--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যোতিষীগৰাকীৰ নাম নিধি চৌধুৰী ।  নেটিজেনৰ মাজত তেওঁ বেছ জনপ্ৰিয়।  অলপতে তেওঁ এটা ভিডিঅ'ৰ বাবে ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো নিধি চৌধুৰীয়ে ব্লাউজ নিপিন্ধাকলৈ বহু নেটিজেনে  আপত্তি কৰিছে।মহিলা জ্যোতিষীগৰাকীয়ে ব্লাউজ নিপিন্ধাকৈ ভিডিঅ’ কৰাৰ বাবে নেটিজেনে  দান সংগ্ৰহ কৰি  তোওঁক ধনো দিছে। যাতে তেওঁ ব্লাউজ এটা কিনি পিন্ধিব পাৰে!

শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হোৱা জ্যোতিষীগৰাকীৰ  এটা ভিডিঅ'ত  তেওঁ শনিৰ দশা  দূৰ কৰিবলৈ  কি কৰিব লাগে তাৰ উপায় বৰ্ণনা কৰিছিল। অৱশ্যে, বিতৰ্কৰ কাৰণ তেওঁৰ বক্তব্য নহয়। টুইটাৰ ব্যৱহাৰকাৰীসকলে জ্যোতিষীগৰাকীৰ পোছাককলৈহে আপত্তি দৰ্শাইছে। তেওঁ খোলা চুলিৰ সৈতে নীলা শাৰী পিন্ধি ছিল যদিও   ব্লাউজপৰিধান কৰা কোনেও দেখা নাছিল। ভিডিঅ’টোত  দৃশ্যমান হৈছে তেওঁৰ অনাবৃত কান্ধ, হাত, তেওঁৰ ডিঙিৰ তলৰ কিছু অংশ। বহুলোকে জ্যোতিষীগৰাকীক সুধিছে- " আপোনাৰ ব্লাউজ ক'ত !"



জ্যোতিষী  নিধিয়ে নিজকে এগৰাকী জীৱনশৈলী বিশেষজ্ঞ  ফেশ্বন বিশেষজ্ঞ হিচাপেও পৰিচয় দিয়ে। অৱশ্যে, তেওঁ ভাবিবই পৰা নাছিল  যে তেওঁৰ ফেশ্বনে টুইটাৰত লোকসকলক অসন্তুষ্ট  কৰি তুলিব। তেওঁক ব্লাউজ কিনিবলৈ টুইটাৰত ধন সংগ্ৰহ কৰা আৰম্ভ কৰাৰ বিষয়ে জানিব পাৰি নিধিয়ে কয় , "আপোনালোকৰ মিম টো দেখি মই বহুত হাঁহিছো। কিন্তু মই ভাবি আচৰিত হৈছো যে আপোনালোকৰ জীৱনৰ বহু  সমস্যাৰ মাজতো  মোৰ ব্লাউজৰ বিষয়ে ভাবিবলৈ আপোনালোকে সময় পাইছে! মই আপোনালোকক কওঁ যে মই ব্লাউজ পিন্ধি আছিলো। অৱশ্যে, ব্লাউজটোৰ এটা কান্ধহে আছিল। অৰ্থাৎ, এটা কান্ধ খোলা আছিল। "

নেটিজেনে তেওঁক ব্লাউজ কিনিবলৈ  বাবে কিমান টকা দিছে  সেই তথ্য দাঙি ধৰি  নিধিয়ে কয়, "বহুলোকে টকা পঠিয়াইছে। অৱশ্যে, তেওঁলোকৰ বেছিভাগেই  এটকাকৈ দিছে। মোৰ হাতলৈ  ১৩০০-১৪০০ মান টকা আহিছে। ''

ভাইৰেল ভিডিঅ'টোত, নিধিয়ে দৰিদ্ৰ লোকসকলক শনিৰ দশা  দূৰ কৰিবলৈ   পৰামৰ্শ দিছিল। এজন ব্যৱহাৰকাৰীয়ে টুইটাৰত লিখিছিল, "আপোনাক দেখি মই বৰ দুখ অনুভৱ কৰিছো। আপুনি আপোনাৰ বেঙ্ক একাউণ্ট নম্বৰ দিব, মই আপোনাক কিবা এটা সহায় কৰিম। ভাব হৈছে আপুনি বৰ দুখীয়া"।  ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিধিয়ে তেওঁৰ অনলাইন লেনদেনৰ আইডিও প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু