--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিফ্টত উঠোতে সাৱধান। সময়ে সময়ে লিফ্টত দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পঢ়িবলৈ পোৱা যায়। আজিকালি ডাঙৰ ডাঙৰ বিল্ডিঙত লিফ্ট থাকেই। মানুহেও চিৰি বগাবলৈ টান পাই লিফ্টৰ সুবিধা গ্ৰহণ কৰে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ কিছুমান উদ্ভাৱন আমাৰ বাবে আশীৰ্বাদ যদিও কেতিয়াবা যেন সেই আশীৰ্বাদেই আমাৰ বাবে অভিশাপ হৈ পৰে। শেহতীয়াকৈ সংঘটিত হোৱা দুটাকৈ লিফ্টৰ দুৰ্ঘটনাই মানুহক চিন্তিত কৰি তুলিছে। 

শুকুৰবাৰে মুম্বাইৰ মালাদৰ এখন বিদ্যালয়ত লিফ্টত আবদ্ধ হৈ মৃত্যুক সাৱটি লয় জেনেল ফাৰ্ণাণ্ডেজ নামৰ ২৬ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীয়ে। লিফ্টত গুৰুতৰভাৱে আহত জেনেল ফাৰ্ণাণ্ডেজক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়। মুম্বাইৰ মালাদ পশ্চিমৰ চিনচোলী গেটৰ সমীপত অৱস্থিত ছেইণ্ট মেৰীজ ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

বিদ্যালয় ভৱনৰ ষষ্ঠ মহলাত দুপৰীয়া এক বজাত জেনেলে ক্লাছ শেষ কৰি দ্বিতীয় মহলাত অৱস্থিত ষ্টাফ ৰুমলৈ যাব বিচাৰিছিল। গতিকে লিফ্টত উঠি তেওঁ লিফ্টৰ বুটাম টিপিলে। কিন্তু লিফ্টৰ দুৱাৰ বন্ধ হোৱাৰ আগতেই লিফ্ট ওপৰলৈ গতি কৰিলে। এনে অৱস্থাত তেওঁৰ এখন ভৰি লিফ্টৰ বাহিৰত আৰু আনখন ভৰি ভিতৰত থাকিল। এটা ভৰি লিফ্টত থ’লে যদিও শৰীৰটো সম্পূৰ্ণৰূপে প্ৰৱেশ কৰাৰ আগতে লিফ্টখন চলিবলৈ আৰম্ভ কৰে। এনে হোৱাৰ বাবে শিক্ষয়িত্ৰীগৰাকী লিফ্ট আৰু লিফ্টৰ কাষৰ বেৰৰ মাজত আবদ্ধ হৈ পৰে। লিফ্টত আবদ্ধ হোৱাৰ পিছত তেওঁ সহায়ৰ বাবে চিঞৰিছিল। চিঞৰ শুনি স্কুলৰ শিক্ষক আৰু কৰ্মচাৰীসকলে লিফ্টৰ ফালে দৌৰি গ’ল, তেতিয়ালৈকে জেনেল ফাৰ্ণাণ্ডেজ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। লগে লগে তেওঁক বিদ্যালয়ৰ কৰ্মচাৰীয়ে ওচৰৰ লাইফলাইন হাস্পতাললৈ লৈ যায় কিন্তু চিকিৎসালয়খনৰ চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে।

ইয়াৰ লগতে গুজৰাটৰ চুৰাটতো ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ চুৰাটৰ পাণ্ডেচাৰা অঞ্চলৰ বামৰোলীত ১৪ মহলা অট্টালিকাৰ লিফ্ট মেৰামতি কৰোঁতে লিফ্টসহ বাগৰি অহা ২ গৰাকী লোকৰ মৃত্যু হয় আৰু 8 গৰাকী লোক গুৰুতৰভাৱে আহত হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু