে   হঠাতে তাইক সাৱটি ধৰে। গোটেই ঘটনাটো ভ্লগাৰগৰাকীৰ  এটা ভিডিঅ'ত বন্দী কৰা হৈছে। সেই দৃশ্য এতিয়া  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিদেশী যুৱতীৰ  সৈতে অশালীন আচৰণ কৰাৰ বাবে যুৱকজনৰ বিৰুদ্ধে নেটত   নিন্দাৰ ধুমুহা বলিছে৷ 

ভ্লগাৰগৰাকীৰ  নাম কেলী। তেওঁ ভাৰত ভ্ৰমণ কৰিবলৈ আহি মহাৰাষ্ট্ৰৰ ৰাস্তাত ঘূৰি ফুৰিছিল। ভিডিঅ'টোত তেওঁক পথৰ কাষৰ দোকান এখনৰ সন্মুখত থিয় হৈ স্থানীয় লোকসকলৰ সৈতে কথা পাতি থকা দেখা গৈছে। তেতিয়াই এজন লোকে  অপ্ৰত্যাশিতভাৱে কেলীক  পিছফালৰ পৰা সাৱটি ধৰে। এই কথাত  কেলীয়ে অস্বস্তি অনুভৱ কৰিছিল ৷

দক্ষিণ কোৰিয়াৰ ব্লগাৰগৰাকীয়ে এই বিষয়ত  আৰক্ষীৰ  ওচৰত অভিযোগ দাখিল কৰিছে নে নাই সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে, কেলীৰ ব্লগৰ কমেণ্ট বক্সত  এনে ঘটনাৰ বাবে বহু ভাৰতীয়ই ক্ষমা বিচাৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এজন ভাৰতীয় হিচাপে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো ৷’’ আন এজনে লিখিছে, "এজন ভাৰতীয় হিচাপে এই আচৰণৰ বাবে গভীৰভাৱে দুঃখিত। ভাৰতৰ পৰা বহুত মৰম আপোনালৈ। সাৱধান হ’ব। "

 কেলীৰ ক্ষেত্ৰত ঘটা এনে  ঘটনাই ভাৰতৰ বিষয়ে বিশ্বলৈ এক বেয়া  বাৰ্তা প্ৰেৰণ কৰিব বুলি আশংকা কৰা হৈছে৷ । ইয়াৰ পূৰ্বে এপ্ৰিল মাহত আন এগৰাকী কোৰিয়ান ব্লগাৰক  ৰাজস্থানৰ যোধপুৰ চহৰত উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) অধ্যক্ষা স্বাতী মালিৱালেও সেই সময়ত ঘটনাটোক গৰিহণা দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক