--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চণ্ডিগড় বিশ্ববিদ্যালয়ৰ ৬০ গৰাকী ছাত্ৰীয়ে স্নান কৰি থকাৰ দৃশ্য ইন্টাৰনেটত ভাইৰেল হোৱাৰ পিছত উত্তাল হৈ পৰিছে একাংশ লোক৷ এই অস্বাভাৱিক ঘটনাই সকলোকে বিস্মিত কৰি তুলিছে৷ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে পঞ্জাৱৰ শিক্ষা মন্ত্ৰী হৰজোত সিং বেইন্সে সকলোকে শান্ত হ'বলৈ ৰাজহুৱা আহ্বান জনাইছে ৷ আনকি এই ভিডিঅ’ ইণ্টাৰনেটত সম্প্ৰচাৰিত হোৱাৰ পিছতে  চণ্ডিগড় বিশ্ববিদ্যালয় চৌহদত এক বৃহৎ প্ৰতিবাদ আৰম্ভ হৈছিল।

শিক্ষাৰ্থীসকলক শান্ত হৈ থাকিবলৈ আৰু সংবাদ মাধ্যমক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে,  বিষয়টো যথেষ্ট সংবেদনশীল আৰু আমাৰ ভগ্নী আৰু কন্যাসকলৰ  মৰ্যাদাৰ সৈতে জড়িত হৈ আছে। মন্ত্ৰীগৰাকীয়ে টুইট যোগে কয়, "মই নম্ৰতাৰে চণ্ডিগড় বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থীক শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছো, কোনো  দোষীক ৰক্ষা কৰা নহ'ব।" 

এই ৬০ গৰাকী আছিল বিশ্ববিদ্যালয়খনৰে হোষ্টেলৰ নিৱাসী  ৷ এই ভিডিঅ’  ইণ্টাৰনেটত উপলব্ধ আৰু ভাইৰেল হৈ থকা দেখা পোৱাৰ পিছত বিশ্ববিদ্যালয় চৌহদত বিশৃংখলতাৰ সৃষ্টি হয়। জানিব পৰা মতে,  বিশ্ববিদ্যালয়খনৰে  এগৰাকী ছাত্ৰীয়ে সেই ভিডিঅ'বোৰ তৈয়াৰ কৰিছিল আৰু সেইবোৰ চিমলাৰ এজন যুৱকলৈ  পঠিয়াইছিল যিয়ে সেই ভিডিঅ'বোৰ ইণ্টাৰনেটত আপলোড কৰিছিল। এনে ধৰণৰ প্ৰায় ৬০  টা ভিডিঅ' লিক হৈছিল, এইটো দাবী কৰা হৈছে। অভিযুক্তজনে স্পষ্টভাৱে স্বীকাৰ কৰিছিল যে আন ছোৱালী আৰু হোষ্টেল কৰ্তৃপক্ষৰ অনুমতি অবিহনেই এই ভিডিঅ’ সমূহ প্ৰস্তুত কৰা হৈছিল । 

আন কিছু সূত্ৰ  অনুসৰি, হোষ্টেল কৰ্তৃপক্ষই ঘটনাটো দমন কৰিব বিচাৰিছিল আৰু আনফালে,এনে ভিডিঅ’ ভাইৰেল হোৱা বাবে বহু ছাত্ৰীয়ে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল৷ অভিযুক্তগৰাকীক   সকলো শিক্ষাৰ্থীয়ে গৃহবন্দী কৰি ৰাখিছিল৷আৰু বিশ্ববিদ্যালয়  চৌহদত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত  কৰিছিল৷  এই প্ৰতিবাদৰ পিছতহে  আৰক্ষীয়ে আহি অভিযুক্ত ছাত্ৰীগৰাকীক  গ্ৰেপ্তাৰ কৰিছিল।

মোহালি এছ এছ পিয়ে এই  ভিডিঅ' সন্দৰ্ভত কয় যে, এই ভিডিঅ’টো এগৰাকী ছাত্ৰীৰ দ্বাৰা প্ৰচাৰিত হৈ আছে। বিষয়টোৰ সমাধান বিচাৰি এখন  এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে ,এই ঘটনাৰ সৈতে সম্পৰ্কিত কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই। ”ইয়াৰোপৰি তেওঁ  উৰাবাতৰি বিয়পোৱাৰ ক্ষেত্ৰত সকলোকে সাৱধান হ’বলৈ আহ্বান জনায়।  


 বৰ্তমান ছাত্ৰীসকলৰ শাৰীৰিক-মানসিক অৱস্থা সম্পৰ্কে পৰীক্ষা কৰা হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱা হৈছে৷ পঞ্জাৱ মহিলা আয়োগৰ অধ্যক্ষা মনীষা গুলাটিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক  অভিযুক্তক উচিত শাস্তি প্ৰদান কৰাৰ আশ্বাস দিয়ে৷ আনফালে অভিযুক্ত ছাত্ৰীগৰাকীয়ে বাধ্য হৈহে চিমলাৰ যুৱকজনলৈ এই ভিডিঅ’ সমূহ প্ৰেৰণ কৰিছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement