--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাতশ বছৰতকৈও অধিক বয়স। এই দীৰ্ঘকালত ব্ৰিটেইনৰ ইতিহাসত বহু উত্থান-পতনৰ সাক্ষী হৈ আহিছে বাকিংহাম পেলেচৰ হিংসাসনখনে। বয়স হ’লেও তেওঁৰ গুৰুত্ব কমি যোৱা নাই।

৬ মে’ত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক হ’ব। সেই উপলক্ষে পুনৰবাৰ দেখা যাব ৰাজকীয়, ঐতিহাসিক, সাতশ বছৰীয়া সিংহাসনখন।

বিগত কেইবামাহো ধৰি সিংহাসনখনৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ কাম চলি আছে। বিশেষ দিনটোৰ বাবে নতুন সাজ-সজ্জা কৰা হৈছে।

ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছৰে পৰা তৃতীয় চাৰ্লছক ৰজা হিচাপে নিযুক্তি দিয়া হৈছে। কিন্তু ৰাজ অভিষেকৰ অনুষ্ঠান এতিয়াও হোৱা নাই। ৬ মাৰ্চত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ এবেত অনুষ্ঠিত হ’ব এই উৎসৱ।

সেইদিনাই দেখা যাব ওক গছৰ কাঠেৰে নিৰ্মিত প্ৰাচীন সিংহাসনখন। ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা ক্ৰীষ্টা ব্লাছলীয়ে কয় যে সিংহাসন অতি ভংগুৰ অৱস্থাত আছে। ওপৰৰ তৰপবোৰ সৰি পৰিছে। ইয়াৰ গঠনো যথেষ্ট জটিল। বিগত চাৰি মাহ ধৰি সিংহাসন মেৰামতি কৰি আহিছে ক্ৰীষ্টাই।

ইতিহাসৰ মতে, এই সিংহাসন ১৩০৭ চনত প্ৰথম এডৱাৰ্ড ৰজাই নিৰ্মাণ কৰিছিল। প্ৰায় ২.০৫ মিটাৰ উচ্চতা। তাৰ পিছত সোণৰ পাতেৰে ঢাকি ৰঙীন কাঁচেৰে সজাই তোলা হৈছিল। ওক গছৰ সিংহাসনত জীৱ-জন্তু, চৰাই আৰু সন্তৰ মূৰ্তি খোদিত কৰা হৈছে। তলত ৰাজপৰিয়ালৰ প্ৰতীক হিচাপে এটা সিংহৰ মূৰ্তি আছে। এই সিংহাসনত বিগত সাতশ বছৰ ধৰি ব্ৰিটেইনত ৰজা-ৰাণীৰ ৰাজ অভিষেকৰ সাক্ষী হৈ আহিছে।

সিংহাসনৰ ভিতৰত এটা প্ৰাচীন শিল ৰখা হৈছে। যাক কোৱা হয় ‘ষ্টোন অৱ স্ক’ন’। ইয়াক ‘Stone of Destiny’ বুলিও কোৱা হয়। ইটাৰ দৰে দীঘলীয়া শিলটোৰ লগত লোহাৰ আঙঠি এটা সংলগ্ন হৈ থাকে। ১২৯৬ চনত স্কটলেণ্ড জয় কৰাৰ পিছত তাৰ পৰাই এই শিলটো ব্ৰিটেইনলৈ অনা হয়। কিন্তু ১৯৯৬ চনত ব্ৰিটিছ চৰকাৰে এই শিলটো স্কটলেণ্ডলৈ ঘূৰাই দিয়ে। আজিও সেই শিল অবিহনে ৰাজ অভিষেক অনুষ্ঠান আধৰুৱা হৈয়ে আছে। গতিকে এইবাৰ অনুষ্ঠানটোৰ উপলক্ষে ইয়াক লণ্ডনলৈ অনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ