--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুদীৰ্ঘ পাঁচ বছৰীয়া শ্বাসৰুদ্ধকাৰী পৰিস্থিতিৰ এতিয়া যৱনিকা পৰাৰ দিশে অগ্ৰসৰ হৈছে৷ মঙলদৈৰ এজন দৰিদ্ৰ ৰিক্সাচালক সন্ধানহীন হৈছিল পাঁচ বছৰ পূৰ্বেই। কিন্তু দীঘলীয়া অপেক্ষাৰ পাছত বাংলাদেশৰ কাৰাগাৰত তেওঁৰ সন্ধান লাভ কৰা গৈছিল যদিও পুনৰ আঢ়ৈ বছৰে পৰিয়ালৰ সৈতে সংযোগহীন হৈ আছিল তেওঁ। তিনি বছৰ পূৰ্বৰ তথ্য অনুযায়ী বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উপ উচ্চায়ুক্তৰ এখন পত্ৰত এই কথা পোহৰলৈ আহিছিল৷ ২০১৯চনৰ পাঁচ মে’ত ভাৰতীয় উপ উচ্চায়ুক্তৰ চিঠি নম্বৰ ডিএচি/চি ও এন এছ/৪১১/০৩/২০১৯ মৰ্মে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিবক বিষয়টো অৱগত কৰা হৈছিল৷
পত্ৰত উল্লেখ কৰা মতে, মঙলদৈ থানাৰ অন্তৰ্গত কেওটপাৰা (হোদাপাৰা) গাঁৱৰ ফুলেশ্বৰ হাজৰিকাৰ পুত্ৰ মুকুল হাজৰিকা বাংলাদেশৰ ফেনী কাৰাগাৰত কাৰাদণ্ডৰ ম্যাদ উকলাৰ পাছতো কাৰাৰুদ্ধ হৈ আছে৷ ৰাজ্য চৰকাৰে তেওঁৰ নাগৰিকত্ব সম্পৰ্কত কোনো গুৰুত্ব নিদিয়াত এইদৰে আৱদ্ধ হৈ থাকিব লগা হৈছে বুলিও পত্ৰখনত উল্লেখ কৰে৷ অৱশ্যে চিঠিখনত তেওঁৰ কি অপৰাধ, কিমানদিনৰ কাৰাবাসৰ শাস্তি তেওঁ ভোগ কৰিবলগীয়া হৈছিল, এই বিষয়বোৰ উল্লেখ নাছিল৷
উল্লেখ্য যে, মঙলদৈৰ হোদাপাৰাৰ ২০১৭ৰ ১২ ফেব্ৰুৱাৰীত মুকুল হাজৰিকা (৪৫) ৰহস্যজনকভাবে নিখোজ হৈছিল আৰু এই সম্পৰ্কত সেই বছৰৰে ১৪ ফেব্ৰুৱাৰীত মঙলদৈ থানাত এজাহাৰ দিছিল পৰিয়ালে৷ ৰিক্সাচালক মুকুল নিৰুদ্দেশ হোৱাৰ দিনা ঘৰৰ পৰা জনাৰামচৌকালৈ এখন চাইকেল লৈ ওলাই গৈছিল৷ মানসিকভাৱে কিছু অস্থিৰ মুকুল সেই দিনৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৷ আনহাতে কোনো উগ্ৰপন্থী সংগঠনৰ স’তে সম্পৰ্ক থকাৰ কথা পোনপটীয়াকৈ অস্বীকাৰ কৰি পিতৃয়ে বাংলাদেশত থকা সন্তানক নিজাববীয়াকৈ ওভতাই অনাটো পৰিয়ালটোৰ বাবে কল্পনাতীত বুলি কঁপালক ধিয়াই দিন পাৰ কৰিবলগীয়া হয়। তিনিটা পুত্ৰ সন্তানৰ পিতৃ মুকুলৰ অসহায় পত্নী কাঞ্চন হাজৰিকাই শুৱালকুছিত শিপিনী ৰূপে জীৱিকা নিৰ্বাহ কৰি আছে আৰু মাজে সময়ে স্বামীগৃহলৈ আহি পুনৰ জীৱিকাৰ অকলশৰীয়া যুঁজত নামি পৰে৷ ইপিনে পুত্ৰ-স্বামী আৰু পিতৃয়ে মুকুলক হাতত পায়ো বাটত হেৰুওৱাৰ দৰে হৈছে ৷ বিগত ২০১৯ ৰ পৰা বিগত আঢ়ৈ বছৰে পুনৰ একো শুংসূত্ৰ নোপোৱাত উদ্বিগ্নতাৰে দিন পাৰ কৰিবলগীয়া হৈছিল পৰিয়ালটোৱে। শেহতীয়াকৈ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে৷ আৰক্ষী অধীক্ষক শৰ্মাই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ বাংলাদেশৰ উচ্চস্তৰীয় মহলত উপস্থাপনৰ ব্যৱস্থা কৰে৷ জানিব পৰা মতে অহা ১৩ ছেপ্টেম্বৰত বাংলাদেশ ৰাইফল্‌ছে মুকুল হাজৰিকাক বি এছ এফৰ হাতত অৰ্পণ কৰিব আৰু বি এছ এফে উত্তৰ ত্ৰিপুৰা আৰক্ষীৰ হাতত অৰ্পণ কৰিব৷ সেয়ে ত্ৰিপুৰা আৰক্ষীৰ পৰা মুকুলক গ্ৰহণ কৰিবলৈ মুকুলৰ পিতৃ ফুলেশ্বৰ হাজৰিকা আৰু মঙলদৈ থানাৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপপৰিদৰ্শক দান্টেজিৎ দেউৰীয়ে ইতিমধ্যে উৰাজাহাজেৰে ত্ৰিপুৰালৈ ৰাওনা হৈছে৷ দীঘলীয়া অনিশ্চয়তাৰ এই ঘটনাই সফল সমাপ্তিৰ দিশত আগবঢ়াত মঙলদৈবাসী উৎফুল্লিত হৈ পৰিছে৷ অৱশ্যে কি আৰু কেনে পৰিস্থিতিত মঙলদৈৰ ৰিক্সাচালকজন গৈ বাংলাদেশ পালে আৰু কিয় কাৰাৰুদ্ধ হ’ব লগা হ’ল , এই কৌতূহলবোৰৰ উত্তৰ ওলাব তেওঁ ঘূৰি আহি পোৱাৰ পাছতে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement