--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাতশ বছৰতকৈও অধিক বয়স। এই দীৰ্ঘকালত ব্ৰিটেইনৰ ইতিহাসত বহু উত্থান-পতনৰ সাক্ষী হৈ আহিছে বাকিংহাম পেলেচৰ হিংসাসনখনে। বয়স হ’লেও তেওঁৰ গুৰুত্ব কমি যোৱা নাই।

৬ মে’ত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক হ’ব। সেই উপলক্ষে পুনৰবাৰ দেখা যাব ৰাজকীয়, ঐতিহাসিক, সাতশ বছৰীয়া সিংহাসনখন।

বিগত কেইবামাহো ধৰি সিংহাসনখনৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ কাম চলি আছে। বিশেষ দিনটোৰ বাবে নতুন সাজ-সজ্জা কৰা হৈছে।

ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছৰে পৰা তৃতীয় চাৰ্লছক ৰজা হিচাপে নিযুক্তি দিয়া হৈছে। কিন্তু ৰাজ অভিষেকৰ অনুষ্ঠান এতিয়াও হোৱা নাই। ৬ মাৰ্চত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ এবেত অনুষ্ঠিত হ’ব এই উৎসৱ।

সেইদিনাই দেখা যাব ওক গছৰ কাঠেৰে নিৰ্মিত প্ৰাচীন সিংহাসনখন। ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা ক্ৰীষ্টা ব্লাছলীয়ে কয় যে সিংহাসন অতি ভংগুৰ অৱস্থাত আছে। ওপৰৰ তৰপবোৰ সৰি পৰিছে। ইয়াৰ গঠনো যথেষ্ট জটিল। বিগত চাৰি মাহ ধৰি সিংহাসন মেৰামতি কৰি আহিছে ক্ৰীষ্টাই।

ইতিহাসৰ মতে, এই সিংহাসন ১৩০৭ চনত প্ৰথম এডৱাৰ্ড ৰজাই নিৰ্মাণ কৰিছিল। প্ৰায় ২.০৫ মিটাৰ উচ্চতা। তাৰ পিছত সোণৰ পাতেৰে ঢাকি ৰঙীন কাঁচেৰে সজাই তোলা হৈছিল। ওক গছৰ সিংহাসনত জীৱ-জন্তু, চৰাই আৰু সন্তৰ মূৰ্তি খোদিত কৰা হৈছে। তলত ৰাজপৰিয়ালৰ প্ৰতীক হিচাপে এটা সিংহৰ মূৰ্তি আছে। এই সিংহাসনত বিগত সাতশ বছৰ ধৰি ব্ৰিটেইনত ৰজা-ৰাণীৰ ৰাজ অভিষেকৰ সাক্ষী হৈ আহিছে।

সিংহাসনৰ ভিতৰত এটা প্ৰাচীন শিল ৰখা হৈছে। যাক কোৱা হয় ‘ষ্টোন অৱ স্ক’ন’। ইয়াক ‘Stone of Destiny’ বুলিও কোৱা হয়। ইটাৰ দৰে দীঘলীয়া শিলটোৰ লগত লোহাৰ আঙঠি এটা সংলগ্ন হৈ থাকে। ১২৯৬ চনত স্কটলেণ্ড জয় কৰাৰ পিছত তাৰ পৰাই এই শিলটো ব্ৰিটেইনলৈ অনা হয়। কিন্তু ১৯৯৬ চনত ব্ৰিটিছ চৰকাৰে এই শিলটো স্কটলেণ্ডলৈ ঘূৰাই দিয়ে। আজিও সেই শিল অবিহনে ৰাজ অভিষেক অনুষ্ঠান আধৰুৱা হৈয়ে আছে। গতিকে এইবাৰ অনুষ্ঠানটোৰ উপলক্ষে ইয়াক লণ্ডনলৈ অনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন