--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিফ্টত উঠোতে সাৱধান। সময়ে সময়ে লিফ্টত দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পঢ়িবলৈ পোৱা যায়। আজিকালি ডাঙৰ ডাঙৰ বিল্ডিঙত লিফ্ট থাকেই। মানুহেও চিৰি বগাবলৈ টান পাই লিফ্টৰ সুবিধা গ্ৰহণ কৰে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ কিছুমান উদ্ভাৱন আমাৰ বাবে আশীৰ্বাদ যদিও কেতিয়াবা যেন সেই আশীৰ্বাদেই আমাৰ বাবে অভিশাপ হৈ পৰে। শেহতীয়াকৈ সংঘটিত হোৱা দুটাকৈ লিফ্টৰ দুৰ্ঘটনাই মানুহক চিন্তিত কৰি তুলিছে। 

শুকুৰবাৰে মুম্বাইৰ মালাদৰ এখন বিদ্যালয়ত লিফ্টত আবদ্ধ হৈ মৃত্যুক সাৱটি লয় জেনেল ফাৰ্ণাণ্ডেজ নামৰ ২৬ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীয়ে। লিফ্টত গুৰুতৰভাৱে আহত জেনেল ফাৰ্ণাণ্ডেজক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়। মুম্বাইৰ মালাদ পশ্চিমৰ চিনচোলী গেটৰ সমীপত অৱস্থিত ছেইণ্ট মেৰীজ ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

বিদ্যালয় ভৱনৰ ষষ্ঠ মহলাত দুপৰীয়া এক বজাত জেনেলে ক্লাছ শেষ কৰি দ্বিতীয় মহলাত অৱস্থিত ষ্টাফ ৰুমলৈ যাব বিচাৰিছিল। গতিকে লিফ্টত উঠি তেওঁ লিফ্টৰ বুটাম টিপিলে। কিন্তু লিফ্টৰ দুৱাৰ বন্ধ হোৱাৰ আগতেই লিফ্ট ওপৰলৈ গতি কৰিলে। এনে অৱস্থাত তেওঁৰ এখন ভৰি লিফ্টৰ বাহিৰত আৰু আনখন ভৰি ভিতৰত থাকিল। এটা ভৰি লিফ্টত থ’লে যদিও শৰীৰটো সম্পূৰ্ণৰূপে প্ৰৱেশ কৰাৰ আগতে লিফ্টখন চলিবলৈ আৰম্ভ কৰে। এনে হোৱাৰ বাবে শিক্ষয়িত্ৰীগৰাকী লিফ্ট আৰু লিফ্টৰ কাষৰ বেৰৰ মাজত আবদ্ধ হৈ পৰে। লিফ্টত আবদ্ধ হোৱাৰ পিছত তেওঁ সহায়ৰ বাবে চিঞৰিছিল। চিঞৰ শুনি স্কুলৰ শিক্ষক আৰু কৰ্মচাৰীসকলে লিফ্টৰ ফালে দৌৰি গ’ল, তেতিয়ালৈকে জেনেল ফাৰ্ণাণ্ডেজ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। লগে লগে তেওঁক বিদ্যালয়ৰ কৰ্মচাৰীয়ে ওচৰৰ লাইফলাইন হাস্পতাললৈ লৈ যায় কিন্তু চিকিৎসালয়খনৰ চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে।

ইয়াৰ লগতে গুজৰাটৰ চুৰাটতো ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ চুৰাটৰ পাণ্ডেচাৰা অঞ্চলৰ বামৰোলীত ১৪ মহলা অট্টালিকাৰ লিফ্ট মেৰামতি কৰোঁতে লিফ্টসহ বাগৰি অহা ২ গৰাকী লোকৰ মৃত্যু হয় আৰু 8 গৰাকী লোক গুৰুতৰভাৱে আহত হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ