--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাৰমাণৱিক অস্ত্ৰৰ বিষয়ত ভাৰতক প্ৰশ্ন কৰক! আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে পাকিস্তানক বিশ্বৰ অন্যতম বিপজ্জনক দেশ হিচাপে আখ্যা দিয়াৰ কিছু পাছতে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশখনে।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ ভাৰতকো সাঙুৰি ল’লে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জৰ্দাৰীয়ে। সাংবাদিকক কয় যে এখন দেশৰ পাৰমাণৱিক শক্তিৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই যদি চিন্তা কৰে, তেন্তে ভাৰতক সাঙুৰি লওক।

উল্লেখযোগ্য যে পাকিস্তানক বিশ্বৰ অন্যতম বিপজ্জনক দেশ হিচাপে আখ্যা দি বিডেনে কৈছিল যে দেশখনে পাৰমাণৱিক শক্তিক অনাৱশ্যকীয় কামত ব্যৱহাৰ কৰি আছে। বিডেনৰ এই মন্তব্যই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও বিডেনৰ মন্তব্যক চোকা সমালোচনা কৰিছিল।

এই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী জৰ্দাৰীয়ে কয় যে কিছুদিন পূৰ্বে পাকিস্তানৰ মাটিত ভুলবসতঃ ভাৰতৰ ব্ৰহ্মছ মিছাইল আহি পৰিছিল। ভাৰতৰ এই কাণ্ড সম্পৰ্কে তেওঁ বিডেনৰ দৃষ্টিগোচৰ কৰে।

জৰ্দাৰীয়ে আৰু কয় যে সম্ভৱতঃ বিডেনে ভুলবসতঃ পাকিস্তানৰ নাম লৈছে। যদি বিষয়টো সম্পৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো প্ৰশ্ন থাকে, তেন্তে পাকিস্তানৰ স’তে আলোচনাৰ প্ৰয়োজন আছিল বুলিও তেওঁ কয়।

“মই ভাবো, কূটনৈতিক ক্ষেত্ৰত আমি সম্পূৰ্ণ সহযোগিতা কৰি আহিছো। ভৱিষ্যতেও এনেধৰণে আগবাঢ়ি যাব বিচাৰো।”- জৰ্দাৰীয়ে কয়- “যদি পাৰমাণৱিক অস্ত্ৰ সম্পৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো প্ৰশ্ন থাকে, তেন্তে পাকিস্তানে আলোচনা কৰিবলৈ সদায়েই প্ৰস্তুত।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক