--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ পিন্ধনত ভৰিৰ পৰা মূৰলৈ আৱৰা ক'লা বোৰ্খা, হাতত তালিবানৰ পতাকা। এনেদৰে তালিবানৰ সমৰ্থনত শনিবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত ৩০০ ৰো অধিক মহিলাই গণ সমদল উলিয়ায়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহিলাসকলে কাবুলৰ শ্বহীদ ৰব্বানী শিক্ষা বিশ্ববিদ্যালয়ৰ লেকচাৰ থিয়েটাৰত উলিওৱা তালিবানৰ সমৰ্থনত সমদলটোত অংশগ্ৰহণ কৰিছিল। সমদলটোত মহিলাসকলে পশ্চিমীয়া শাসকৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰে আৰু ইছলামবাদীসকলৰ নীতিৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

আমি ৰাজপথত প্ৰতিবাদ কৰা মহিলাসকলৰ প্ৰতিনিধি বুলি ক'লা বোৰ্খাৰে আবৃত এগৰাকী বক্তাই কৈছিল। পূৰ্বৰ চৰকাৰে মহিলাসকলক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, পূৰ্বৰ চৰকাৰক ভাল পোৱাটো স্বাধীনতা নেকি? নহয়, এইটো সেই স্বাধীনতা নহয়। সেই চৰকাৰে মহিলাসকলক উৎপীড়ন কৰি আছিল। তেওঁলোকে কেৱল সৌন্দৰ্যৰ আধাৰত মহিলাসকলক নিযুক্ত কৰা বুলিও অভিযোগ উত্থাপন কৰিছে আফগান মহিলাই।

শিক্ষা মন্ত্ৰালয়ৰ বৈদেশিক সম্পৰ্কৰ সঞ্চালক ডাউড হাক্কানিয়ে সদৰী কৰে যে, মহিলাসকলক সমদলটো আয়োজন কৰিবলৈ কৰ্তৃপক্ষৰ পৰা অনুমতি বিচৰাত তেওঁলোকক অনুমোদন দিয়া হৈছিল। তালিবানে মঙলবাৰে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছিল। কিন্তু সেই মন্ত্ৰীসভাত কোনো মহিলাই পদ নাপালে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কাবুলত প্ৰতিবাদ চলি আছে। তালিবানে প্ৰতিবাদ দমন কৰিবলৈ খালী গুলী, লাঠিচাৰ্জ, কন্দুৱা গেছ আৰু আনকি চাবুক ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদী মহিলাই। কিন্তু সকলোকে আচৰিত কৰি মহিলাসকলে তালিবানৰ হৈ পোন প্ৰথম বাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ