--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ বিপদজনক যুদ্ধক্ষেত্ৰ হৈছে ছিয়াচেন, লগতে ভাৰত আৰু পাকিস্তানৰ মাজত নিয়ন্ত্ৰণ ৰেখা সমাপ্ত হয় ছিয়াচেনত । বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰত ভাৰতীয় সৈন্যৰ বাবে শত্ৰুতকৈ ভয়াৱহ হৈছে ছিয়াচেন হিমবাহৰ প্ৰতিকূল বতৰ। ১৯৮৪ চনৰ পৰা যেতিয়া ভাৰতে চিয়াচেন হিমবাহ দখল কৰিছিল, তেতিয়াৰ পৰা ছিয়াচেনৰ অত্যধিক জলবায়ুপৰিস্থিতি আৰু পাৰিপাৰ্শ্বিক কাৰকৰ বাবে ৮৬৯জন সৈন্যৰ মৃত্যু হৈছে।

শেহতীয়াকৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডিআৰডিঅ’) ছিয়াচেনৰ হিমালয়ৰ বৰফযুক্ত শৃংগৰ ওপৰত নিয়োজিত ভাৰতীয় সশস্ত্ৰ বাহিনীক অত্যধিক ঠাণ্ডাত ব্যৱহাৰ কৰিবলৈ উপযুক্ত পোছাক (ইচিডব্লিউচিএছ) প্ৰস্তুত কৰাৰ প্ৰযুক্তি পাঁচটা ভাৰতীয় কোম্পানীলৈ হস্তান্তৰ কৰিছে।

সেনাই শেহতীয়াকৈ অত্যধিক ঠাণ্ডা বতৰৰ পোছাক আৰু উচ্চ-উচ্চতা অঞ্চলত নিয়োজিত সৈন্যৰ বাবে কেইবাটাও বিশেষ কাপোৰ আৰু পৰ্বতাৰোহণ সঁজুলি (এছচিএমই) সামগ্ৰী আমদানি কৰি আহিছে। শীঘ্ৰেই ভাৰতত তৈয়াৰ কৰা বিশেষ জেকেট, ট্ৰাউজাৰ, বুট, স্লিপিং বেগ আৰু অন্যান্য বিশেষ চৰম শীতকালীন কাপোৰৰ সামগ্ৰী প্ৰদান কৰিব। এই বিশেষ কাপোৰবোৰে সৈনিকসকলক -৫৫ তাপমাত্ৰাত কাম কৰিব পৰাকৈ নিৰ্মাণ কৰিছে।

হিমালয়ৰ বৰফৰ উচ্চতাত পাকিস্তান আৰু চীনৰ সৈতে ভাৰতৰ সীমা তত্ত্বাৱধান কৰা সৈনিকসকলে অতি সোনকালেই নিজকে উষ্ণ আৰু নিম্ন-শূন্য তাপমাত্ৰাতো ফিট কৰি ৰাখিবলৈ স্বদেশত নিৰ্মিত বিশেষ পোছাক যোগান ধৰিব৷ ডিআৰডিঅ’ৰ ডিজাইন কৰা ইচিডব্লিউচিএছ এনচেম্বলটো উন্নত তাপ নিৰোধক আৰু শাৰীৰিক আৰামৰ সৈতে এৰ্গোনোমিকেলি ডিজাইন কৰা হৈছে আৰু বিভিন্ন স্তৰৰ শাৰীৰিক কাৰ্য-কলাপৰ সময়ত হিমালয় অঞ্চলৰ বিভিন্ন পৰিৱেশজলবায়ুৰ স্থিতিত ইনচুলেচনৰ প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত। প্ৰতিৰক্ষা বিভাগৰ সচিব আৰু ডিআৰডিঅ’ৰ অধ্যক্ষ ড০ জি সতীশ ৰেড্ডীয়ে এছচিএমই সামগ্ৰী নিৰ্মাণৰ বাবে এক থলুৱা ঔদ্যোগিক খণ্ডক হস্তান্তৰ কৰিছে, লগতে তেওঁ কয় যে, এই বিশেষ পোছাকে কেৱল সেনাৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, ৰপ্তানিৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন