--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউক্ৰেইনত ইটোৰ পিছত সিটোকৈ আঘাত হানিছে ৰাছিয়াই। এবছৰ ধৰি যুদ্ধ চলি থকাৰ পাছতো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কিয়েভক অনুশাসন কৰিবলৈ সক্ষম হোৱা নাই। ফলত দল আৰু সেনাৰ ভিতৰত অসন্তুষ্টি বাঢ়ি অহাৰ খবৰ আহিছে। এই পৰিস্থিতিত এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। দাবী কৰা হৈছে পুটিনে নিজৰ প্ৰেমিকাক দেশৰ আটাইতকৈ ডাঙৰ ঘৰটো উপহাৰ দিছিল। কেৱল সেয়াই নহয়, এই বিলাসীতাৰ বাবেই তেওঁ জনসাধাৰণৰ পৰা কৰ ধনো সংগ্ৰহ কৰিছে।

ৰাছিয়াত নিষিদ্ধ হৈ থকা পুটিন বিৰোধী ৱেবছাইট ‘প্ৰজেক্ট’ত দাবী কৰা হৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে নিজৰ ‘প্ৰেমিকা’ এলিনা কাবায়েভাৰ বাবে কোটি কোটি টকাত দেশৰ সৰ্ববৃহৎ ঘৰ আৰু চহৰৰ পৰা বহু দূৰত থকা এটা বিশাল অট্টালিকা ক্ৰয় কৰিছে। এনে বিলাসীতাৰ বাবে ধন আহিছিল ক্ৰেমলিনৰ আন্ধাৰ আলিবোৰেৰে। সূত্ৰ অনুসৰি ৩৯ বছৰীয়া তথা  অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী কাবায়েভাক ৰাছিয়াৰ অঘোষিত সম্ৰাজ্ঞী হিচাপে গণ্য কৰা হয়। ২০০০ চনৰ পৰা পুটিনৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল।  ইউক্ৰেইন যুদ্ধৰ কঠোৰ সমৰ্থক কাবায়েভা শাসকীয় দলৰ সাংসদো আছিল।

"প্ৰজেক্ট"ৰ দাবী অনুসৰি পুটিনে কৃষ্ণ সাগৰৰ ওচৰৰ ৰাছিয়াৰ ছোচিত নিজৰ "প্ৰেমিকা" এলিনা কাবায়েভাৰ বাবে এটা পেণ্টহাউচ কিনিছিল। ২৬০০ বৰ্গমিটাৰত বিস্তৃত এই বিলাসী অট্টালিকাটোত ২০টা কোঠা, এটা ব্যক্তিগত চিনেমা হল, চুইমিং পুল, ছাদৰ ওপৰৰ হেলিপেড  আছে - অন্যান্য সকলো ৰজাঘৰীয়া সুবিধাৰে পৰিপূৰ্ণ ঘৰটো।

মন কৰিবলগীয়া যে কাৰাবন্দী নেতা আলেক্সেই নাভালনীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি পুটিনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে। ক্ৰেমলিনৰ ভিতৰত ধন সৰবৰাহ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ বিষয়ে নাভালনিৰ সংগঠন ‘এণ্টি-কৰ্পচন ফাউণ্ডেশ্যনে’ বিগত সময়ছোৱাত বহু তথ্য ফাদিল কৰিছিল। ফলত তেওঁ পুটিনৰ চকুত আছে বুলি অৱগত মহলে প্ৰকাশ কৰিছে। 

প্ৰথমে ২০২১ চনত কাৰাগাৰত বন্দী ৰাছিয়াৰ বিৰোধী নেতা আলেক্সেই নাভালনিৰ দলটোৱে এই এপাৰ্টমেণ্টটোক লৈ দাবী কৰিছিল। এই সম্পত্তি নিৰ্মাণৰ বাবে পুটিনে বাজেটৰ ধন ব্যৱহাৰ কৰা বুলি বিৰোধী নেতাগৰাকীয়ে কৈছিল।

অৱশ্যে ক্ৰেমলিন আৰু আলিনা কাবায়েভাই ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি বাৰে বাৰে অস্বীকাৰ কৰি আহিছে। ভ্লাদিমিৰ পুটিনৰ ব্যক্তিগত পাৰ্টিত অংশগ্ৰহণ কৰা নাম প্ৰকাশ নকৰা বিষয়াসকলৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোকে কেতিয়াও দুয়োকে একেলগে দেখা নাছিল যদিও তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাত কোনো সন্দেহ নাই। আলিনা কাবায়েভাক ২০১৪ চনত ৰাছিয়াৰ নেশ্যনেল মিডিয়া গ্ৰুপৰ মুৰব্বী হিচাপে নিযুক্তি দিছিল ভ্লাদিমিৰ পুটিনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন