--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত পুনৰ বিদেশী ভ্লগাৰৰ শালীনতা হানিৰ এক ঘটনা ঘটিছে৷ 'বসুধৈৱ কুটুম্বকম'ৰ বাৰ্তা প্ৰদান কৰা দেশ ভাৰতত এগৰাকী বিদেশী যুৱতীৰ  সৈতে এজন যুৱকে কৰা  দুৰ্ব্যৱহাৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ঘটনাটো ঘটিছে  মহাৰাষ্ট্ৰত৷   দক্ষিণ কোৰিয়াৰ ভ্লগাৰ যুৱতীগৰাকীয়ে  ভাৰত ভ্ৰমণ কৰি থকাৰ  সময়তে এক অনাহূত  অভিজ্ঞতাৰ সন্মুখীন হৈছে৷ পথৰ ওপৰত ভিডিঅ’ কৰি থকাৰ সময়তে যুৱতীগৰাকীক এজন লোকে   হঠাতে তাইক সাৱটি ধৰে। গোটেই ঘটনাটো ভ্লগাৰগৰাকীৰ  এটা ভিডিঅ'ত বন্দী কৰা হৈছে। সেই দৃশ্য এতিয়া  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিদেশী যুৱতীৰ  সৈতে অশালীন আচৰণ কৰাৰ বাবে যুৱকজনৰ বিৰুদ্ধে নেটত   নিন্দাৰ ধুমুহা বলিছে৷ 

ভ্লগাৰগৰাকীৰ  নাম কেলী। তেওঁ ভাৰত ভ্ৰমণ কৰিবলৈ আহি মহাৰাষ্ট্ৰৰ ৰাস্তাত ঘূৰি ফুৰিছিল। ভিডিঅ'টোত তেওঁক পথৰ কাষৰ দোকান এখনৰ সন্মুখত থিয় হৈ স্থানীয় লোকসকলৰ সৈতে কথা পাতি থকা দেখা গৈছে। তেতিয়াই এজন লোকে  অপ্ৰত্যাশিতভাৱে কেলীক  পিছফালৰ পৰা সাৱটি ধৰে। এই কথাত  কেলীয়ে অস্বস্তি অনুভৱ কৰিছিল ৷

দক্ষিণ কোৰিয়াৰ ব্লগাৰগৰাকীয়ে এই বিষয়ত  আৰক্ষীৰ  ওচৰত অভিযোগ দাখিল কৰিছে নে নাই সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে, কেলীৰ ব্লগৰ কমেণ্ট বক্সত  এনে ঘটনাৰ বাবে বহু ভাৰতীয়ই ক্ষমা বিচাৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এজন ভাৰতীয় হিচাপে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো ৷’’ আন এজনে লিখিছে, "এজন ভাৰতীয় হিচাপে এই আচৰণৰ বাবে গভীৰভাৱে দুঃখিত। ভাৰতৰ পৰা বহুত মৰম আপোনালৈ। সাৱধান হ’ব। "

 কেলীৰ ক্ষেত্ৰত ঘটা এনে  ঘটনাই ভাৰতৰ বিষয়ে বিশ্বলৈ এক বেয়া  বাৰ্তা প্ৰেৰণ কৰিব বুলি আশংকা কৰা হৈছে৷ । ইয়াৰ পূৰ্বে এপ্ৰিল মাহত আন এগৰাকী কোৰিয়ান ব্লগাৰক  ৰাজস্থানৰ যোধপুৰ চহৰত উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) অধ্যক্ষা স্বাতী মালিৱালেও সেই সময়ত ঘটনাটোক গৰিহণা দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক