--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাৰমাণৱিক অস্ত্ৰৰ বিষয়ত ভাৰতক প্ৰশ্ন কৰক! আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে পাকিস্তানক বিশ্বৰ অন্যতম বিপজ্জনক দেশ হিচাপে আখ্যা দিয়াৰ কিছু পাছতে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশখনে।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ ভাৰতকো সাঙুৰি ল’লে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জৰ্দাৰীয়ে। সাংবাদিকক কয় যে এখন দেশৰ পাৰমাণৱিক শক্তিৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই যদি চিন্তা কৰে, তেন্তে ভাৰতক সাঙুৰি লওক।

উল্লেখযোগ্য যে পাকিস্তানক বিশ্বৰ অন্যতম বিপজ্জনক দেশ হিচাপে আখ্যা দি বিডেনে কৈছিল যে দেশখনে পাৰমাণৱিক শক্তিক অনাৱশ্যকীয় কামত ব্যৱহাৰ কৰি আছে। বিডেনৰ এই মন্তব্যই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও বিডেনৰ মন্তব্যক চোকা সমালোচনা কৰিছিল।

এই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী জৰ্দাৰীয়ে কয় যে কিছুদিন পূৰ্বে পাকিস্তানৰ মাটিত ভুলবসতঃ ভাৰতৰ ব্ৰহ্মছ মিছাইল আহি পৰিছিল। ভাৰতৰ এই কাণ্ড সম্পৰ্কে তেওঁ বিডেনৰ দৃষ্টিগোচৰ কৰে।

জৰ্দাৰীয়ে আৰু কয় যে সম্ভৱতঃ বিডেনে ভুলবসতঃ পাকিস্তানৰ নাম লৈছে। যদি বিষয়টো সম্পৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো প্ৰশ্ন থাকে, তেন্তে পাকিস্তানৰ স’তে আলোচনাৰ প্ৰয়োজন আছিল বুলিও তেওঁ কয়।

“মই ভাবো, কূটনৈতিক ক্ষেত্ৰত আমি সম্পূৰ্ণ সহযোগিতা কৰি আহিছো। ভৱিষ্যতেও এনেধৰণে আগবাঢ়ি যাব বিচাৰো।”- জৰ্দাৰীয়ে কয়- “যদি পাৰমাণৱিক অস্ত্ৰ সম্পৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো প্ৰশ্ন থাকে, তেন্তে পাকিস্তানে আলোচনা কৰিবলৈ সদায়েই প্ৰস্তুত।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা