--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আপুনি নিশ্চয় ভাবিছে যে এনে লেতেৰা জিন্সৰ দাম লাখ লাখ টকা কেনেকৈ হ’ব পাৰে। দৰাচলতে মানুহে বজাৰ কৰিবলৈ গ’লে যিকোনো কাপোৰত যদি এটা দাগ দেখা পায়, তেন্তে সেই কাপোৰ সলনি কৰি লয়। কিন্তু এই জিন্সটোৰ ইমান বিশেষত্ব আছে?

 সবিশেষ কথাটো কি?

জিন্স যিয়েই নহওক কিয়, কমেও এহাজাৰ টকাৰ পৰা সৰ্বাধিক ৩০ হাজাৰ টকাপৰ্যন্ত হ’ব। কিন্তু এই জিন্সটো লাখ লাখ টকাত নিলাম কৰা হৈছিল কাৰণ এই ভিনটেজ জিন্সটো ১৮৮০ চনত আমেৰিকাৰ এটা নিৰ্জন খনিৰ পৰা উদ্ধাৰ হৈছিল। বহু বছৰ পাৰ হোৱাৰ পাছতো আজিও অক্ষুণ্ণ অৱস্থাত আছে জিন্সটো।

 ৬২ লাখ টকাত বিক্ৰী-

১ অক্টোবৰত ৬২ লাখ টকাত নিলাম কৰা হৈছিল এই বিশেষ জিন্সটো। জিন্সটো কাইল হাউপাৰ্ট আৰু জিপ ষ্টিভেনছনে দুয়ো একেলগে কিনিছিল। অৱশ্যে হপাৰ্টে ৯০% নিবিদাৰ পৰিশোধ কৰিছিল। এই জিন্স ক্ৰেতাসকলে ভাবে যে তেওঁলোকে ইয়াক অধিক দামত বিক্ৰী কৰিবলৈ সক্ষম হ’ব। স্মৰ্তব্য যে এই জিন্সটো লেভি ষ্ট্ৰাউছ  (Levi Strauss) ব্ৰেণ্ডৰ আছিল।

 বহু পুৰণি আছিল এই জিন্স-

ডেনিম জিন্সৰ বাবেই লেভিছ ব্ৰেণ্ড বিশ্বত অতি জনপ্ৰিয়। জিন্সটো ‘গোল্ড ৰাছ’ যুগৰ, অৰ্থাৎ ইয়াৰ কঁকালৰ বেণ্ডত এটা ছাচপেণ্ডাৰ বুটাম আৰু বেক পকেটও আছে। এই কাহিনী ভাইৰেল হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। এই জিন্সৰ বাবে কোনোৱে টকা খৰচ কৰাৰ পক্ষত আছে আৰু কোনোৱে ইয়াৰ বিৰোধিতা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা