--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যোতিষীগৰাকীৰ নাম নিধি চৌধুৰী ।  নেটিজেনৰ মাজত তেওঁ বেছ জনপ্ৰিয়।  অলপতে তেওঁ এটা ভিডিঅ'ৰ বাবে ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো নিধি চৌধুৰীয়ে ব্লাউজ নিপিন্ধাকলৈ বহু নেটিজেনে  আপত্তি কৰিছে।মহিলা জ্যোতিষীগৰাকীয়ে ব্লাউজ নিপিন্ধাকৈ ভিডিঅ’ কৰাৰ বাবে নেটিজেনে  দান সংগ্ৰহ কৰি  তোওঁক ধনো দিছে। যাতে তেওঁ ব্লাউজ এটা কিনি পিন্ধিব পাৰে!

শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হোৱা জ্যোতিষীগৰাকীৰ  এটা ভিডিঅ'ত  তেওঁ শনিৰ দশা  দূৰ কৰিবলৈ  কি কৰিব লাগে তাৰ উপায় বৰ্ণনা কৰিছিল। অৱশ্যে, বিতৰ্কৰ কাৰণ তেওঁৰ বক্তব্য নহয়। টুইটাৰ ব্যৱহাৰকাৰীসকলে জ্যোতিষীগৰাকীৰ পোছাককলৈহে আপত্তি দৰ্শাইছে। তেওঁ খোলা চুলিৰ সৈতে নীলা শাৰী পিন্ধি ছিল যদিও   ব্লাউজপৰিধান কৰা কোনেও দেখা নাছিল। ভিডিঅ’টোত  দৃশ্যমান হৈছে তেওঁৰ অনাবৃত কান্ধ, হাত, তেওঁৰ ডিঙিৰ তলৰ কিছু অংশ। বহুলোকে জ্যোতিষীগৰাকীক সুধিছে- " আপোনাৰ ব্লাউজ ক'ত !"



জ্যোতিষী  নিধিয়ে নিজকে এগৰাকী জীৱনশৈলী বিশেষজ্ঞ  ফেশ্বন বিশেষজ্ঞ হিচাপেও পৰিচয় দিয়ে। অৱশ্যে, তেওঁ ভাবিবই পৰা নাছিল  যে তেওঁৰ ফেশ্বনে টুইটাৰত লোকসকলক অসন্তুষ্ট  কৰি তুলিব। তেওঁক ব্লাউজ কিনিবলৈ টুইটাৰত ধন সংগ্ৰহ কৰা আৰম্ভ কৰাৰ বিষয়ে জানিব পাৰি নিধিয়ে কয় , "আপোনালোকৰ মিম টো দেখি মই বহুত হাঁহিছো। কিন্তু মই ভাবি আচৰিত হৈছো যে আপোনালোকৰ জীৱনৰ বহু  সমস্যাৰ মাজতো  মোৰ ব্লাউজৰ বিষয়ে ভাবিবলৈ আপোনালোকে সময় পাইছে! মই আপোনালোকক কওঁ যে মই ব্লাউজ পিন্ধি আছিলো। অৱশ্যে, ব্লাউজটোৰ এটা কান্ধহে আছিল। অৰ্থাৎ, এটা কান্ধ খোলা আছিল। "

নেটিজেনে তেওঁক ব্লাউজ কিনিবলৈ  বাবে কিমান টকা দিছে  সেই তথ্য দাঙি ধৰি  নিধিয়ে কয়, "বহুলোকে টকা পঠিয়াইছে। অৱশ্যে, তেওঁলোকৰ বেছিভাগেই  এটকাকৈ দিছে। মোৰ হাতলৈ  ১৩০০-১৪০০ মান টকা আহিছে। ''

ভাইৰেল ভিডিঅ'টোত, নিধিয়ে দৰিদ্ৰ লোকসকলক শনিৰ দশা  দূৰ কৰিবলৈ   পৰামৰ্শ দিছিল। এজন ব্যৱহাৰকাৰীয়ে টুইটাৰত লিখিছিল, "আপোনাক দেখি মই বৰ দুখ অনুভৱ কৰিছো। আপুনি আপোনাৰ বেঙ্ক একাউণ্ট নম্বৰ দিব, মই আপোনাক কিবা এটা সহায় কৰিম। ভাব হৈছে আপুনি বৰ দুখীয়া"।  ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিধিয়ে তেওঁৰ অনলাইন লেনদেনৰ আইডিও প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ