--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ বিপদজনক যুদ্ধক্ষেত্ৰ হৈছে ছিয়াচেন, লগতে ভাৰত আৰু পাকিস্তানৰ মাজত নিয়ন্ত্ৰণ ৰেখা সমাপ্ত হয় ছিয়াচেনত । বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰত ভাৰতীয় সৈন্যৰ বাবে শত্ৰুতকৈ ভয়াৱহ হৈছে ছিয়াচেন হিমবাহৰ প্ৰতিকূল বতৰ। ১৯৮৪ চনৰ পৰা যেতিয়া ভাৰতে চিয়াচেন হিমবাহ দখল কৰিছিল, তেতিয়াৰ পৰা ছিয়াচেনৰ অত্যধিক জলবায়ুপৰিস্থিতি আৰু পাৰিপাৰ্শ্বিক কাৰকৰ বাবে ৮৬৯জন সৈন্যৰ মৃত্যু হৈছে।

শেহতীয়াকৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডিআৰডিঅ’) ছিয়াচেনৰ হিমালয়ৰ বৰফযুক্ত শৃংগৰ ওপৰত নিয়োজিত ভাৰতীয় সশস্ত্ৰ বাহিনীক অত্যধিক ঠাণ্ডাত ব্যৱহাৰ কৰিবলৈ উপযুক্ত পোছাক (ইচিডব্লিউচিএছ) প্ৰস্তুত কৰাৰ প্ৰযুক্তি পাঁচটা ভাৰতীয় কোম্পানীলৈ হস্তান্তৰ কৰিছে।

সেনাই শেহতীয়াকৈ অত্যধিক ঠাণ্ডা বতৰৰ পোছাক আৰু উচ্চ-উচ্চতা অঞ্চলত নিয়োজিত সৈন্যৰ বাবে কেইবাটাও বিশেষ কাপোৰ আৰু পৰ্বতাৰোহণ সঁজুলি (এছচিএমই) সামগ্ৰী আমদানি কৰি আহিছে। শীঘ্ৰেই ভাৰতত তৈয়াৰ কৰা বিশেষ জেকেট, ট্ৰাউজাৰ, বুট, স্লিপিং বেগ আৰু অন্যান্য বিশেষ চৰম শীতকালীন কাপোৰৰ সামগ্ৰী প্ৰদান কৰিব। এই বিশেষ কাপোৰবোৰে সৈনিকসকলক -৫৫ তাপমাত্ৰাত কাম কৰিব পৰাকৈ নিৰ্মাণ কৰিছে।

হিমালয়ৰ বৰফৰ উচ্চতাত পাকিস্তান আৰু চীনৰ সৈতে ভাৰতৰ সীমা তত্ত্বাৱধান কৰা সৈনিকসকলে অতি সোনকালেই নিজকে উষ্ণ আৰু নিম্ন-শূন্য তাপমাত্ৰাতো ফিট কৰি ৰাখিবলৈ স্বদেশত নিৰ্মিত বিশেষ পোছাক যোগান ধৰিব৷ ডিআৰডিঅ’ৰ ডিজাইন কৰা ইচিডব্লিউচিএছ এনচেম্বলটো উন্নত তাপ নিৰোধক আৰু শাৰীৰিক আৰামৰ সৈতে এৰ্গোনোমিকেলি ডিজাইন কৰা হৈছে আৰু বিভিন্ন স্তৰৰ শাৰীৰিক কাৰ্য-কলাপৰ সময়ত হিমালয় অঞ্চলৰ বিভিন্ন পৰিৱেশজলবায়ুৰ স্থিতিত ইনচুলেচনৰ প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত। প্ৰতিৰক্ষা বিভাগৰ সচিব আৰু ডিআৰডিঅ’ৰ অধ্যক্ষ ড০ জি সতীশ ৰেড্ডীয়ে এছচিএমই সামগ্ৰী নিৰ্মাণৰ বাবে এক থলুৱা ঔদ্যোগিক খণ্ডক হস্তান্তৰ কৰিছে, লগতে তেওঁ কয় যে, এই বিশেষ পোছাকে কেৱল সেনাৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, ৰপ্তানিৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী