--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চণ্ডিগড় বিশ্ববিদ্যালয়ৰ ৬০ গৰাকী ছাত্ৰীয়ে স্নান কৰি থকাৰ দৃশ্য ইন্টাৰনেটত ভাইৰেল হোৱাৰ পিছত উত্তাল হৈ পৰিছে একাংশ লোক৷ এই অস্বাভাৱিক ঘটনাই সকলোকে বিস্মিত কৰি তুলিছে৷ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে পঞ্জাৱৰ শিক্ষা মন্ত্ৰী হৰজোত সিং বেইন্সে সকলোকে শান্ত হ'বলৈ ৰাজহুৱা আহ্বান জনাইছে ৷ আনকি এই ভিডিঅ’ ইণ্টাৰনেটত সম্প্ৰচাৰিত হোৱাৰ পিছতে  চণ্ডিগড় বিশ্ববিদ্যালয় চৌহদত এক বৃহৎ প্ৰতিবাদ আৰম্ভ হৈছিল।

শিক্ষাৰ্থীসকলক শান্ত হৈ থাকিবলৈ আৰু সংবাদ মাধ্যমক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে,  বিষয়টো যথেষ্ট সংবেদনশীল আৰু আমাৰ ভগ্নী আৰু কন্যাসকলৰ  মৰ্যাদাৰ সৈতে জড়িত হৈ আছে। মন্ত্ৰীগৰাকীয়ে টুইট যোগে কয়, "মই নম্ৰতাৰে চণ্ডিগড় বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থীক শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছো, কোনো  দোষীক ৰক্ষা কৰা নহ'ব।" 

এই ৬০ গৰাকী আছিল বিশ্ববিদ্যালয়খনৰে হোষ্টেলৰ নিৱাসী  ৷ এই ভিডিঅ’  ইণ্টাৰনেটত উপলব্ধ আৰু ভাইৰেল হৈ থকা দেখা পোৱাৰ পিছত বিশ্ববিদ্যালয় চৌহদত বিশৃংখলতাৰ সৃষ্টি হয়। জানিব পৰা মতে,  বিশ্ববিদ্যালয়খনৰে  এগৰাকী ছাত্ৰীয়ে সেই ভিডিঅ'বোৰ তৈয়াৰ কৰিছিল আৰু সেইবোৰ চিমলাৰ এজন যুৱকলৈ  পঠিয়াইছিল যিয়ে সেই ভিডিঅ'বোৰ ইণ্টাৰনেটত আপলোড কৰিছিল। এনে ধৰণৰ প্ৰায় ৬০  টা ভিডিঅ' লিক হৈছিল, এইটো দাবী কৰা হৈছে। অভিযুক্তজনে স্পষ্টভাৱে স্বীকাৰ কৰিছিল যে আন ছোৱালী আৰু হোষ্টেল কৰ্তৃপক্ষৰ অনুমতি অবিহনেই এই ভিডিঅ’ সমূহ প্ৰস্তুত কৰা হৈছিল । 

আন কিছু সূত্ৰ  অনুসৰি, হোষ্টেল কৰ্তৃপক্ষই ঘটনাটো দমন কৰিব বিচাৰিছিল আৰু আনফালে,এনে ভিডিঅ’ ভাইৰেল হোৱা বাবে বহু ছাত্ৰীয়ে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল৷ অভিযুক্তগৰাকীক   সকলো শিক্ষাৰ্থীয়ে গৃহবন্দী কৰি ৰাখিছিল৷আৰু বিশ্ববিদ্যালয়  চৌহদত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত  কৰিছিল৷  এই প্ৰতিবাদৰ পিছতহে  আৰক্ষীয়ে আহি অভিযুক্ত ছাত্ৰীগৰাকীক  গ্ৰেপ্তাৰ কৰিছিল।

মোহালি এছ এছ পিয়ে এই  ভিডিঅ' সন্দৰ্ভত কয় যে, এই ভিডিঅ’টো এগৰাকী ছাত্ৰীৰ দ্বাৰা প্ৰচাৰিত হৈ আছে। বিষয়টোৰ সমাধান বিচাৰি এখন  এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে ,এই ঘটনাৰ সৈতে সম্পৰ্কিত কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই। ”ইয়াৰোপৰি তেওঁ  উৰাবাতৰি বিয়পোৱাৰ ক্ষেত্ৰত সকলোকে সাৱধান হ’বলৈ আহ্বান জনায়।  


 বৰ্তমান ছাত্ৰীসকলৰ শাৰীৰিক-মানসিক অৱস্থা সম্পৰ্কে পৰীক্ষা কৰা হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱা হৈছে৷ পঞ্জাৱ মহিলা আয়োগৰ অধ্যক্ষা মনীষা গুলাটিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক  অভিযুক্তক উচিত শাস্তি প্ৰদান কৰাৰ আশ্বাস দিয়ে৷ আনফালে অভিযুক্ত ছাত্ৰীগৰাকীয়ে বাধ্য হৈহে চিমলাৰ যুৱকজনলৈ এই ভিডিঅ’ সমূহ প্ৰেৰণ কৰিছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু